গুৱাহাটী, ২০ জুলাই: “মণিপুৰ এতিয়া বসবাস কৰিবলৈ নৰকৰ দৰে ঠাই হৈ পৰিছে । ধন্যবাদ নৰেন্দ্ৰ মোদীজী ৷ আপোনাৰ মৌনতাই জ্বলা জুইত আৰু ঘিঁউ ঢালিছে ৷ আপুনি কেতিয়া পদত্যাগ কৰিব মোদীজী ?”এয়া গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মৰমৰ ওপজা ঠাইখন চাই দুখে-ক্ষোভে আচ্ছন্ন হৈ থকা বিশ্ববিখ্যাত মণিপুৰী কিশোৰীৰ ক্ষোভ ৷
নাম তাইৰ লিচিপ্ৰিয়া কংগুজাম ৷ এগৰাকী হাইস্কুলীয়া ছাত্ৰী লিচিপ্ৰিয়াৰ ঘৰ মণিপুৰৰ বাশীখং গাঁৱত । আন্তঃৰাষ্ট্ৰীয় সমাদৰ লাভ কৰা এগৰাকী ভাৰতী শিশু পৰিৱেশ কৰ্মী । সংঘৰ্ষ পীড়িত মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ ছোৱালী তাই ৷
বুধবাৰৰ পৰা সমগ্ৰ দেশত তোলপাৰ লগাইছে মণিপুৰ প্ৰসংগই ৷ যুৱতীক উলংগ কৰি শোভাযাত্ৰা কৰি নিয়া মণিপুৰৰ ভিডিঅ’ই ভাৰতক বিশ্ব সম্প্ৰদায়ৰ সন্মুখত লজ্জানত কৰিছে ৷ দেশৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ সামগ্ৰিক হিংসাত্মক পৰিৱেশ আৰু উল্লিখিত ভিডিঅ’টোৰ বাবে উত্তপ্ত হৈ পৰিছে বিৰোধীৰ প্ৰতিবাদত ৷ দায়ী কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰক লৈ আৰম্ভণিৰে পৰা পালন কৰি অহা মৌনতাক ৷
তাৰ মাজতে মণিপুৰৰ কিশোৰী লিচিপ্ৰিয়াৰ প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি কৰা ক্ষুৰধাৰ বক্তব্যই সকলোৰে দৃষ্টি কাঢ়িছে ৷ বুধবাৰৰ পৰা টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰৰ জলন্ত পৰিস্থিতিৰ বাবে আক্ৰমণ কৰিছে লিচিপ্ৰিয়াই ।
প্ৰথমটো টুইটত বুধবাৰে লিচিপ্ৰিয়াই প্ৰধানমন্ত্ৰী মোদীক শ্লেষেৰে উপচাই ধন্যবাদ জনাই কৈছে,“মণিপুৰ এতিয়া বসবাস কৰিবলৈ নৰকৰ ঠাই হৈ পৰিছে । ধন্যবাদ নৰেন্দ্ৰ মোদীজী ৷ আপোনাৰ মৌনতাই জ্বলা জুইত আৰু ঘিঁউ ঢালিছে ৷”
-
Manipur is now a place of hell to live. Thank you @narendramodi ji. 🙏🏻
— Licypriya Kangujam (@LicypriyaK) July 19, 2023 " class="align-text-top noRightClick twitterSection" data="
Your silence are putting more oil to the fire 🔥.#ManipurViolence
">Manipur is now a place of hell to live. Thank you @narendramodi ji. 🙏🏻
— Licypriya Kangujam (@LicypriyaK) July 19, 2023
Your silence are putting more oil to the fire 🔥.#ManipurViolenceManipur is now a place of hell to live. Thank you @narendramodi ji. 🙏🏻
— Licypriya Kangujam (@LicypriyaK) July 19, 2023
Your silence are putting more oil to the fire 🔥.#ManipurViolence
দ্বিতীয়টো টুইটত মণিপুৰী কিশোৰী গৰাকীয়ে কৈছে, “আপুনি কেতিয়া পদত্যাগ কৰিব নৰেন্দ্ৰ মোডীজী? ” (When @narendramodi ji will resign?)
-
When @narendramodi ji will resign?#ManipurViolence
— Licypriya Kangujam (@LicypriyaK) July 20, 2023 " class="align-text-top noRightClick twitterSection" data="
">When @narendramodi ji will resign?#ManipurViolence
— Licypriya Kangujam (@LicypriyaK) July 20, 2023When @narendramodi ji will resign?#ManipurViolence
— Licypriya Kangujam (@LicypriyaK) July 20, 2023
জন্মভূমিৰ কলীয়া ডাৱৰে আৱৰা দিনবোৰ দেখি ১১ বছৰীয়া লিচিপ্ৰিয়াই কৰা ৪টা বাক্যৰ দুটা টুইটে এতিয়া দেশত তোলপাৰ লগাইছে ৷ কেৱল চৰ্চিত এই দুটা টুইটেই নহয় ৷ প্ৰধানমন্ত্ৰীক কেইবাটাও টুইটেৰে সমালোচনা লিচিপ্ৰিয়াৰ ৷ আনকি মণিপুৰত ইণ্টাৰনেট বন্ধ কৰি থোৱাক লৈ মোদীৰ যোগ দিৱসত আমেৰিকা ভ্ৰমণকো কটাক্ষ কৰিছে মণিপুৰী কিশোৰী পৰিৱেশ কৰ্মীগৰাকীয়ে ।
-
Dear @narendramodi ji,
— Licypriya Kangujam (@LicypriyaK) July 20, 2023 " class="align-text-top noRightClick twitterSection" data="
If any Kuki travel now to Imphal, I am 100% sure they will be killed by meiteis. If any Meitei travel now to Churachandpur or Kangpokpi, I am 100% sure they will be killed by Kukis. This is the present situation in Manipur. This is the ugly truth.
Who…
">Dear @narendramodi ji,
— Licypriya Kangujam (@LicypriyaK) July 20, 2023
If any Kuki travel now to Imphal, I am 100% sure they will be killed by meiteis. If any Meitei travel now to Churachandpur or Kangpokpi, I am 100% sure they will be killed by Kukis. This is the present situation in Manipur. This is the ugly truth.
Who…Dear @narendramodi ji,

You’re not just keeping Guinness World Records in Yoga 🧘♂️ in USA 🇺🇸, you also keep another Guinness World Record for “Longest internet ban in the state of Manipur”. @GWR pic.twitter.com/qFHiLfqMhZ
">Dear @narendramodi ji,
— Licypriya Kangujam (@LicypriyaK) July 20, 2023
You’re not just keeping Guinness World Records in Yoga 🧘♂️ in USA 🇺🇸, you also keep another Guinness World Record for “Longest internet ban in the state of Manipur”. @GWR pic.twitter.com/qFHiLfqMhZDear @narendramodi ji,
— Licypriya Kangujam (@LicypriyaK) July 20, 2023
You’re not just keeping Guinness World Records in Yoga 🧘♂️ in USA 🇺🇸, you also keep another Guinness World Record for “Longest internet ban in the state of Manipur”. @GWR pic.twitter.com/qFHiLfqMhZ
উল্লেখযোগ্য যে, লিচিপ্ৰিয়া কংগুজামে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন, ২০১৯ত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ প্ৰসংগত বিশ্ব সম্প্ৰদায়ক সম্বোধন কৰি বিশ্বৰ অন্যতম কনিষ্ঠ বিশ্ব জলবায়ু কৰ্মীৰূপে সমাদৃত হৈছিল । লিচিপ্ৰিয়াই ২০১৮ চনৰ পৰা ভাৰতত জলবায়ু ব্যৱস্থা সংৰক্ষণৰ বাবে প্ৰচাৰ চলাই আহিছে ।
কিশোৰীগৰাকীৰ এই শ্লেষ আৰু ক্ষোভ ভৰা টুইটে প্ৰধানমন্ত্ৰীক দিল্লীৰ দৰবাৰত স্পৰ্শ কৰিব পাৰিবগৈ নে নোৱাৰে সেয়া অনিশ্চিত ৷ কিন্তু দেশৰ বহুতৰে হৃদয় জোকাৰি গৈছে নিজৰ সেউজীয়া উপত্যকাৰ ওপজা ভূমিৰ জুই-ধোঁৱা-ছাই আৰু মৃত্যু তথা অমানৱীয়তা দেখি হাহাকাৰ কৰা কিশোৰী লিচিপ্ৰিয়াৰ মোদীক উদ্দেশ্যি দিয়া টুইটে ৷
লিচিপ্ৰিয়াই পোৱা বিশেষ বঁটাসমূহ—
- ডাঃ এ.পি.জে আব্দুল কালাম শিশু বঁটা (২০১৯)
- বিশ্ব শিশু শান্তি বঁটা (২০১৯)
- ৰাইজিং ষ্টাৰ অৱ আৰ্থ ডে নেটৱৰ্ক (২০১৯)
- গ্ল'বেল চাইল্ড প্ৰডিজি এৱাৰ্ড (২০২০)
- সম্ভ্ৰান্ত নাগৰিক বঁটা (২০২০)
- অশোকা ট্ৰাষ্টৰ দ্বাৰা পৰিৱেশ আৰু পৰিৱেশৰ গৱেষণাৰ বাবে টি এন খোছু স্মৃতি বঁটা (২০২০)
- ভাৰত সেৱা সংবাদৰ দ্বাৰা ৰাষ্ট্ৰীয় যুৱ দিৱস (ভাৰত) বঁটা (২০২১)
- CNN News18 জল নায়ক (২০২১)
- ফৰ্বছ ইণ্ডিয়া ৩০ বছৰৰ তলৰ ৩০ বিশেষ উল্লেখ (২০২১)
- দিল্লী চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বঁটা (২০২১)
লগতে পঢ়ক: Kuki Women Raped: ধর্ষণকাৰীক শাস্তিৰ দাবীত চুৰাচান্দপুৰত কুকি-জো জনগোষ্ঠীৰ প্ৰতিবাদ