নিউজ ডেস্ক, 15 নৱেম্বৰ : মহাৰাষ্ট্ৰৰ গড়চিৰোলী এনকাউণ্টাৰক ভুৱা বুলি অভিহিত কৰি এই এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী জনাইছে ভদ্ৰাদ্ৰী কোঠাগুদেম আৰু পূৱ গোদাৱৰী জিলা মাওবাদী শাখা সমিতিয়ে ৷ সমিতিয়ে এখন পত্ৰযোগে এই দাবী কৰি চৰকাৰে মাওবাদী আন্দোলনক দমন কৰিবলৈ চেষ্টা কৰি আছে আৰু এই আন্দোলন সমাপ্তিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ।

পত্ৰখনত দাবী কৰা হৈছে যে এই আক্ৰমণ মাওবাদী আন্দোলনৰ বিৰুদ্ধে কৰা অভিযানৰ অংশ ৷ ছত্তীশগড় আৰু গড়চিৰোলীৰ জনজাতীয় অঞ্চলসমূহৰ বিশাল প্ৰাকৃতিক সম্পদ শোষণত মাওবাদীসকলে বাধা প্ৰদান কৰি অহাৰ বাবেই তেওঁলোকৰ ওপৰত এই আক্ৰমণ কৰা হৈছে ৷
পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে, এই সংঘৰ্ষৰ বাবে তেলেংগানা, মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়ৰ চৰকাৰ দায়ী ৷ তেওঁলোকে অঞ্চলটোৰ পৰা চি আৰ পি এফ আৰু বিশেষ বাহিনীক তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাই এই আক্ৰমণৰ বাবে দোষীসকলে উচিত ফল ভোগ কৰিব লাগিব বুলি হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, শনিবাৰে মহাৰাষ্ট্ৰ-ছত্তিশগড় সীমান্তৰ গড়চিৰোলী জিলাৰ ধানোৰা তালুকত মহাৰাষ্ট্ৰ আৰক্ষীৰ চি-৬০ গোটৰ সৈতে সংঘৰ্ষত প্ৰায় ২৬ জন মাওবাদী নিহত হয় । এই এনকাউণ্টাৰত আৰক্ষীৰ হাতত নিহত হয় শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে ।
লগতে পঢ়ক : নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে