ETV Bharat / bharat

ক'ভিডত আক্ৰান্ত দিল্লীৰ সৰোজ হাস্পতালৰ চিকিৎসকসহ ৮০ গৰাকী স্বাস্থ্য কৰ্মী

author img

By

Published : May 10, 2021, 12:29 PM IST

ক'ভিড-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসা আগবঢ়াই অৱশেষত নিজেই মহামাৰীৰ কবলত পৰিল দিল্লীৰ সৰোজ হাস্পতালৰ চিকিৎসকসহ ৮০ গৰাকী স্বাস্থ্য কৰ্মী । আনকি, ক'ভিড-১৯ৰ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পিছতো মৃত্যু হল এগৰাকী চিকিৎসকৰ ।

Many medical staff of Saroj hospital found corona positive
ক'ভিডত আক্ৰান্ত দিল্লীৰ সৰোজ হাস্পতালৰ চিকিৎসকসহ বহু স্বাস্থ্য কৰ্মী

নেশ্যনেল ডেস্ক, ১০ মে': বৰ্তমান কৰ'ণাসৃষ্ট সংকটৰ সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মীসকলে । দিনে-নিশা ক'ভিড-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি মহামাৰীৰ কবলত পৰিছে বহু স্বাস্থ্য কৰ্মী । দিল্লীৰ সৰোজ ছুপাৰ স্পেচিয়েলিটি হাস্পতালতো মুঠ ৮০ গৰাকী স্বাস্থ্য কৰ্মী মহামাৰীত আক্ৰান্ত হৈছে ।

ইয়াৰ মাজত আছে কেইবাগৰাকীও চিকিৎসক । আনকি, ক'ভিড-১৯ৰ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পিছতো এগৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে । হাস্পতালখনৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ পি কে ভৰদ্বাজে প্ৰকাশ কৰে যে, শনিবাৰে নিশা ক'ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক এ কে ৰাৱটৰ মৃত্যু হৈছে ।

ৰাৱটে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছিল । কিন্তু প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতো তেওঁ প্ৰাণ হেৰুৱাইছিল । ডাঃ পি কে ভৰদ্বাজে জনোৱা মতে, সৰোজ ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকসহ ৮০ গৰাকী স্বাস্থ্য কৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।

বৰ্তমান মহামাৰীত আক্ৰান্ত কৰ্মচাৰীসকলক চিকিৎসালয়ৰ তৰফৰ পৰা চিকিৎসা সেৱা আগবঢ়োৱা হৈছে । সংক্ৰমিত কৰ্মচাৰীসকলৰ অধিকাংশই হোম আইছ'লেছনত আছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত স্থাপন কৰা হ'ব ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.