ETV Bharat / bharat

Kaimur Bus Accident : গয়াৰ পৰা পিণ্ডদানৰ পিছত উভতাৰ পথত বাছ দুৰ্ঘটনা; এজন নিহত, আহত বহু লোক

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 1:26 PM IST

গয়াৰ পৰা বাৰাণসীলৈ উভতি অহা বাছ এখন কাইমুৰত দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত এগৰাকী মহিলাৰ ঘটনাস্থলীত মৃত্যু হয় । আনহাতে, ৯ জন লোক গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে, বাছখনৰ যাত্ৰীসকল উত্তৰ প্ৰদেশৰ বদাউন জিলাৰ । তেওঁলোক বিহাৰৰ গয়ালৈ পিণ্ডদানৰ বাবে গৈছিল ।

Kaimur Bus Accident
Kaimur Bus Accident

নিউজ ডেস্ক, ৪ অক্টোবৰ : বিহাৰৰ কাইমুৰৰ বিষ্ণুপদ মন্দিৰৰ পৰা উভতি অহাৰ সময়ত তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ দুৰ্ঘটনাত পতিত হয় । আৰক্ষীৰ সূত্ৰ অনুসৰি, বাৰাণসীৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখন এখন ৰখি থকা ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষৰ ফলত এগৰাকী মহিলা থিতাতে নিহত হয় আৰু আন ৯ জন লোক গুৰুতৰভাৱে আহত হয় । আহতসকলক স্থানীয় চৰকাৰী হস্পিটেলত ভৰ্তি কৰোৱা হয় । তাৰ পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাটো কাইমুৰৰ দুৰ্গাৱতী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দুই নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাহমুদগঞ্জৰ ওচৰত সংঘটিত হয় । বাছখনত ৬০-৬৫ জন তীৰ্থযাত্ৰী আছিল বুলি জানিব পৰা গৈছে । বাছচালকজনৰ টোপনিৰ বাবেই ৰখি থকা ট্ৰাকখনত খুন্দা মাৰে বুলি অনুমান কৰা হৈছে । ইয়াৰ পিছত যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগি পৰে । আনহাতে, দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে দুৰ্গাৱতী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বহু লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে । কিন্তু এগৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু ৯ জন লোক গুৰুতৰভাৱে আহত হয় । এই সংঘৰ্ষ ইমানেই শক্তিশালী আছিল যে বাছখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় ।

আহতসকলক উন্নত চিকিৎসাৰ বাবে দুৰ্গাৱতী পিএইচচি আৰু মোহনিয়া সংমণ্ডলীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনা সন্দৰ্ভত আহত মিতেশ কুমাৰ শৰ্মাই কয় যে তেওঁলোক সকলোৱে উত্তৰ প্ৰদেশৰ বদাউন জিলাৰ বাসিন্দা । তেওঁলোকে গয়াৰ পৰা উভতি আহিছিল ।

"গয়াৰ পৰা পিণ্ডদান কৰি আমি সকলোৱে ঘৰলৈ উভতি আহি আছিলোঁ । পুৱা প্ৰায় ৩ বজাত বাছচালকজনৰ টোপনি যায় আৰু সন্মুখত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে । যাৰ ফলত বাছখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় । এগৰাকী মহিলাৰ মৃত্যু হৈছে । আনহাতে, বহু লোক আহত হৈছে ।" অখিলেশ কুমাৰ নামৰ এগৰাকী তীৰ্থযাত্ৰীয়ে কয় ।

লগতে পঢ়ক :Violence-hit Manipur: হিংসাজৰ্জৰ মণিপুৰত অব্যাহত প্ৰতিবাদ; চূড়াচান্দপুৰ স্তব্ধ জনজীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.