ETV Bharat / bharat

Nuh violence: নুহ হিংসাৰ আঁৰত কংগ্ৰেছ বিধায়ক জড়িত থকাৰ দাবী হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:34 PM IST

নুহ হিংসাক লৈ মুখ খুলিলে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৷ এই হিংসাৰ আঁৰত কংগ্ৰেছৰ জড়িত থকাৰ দাবী মুখ্যমন্ত্ৰীৰ ৷ আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ অহাৰ দাবী মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Nuh violence
নুহ হিংসাৰ আঁৰত কংগ্ৰেছ বিধায়ক জড়িত থকাৰ দাবী হৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ৩১ আগষ্ট: হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ আছে ৰাজ্যখনৰ ৰাজনীতি ৷ হৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজৰ পিচত এইবাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এই সন্দৰ্ভত মুখ খুলিছে ৷ মুখ্যমন্ত্ৰী মনোহৰ লালৰ মতে, নুহ হিংসাৰ লগত কংগ্ৰেছ জড়িত । নুহ হিংসাত কংগ্ৰেছ বিধায়কৰ হাত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী খট্টৰে । আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্ত সকলো সত্য পোহৰলৈ আহিব বুলি দাবী মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ ।

ইফালে ফিৰোজপুৰৰ ঝিৰকাৰ কংগ্ৰেছৰ বিধায়ক মমন খানক নুহ হিংসা সন্দৰ্ভত আৰক্ষীয়ে জাননী প্ৰেৰণ কৰিছে । বিধায়ক মমন খানক বৃহস্পতিবাৰে থানাত হাজিৰ হ’বলৈ জাননীত উল্লেখ কৰা হৈছিল । কিন্তু আৰক্ষীৰ জাননী অনুসৰি আজি থানাত হাজিৰ নহ’ল কংগ্ৰেছৰ বিধায়কগৰাকী । ইফালে কংগ্ৰেছ বিধায়ক মমন খানৰ আগমনৰ বাবে অপেক্ষা কৰি থকা অৱস্থাতে থাকিল এছ আই টিৰ দলটো ।

ঝিৰকাৰ কংগ্ৰেছৰ বিধায়ক মমন খানে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত আৰক্ষীৰ আগত হাজিৰ হোৱাত ব্যৰ্থতা দেখুৱায় । তেওঁৰ ভাইৰেল ফেভাৰ হোৱাৰ কথা উল্লেখ কৰি সাক্ষাতৰ বাবে আৰক্ষী পৰা কিছু সময় বিচাৰে ৷ এছ আই টিৰ মুৰব্বী আৰু ফিৰোজপুৰ ঝিৰকাৰ ডিএছপি সতীশ কুমাৰ ভাটছে উল্লেখ কৰে এই কথা ৷

ইফালে মমন খান আৰক্ষীৰ আগত হাজিৰ নোহোৱাত কংগ্ৰেছক লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৷ মমন খানৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া আৰক্ষীৰ কাম বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মমন খান আৰক্ষীৰ ওচৰলৈ যোৱা হ’লে আৰক্ষীয়ে তেওঁৰ পৰা কিছু তথ্য ল’লেহেঁতেন বুলি উল্লেখ কৰে ৷ কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তেওঁ থানাত হাজিৰ নহ’ল, গতিকে এতিয়া এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিব লাগে, সেয়া কেৱল আৰক্ষীয়েহে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী খট্টৰে ।

লগতে পঢ়ক: Nuh Violence : নুহ জিলাত উচ্ছেদ অভিযানত স্থগিতাদেশ হাৰিয়ানা আৰু পঞ্জাব উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.