নেশ্যনেল ডেস্ক, ২৭ ছেপ্টেম্বৰ : ৰাজনৈতিক হিংসাই ত্ৰিপুৰাত ভয়াৱহ ৰূপ লোৱাৰ সময়তে এইবাৰ নিজৰ মাজতে বিবাদত লিপ্ত হ'ল কংগ্ৰেছ নেতৃত্ব । বিশেষকৈ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰছৰ নতুন কমিটীক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে কেইবাগৰাকীও নেতাই । ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীৰ দায়িত্ব বীৰজিৎ সিনহাক অৰ্পণ কৰাৰ কেইঘণ্টামানৰ পাছতে ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পূজন বিশ্বাসকে ধৰি কংগ্ৰেছৰ কেইবাজনো কৰ্মকৰ্তাই দল ত্যাগ কৰে । দলৰ শীৰ্ষ নেতৃত্বৰ পৰা নিৰাশাজনক প্ৰতিক্ৰিয়া লাভ কৰাত ক্ষোভিত হৈ পৰিছে নেতৃবৰ্গ ।
![Many leaders quit party after Tripura Congress new committee announced](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-cong_27092021014543_2709f_1632687343_548.jpg)
দলত্যাগী নেতাসকলে জনোৱা মতে, বীৰজিৎ সিনহাৰ নেতৃত্বত কাম কৰি থকাটো তেওঁলোকৰ বাবে কঠিন হ'ব । প্ৰবীণ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী লগতে বিভু দেৱীয়েই হৈছে কংগ্ৰেছৰ নতুন কাৰ্যকৰী সমিতিৰ সৈতে নিজকে আঁতৰাই ৰখা প্ৰথমগৰাকী দলীয় নেত্ৰী । এখন পত্ৰযোগে তেওঁ জনাইছে যে, তেওঁ কংগ্ৰেছত কোনো পদৰ দায়িত্ব লোৱাত আগ্ৰহী নহয় আৰু কংগ্ৰেছত থাকিবলৈও আগ্ৰহী নহয় । দিল্লীৰ পৰা আহি আগৰতলাত উপস্থিত হোৱা ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীৰ বাবে বিভু দেৱীৰ এই পত্ৰখন এক আশ্চৰ্যৰ বিষয় আছিল ।
বিভু দেৱীয়ে কংগ্ৰেছৰ প্ৰচাৰ অভিযানত তেওঁৰ নাম ব্যৱহাৰ নকৰিবলৈ পত্ৰখনৰ জৰিয়তে আনুৰোধ জনায় । তেওঁ উল্লেখ কৰিছে যে, কেতবোৰ বিষয়ে কংগ্ৰেছৰ অগ্ৰগতিত পূৰ্বৰে পৰা বাধাৰ সৃষ্টি কৰি আহিছে ।
বৰ্তমান এই বাধাবোৰেই কংগ্ৰেছৰ পতনৰ পথ প্ৰশস্ত কৰিছে । তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মী আৰু শীৰ্ষ নেতৃত্বৰ মাজতো মতভেদ আহি পৰিছে বুলি তেওঁ জনায় । ইয়াৰ পিছত সন্ধিয়া এখন সংবাদমেল সম্বোধন কৰি ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পূজন বিশ্বাসে কয় যে, ৰাজ্যখনত কংগ্ৰেছৰ বিকাশত বাধা সৃষ্টি কৰা সমস্যাসমূহৰ তেওঁলোকে দলৰ হাইকামাণ্ডক বাৰে বাৰে অৱগত কৰিছে । কিন্তু হাইকামাণ্ডে এই অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদিলে । আনহাতে, নতুন সমিতিত কাৰ্যকৰী সভানেত্ৰী হিচাপে দায়িত্ব লাভ কৰা পূৰ্ণিতা চাকমায়ো দল ত্যাগ কৰিলে । ইফালে, পূজন বিশ্বাসে টিআইপিআৰএ মোথাৰ যুৱ শাখাত যোগদান কৰাৰো সম্ভাৱনা আছে ।
লগতে পঢ়ক:প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে Ayushman Bharat Digital Mission