ETV Bharat / bharat

Tehri Landslide Update: উত্তৰাখণ্ডৰ তেহৰীত ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ ৪ জন লোকৰ মৃত্যু - তেহৰী

তেহৰীত সংঘটিত হৈছে এক দুৰ্ঘটনা । পাৰ্কিং স্থানত ওপৰৰ পাহাৰৰ পৰা বিপুল পৰিমাণৰ ধ্বংসাৱশেষ পৰি যায় । যাৰ ফলত ৰখাই যোৱা বাহন পোত খাই যায় । ধ্বংসাৱশেষৰ তলত সোমাই যোৱাত ইতিমধ্যে ৪ জন লোকৰ মৃত্যু ঘটিছে ৷

Tehri Landslide Update
তেহৰীত ভূমিস্খলন
author img

By

Published : Aug 21, 2023, 9:57 PM IST

নেশ্যনেল ডেস্ক, 21 আগষ্ট : উত্তৰাখণ্ডৰ পাহাৰীয়া জিলা তেহৰীত সংঘটিত হৈছে এক দুৰ্ঘটনা । তেহৰী জিলাৰ চাম্বাত পাৰ্কিং লটৰ ওপৰত পাহাৰৰ পৰা অকস্মাতে ধ্বংসাৱশেষ বাগৰি পৰে । ফলত তাত ৰখাই যোৱা বহু বাহন পোত খাই যায় । এখন গাড়ীত থকা তিনিজন লোকৰ লগতে আৰু এজন লোক ধ্বংসাৱশেষৰ তলত সোমাই যায় । ঘণ্টাৰ পিছত ঘণ্টা ধৰি উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ ।

  • दिनाँक 21 अगस्त 2023 को थाना चंबा के पास भूस्खलन होने से कुछ लोगों के दबे होने की आशंका पर SDRF टीम द्वारा मौके पर पहुँचकर राहत एवं बचाव कार्य किया जा रहा है। स्थानीय लोगों द्वारा मलबे में 2 या 3 बच्चे दबे होने की आशंका जताई जा रही है। जेसीबी द्वारा मौके पर मलबा हटाया जा रहा है। pic.twitter.com/nycB84a8UD

    — SDRF Uttarakhand Police (@uksdrf) August 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দৰাচলতে পাহাৰীয়া ঠাইসমূহত অবিৰতভাৱে বৰষুণ দি আছে । ইয়াৰ বাবে বহু ঠাইত পাহাৰৰ পৰা ধ্বংসাৱশেষ পৰি আছে । শেহতীয়াকৈ তেহৰী জিলাৰ চাম্বা পাৰ্কিং লটৰ ওপৰত পাহাৰৰ পৰা বহু ধ্বংসাৱশেষ পৰি ৰখাই থোৱা বাহ পোত খাই যায় । তথ্য অনুসৰি, তেহৰীৰ বাসিন্দা সুমন খাণ্ডুৰীয়ে পত্নী পুনম, চাৰি বছৰীয়া সন্তান আৰু ভগ্নী সৰস্বতীক গাড়ীত এৰি নিজৰ চুইফট গাড়ীখন পাৰ্কিং লটত ৰখাই কাপোৰ কিনিবলৈ চাম্বা বজাৰ অভিমুখে আগবাঢ়ি যায় । সুমন খাণ্ডুৰী গাড়ীৰ পৰা নামি বজাৰৰ ফালে যাওঁতেই লগে লগে পাহাৰৰ পৰা ধ্বংসাৱশেষ পৰিবলৈ ধৰে ৷ সেই ধ্বংসাৱশেষে তেওঁৰ চুইফট গাড়ীখনো হেঁচা মাৰি ধৰে ৷ পাৰ্কিং লটত ৰখাই থোৱা মেক্স আৰু ৪খন দুচকীয়া বাহনো ধ্বংসাৱশেষৰ ফলত তলত সোমাই যায় ।

  • चम्बा (टिहरी गढ़वाल) थाने के पास टैक्सी पार्किंग में भारी भूस्खलन होने के कारण कुछ लोगों के हताहत होने का दुखद समाचार प्राप्त हुआ है।

    ईश्वर दिवंगत आत्माओं को श्रीचरणों में स्थान एवं शोकाकुल परिजनों को यह कष्ट सहन करने की शक्ति प्रदान करें।

    — Subodh Uniyal (@SubodhUniyal1) August 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দুঘটনাত গাড়ীখনত বহি থকা তিনিওৰে লগতে ধ্বংসাৱশেষত প্ৰকাশ নামৰ আৰু এজন ব্যক্তি পোত খোৱাৰ খবৰ আহি পৰে ৷ ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰা হৈছিল । খবৰ পোৱাৰ লগে লগে, বিদ্যুৎ বিভাগে জিলা দণ্ডাধীশৰ নিৰ্দেশনা অনুসৰি ভূমিস্খলন হোৱা এলেকাত তৎক্ষণাৎ বিদ্যুৎ লাইন বন্ধ কৰি দিয়ে । ৰাজহ বিভাগে ভূমিস্খলন হোৱা স্থানৰ ওচৰৰ ঘৰবোৰ খালী কৰি দিয়ে ।

জিলা দণ্ডাধীশে এছডিএমক ঘৰৰ পৰা উলিয়াই অনা লোকসকলৰ বাবে অস্থায়ী ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে আৰু ডিএছঅ’ক ক্ষতিগ্ৰস্তসকলৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় ৷ ইয়াৰ পিচতে উদ্ধাৰকাৰী দল লগে লগে সেই স্থানত উপস্থিত হয় । কেইবা ঘণ্টা ধৰি চেষ্টা কৰাৰ অন্তত ধ্বংসাৱশেষত পোত খোৱা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয় । জিলা দণ্ডাধীশ ময়ুৰ দীক্ষিতে কৈছিল যে ৬ খন জেচিবি আৰু এছডিআৰএফ, আৰক্ষী আৰু জিলা প্ৰশাসনৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু ৪ টা মৃতদেহ উদ্ধাৰ কৰিছিল । মৃতদেহবোৰ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে বুৰাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

আজি পুৱাৰে পৰা উত্তৰাখণ্ডৰ বহু ঠাইত ভূমিস্খলনৰ খবৰ আহিছে । পুৱা ডেৰাডুনৰ তপকেশ্বৰ মহাদেৱ মন্দিৰ কমপ্লেক্সত সংঘটিত হয় ভূমিস্খলন ৷ ভূমিস্খলনৰ বাবে মন্দিৰ কমপ্লেক্সটো এটা এটাকৈ ভাঙি পৰে । মন্দিৰ চৌহদত থকা লিফ্টৰ এটা খুঁটা ভাঙি যায় । এই দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণ হানি নোহোৱাটো এটা সকাহৰ কথা । আনহাতে, ঋষিকেশৰ সমীপত আজি সংঘটিত হৈছে ভূমিস্খলন । পৌৰী জিলাৰ লক্ষ্মণঝুলা থানা এলেকাতো সংঘটিত হয় ভূমিস্খলন । আনহাতে নীলকান্ত পথৰ খাইৰখালৰ সমীপত ভূমিস্খলনৰ বাবে দীৰ্ঘদিন ধৰি যাতায়ত বন্ধ কৰিবলগীয়া হৈছিল । অৱশ্যে পিছত পথটো মুকলি কৰা হয় ।

লগতে পঢ়ক : Landslide in Arunachal Pradesh: অৰুণাচল প্ৰদেশত ভূমিস্খলনত কথমপি প্ৰাণৰক্ষা বলেৰ’ বাহনৰ চালক-আৰোহীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.