নেশ্যনেল ডেস্ক,১০ নৱেম্বৰ : দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক শুকুৰবাৰে ৰাউজ এভিনিউৰ আদালতে তেওঁৰ অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিছে । সত্ৰ ন্যায়াধীশ এম কে নাগপালে ছিছোদিয়াক শনিবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ আৰক্ষীৰ তত্বাৱধানত তেওঁৰ বাসগৃহত পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিছে । ছিছোদিয়াই বৃহস্পতিবাৰে আদালতত তেওঁৰ অসুস্থ পত্নীক সাক্ষাৎ কৰাৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছিল । ইয়াৰ পূৰ্বে জুন মাহত উচ্চ ন্যায়ালয়ে ছিছোদিয়াক তেওঁৰ পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিছিল ।
চলিত বছৰৰ অক্টোবৰ মাহত দিল্লীৰ সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় চিবিআইৰ গোচৰত ছিছোদিয়াক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছিল । শুনানিৰ পাছত আদালতে তেওঁৰ ন্যায়িক জিম্মা ২২ নৱেম্বৰলৈ বৃদ্ধি কৰিছিল । উল্লেখ্য যে ৰাউজ এভিনিউ আদালত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিনৰ আবেদন নাকচ কৰাৰ পাছত ছিছোদিয়াই উচ্চতম ন্যায়ালয়ত জামিনৰ আবেদন দাখিল কৰিছিল । যোৱা দুমাহ ধৰি সেই আবেদনৰ শুনানি চলি আছে । একে সময়তে, ইডি আৰু চিবিআইয়েও উচ্চতম ন্যায়ালয়ত ছিছোদিয়াৰ জামিন আবেদনৰ বিৰোধিতা কৰিছে ।
উল্লেখ্য যে মনীষ ছিছোদিয়াক চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। পাছত ইডিয়েও তেওঁক ৯ মাৰ্চত তিহাৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰে । তেতিয়াৰে পৰা মনীষ ছিছোদিয়াক দুয়োটা গোচৰতে তিহাৰ কাৰাগাৰত ৰখা হৈছে । ইফালে, নিম্ন আদালতৰ পৰা উচ্চ ন্যায়ালয়লৈ তেওঁৰ জামিনৰ বাবে আবেদন দাখিলৰ প্ৰক্ৰিয়াও অব্যাহত আছে । এতিয়ালৈকে একেটা গোচৰত বহুতো অভিযুক্তক জামিন দিয়া হৈছে যদিও ছিছোদিয়াই জামিন লাভ কৰা নাই ।
লগতে পঢ়ক :Jitan Ram Manjhi on Nitish Kumar : নীতিশ কুমাৰক খাদ্যত বিষাক্ত পদাৰ্থ দিয়া হৈছে; জিতন ৰাম মাঝি