নেশ্যনেল ডেস্ক,২৮ ফেব্ৰুৱাৰী : চিবিআইয়ে দেওবাৰে নতুন আবকাৰী নীতি কেলেংকাৰী গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পাছত আদালতে তেওঁক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ কৰিছে । লগে লগে মঙলবাৰে চিবিআইয়ে তেওঁক জেৰাও আৰম্ভ কৰিছে । আনহাতে, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে চিছোদিয়া (Manish Sisodia challenged in SC over arrest)। চিছোদিয়াৰ হৈ এখন জৰুৰী শুনানি আবেদন দাখিল কৰা হৈছে আৰু চিছোদিয়াৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছে ।
চিছোদিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আবেদনকাৰীসকলক কয় যে তেওঁলোকৰ ওচৰত আন বিকল্পও আছে, যিবোৰ চিআৰপিচি ৪৮২-ৰ অধীনত উপলব্ধ । সেই বিকল্পবোৰ কিয় নলয় বুলিও আদালতে প্ৰশ্ন কৰে (SC on Sisodia plea)। চিছোদিয়াৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কয় যে বিনোদ দুয়াৰ ক্ষেত্ৰত এনে এখন আবেদনৰ শুনানি হৈছিল । ইফালে আজি আবেলি বা কাইলৈ এই আবেদনখন তালিকাভুক্ত কৰাৰ বাবে আবেদন জনোৱা হৈছে ।
লগতে পঢ়ক:Manish Sisodia arrested: দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ
উল্লেখ্য যে অপৰাধমূলক ষড়যন্ত্ৰ, দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা ৭ আৰু দিল্লী আবকাৰী নীতি গোচৰত প্ৰমাণ ধ্বংসৰ অভিযোগত চিছোদিয়াক চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত জিম্মাত লৈছিল (Delhi Deputy CM Manish Sisodia arrested)। ইয়াৰ পূৰ্বে, চিবিআইয়ে চিছোদিয়াক তিনিখন জাননী প্ৰেৰণ কৰিছিল আৰু তেওঁক সোধা-পোছাৰ বাবে কাৰ্যালয়লৈ মাতি পঠিয়াইছিল । য'ত তেওঁক ৮ ঘণ্টাতকৈও অধিক সময় জেৰা কৰা হৈছিল ।
চিবিআইয়ে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ অভিযোগৰ ওপৰত দিল্লী আবকাৰী নীতি সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল (Delhi liquor scam case)। গোচৰটোত মনীষ চিছোদিয়াকে ধৰি মুঠ ১৫ জন লোকৰ নাম উল্লেখ কৰা হৈছিল । ইয়াৰ লগতে, এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটেও এই কেলেংকাৰী সম্পৰ্কীয় এক গোচৰ ৰুজু কৰিছে য'ত এতিয়ালৈকে ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।
আনহাতে চিবিআইয়ে এই গোচৰটোত ৪ জনক গ্ৰেপ্তাৰ কৰিছে । দুয়োটা সংস্থাই আদালতত তেওঁলোকৰ প্ৰাথমিক অভিযোগনামা দাখিল কৰিছে । জনসম্পৰ্ক কোম্পানীটো চলাই থকা বিজয় নায়াৰ, সমীৰ মহেন্দ্ৰু, অভিষেক বইনপল্লী, বিনয় বাবু, শৰৎ ৰেড্ডী আৰু অমিত অৰোৰাক গ্ৰেপ্তাৰ কৰা হৈছে (Arrested on Delhi liquor scam case)। সমান্তৰালকৈ ৰাজেশ যোশী আৰু শ্ৰীনিবাসলু ৰেড্ডীৰ পুত্ৰ ৰাঘৱ মাগুণ্টাক এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছে ।
লগতে পঢ়ক :CM Manish Sisodia produced in CBI court : ৫ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ চিছোদিয়াক