নেশ্যনেল ডেস্ক,২৩ ডিচেম্বৰ : মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ কথা সকলোৰে জ্ঞাত । হিংসাৰ খবৰবোৰে বিচলিত কৰি তুলিছিল সকলোকে । ইফালে উত্তৰ-পূৱৰ ৰাজ্যখনৰ নাগৰিকসকলো এনে পৰিস্থিতিৰ পাছত তীব্ৰ সংকটৰ মাজেৰে জীৱন অতিবাহিত কৰিছে । এনে সময়তে ঝাৰখণ্ডত মণিপুৰৰ একাংশ খেলুৱৈ ভাবুক হৈ পৰা দেখা গৈছে । তেওঁলোকক সাক্ষাতৰ বাবে অহা বিধায়িকাৰ সন্মুখতে ৰাজ্যখনৰ আৰু তেওঁলোকৰ প্ৰত্যাহ্বানৰ কথা কৈ উচুপি উঠা দেখা গ'ল । গোড্ডাৰ বিধায়িকাগৰাকীয়েও তেওঁলোকক বিভিন্ন ধৰণে সান্ত্বনা দিলে ।
উল্লেখ্য যে ঝাৰখণ্ডৰ গোড্ডা জিলাত অনুষ্ঠিত হৈছে ২৯ সংখ্যক চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় নেটবল প্ৰতিযোগিতা । শুকুৰবাৰে এই খেলৰ মাজত পৰিৱেশ বিষাদময় হৈ পৰে । যেতিয়া মণিপুৰ দলৰ প্ৰশিক্ষকে কংগ্ৰেছ বিধায়িকাক সাৱটি ধৰি কান্দিবলৈ আৰম্ভ কৰে । প্ৰশিক্ষক ডায়েনা দেৱীয়ে বিধায়িকা দীপিকা পাণ্ডে সিঙৰ সৈতে তেওঁৰ বেদনাৰ কথা উল্লেখ কৰে ।
মণিপুৰৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় নেটবল চাব-জুনিয়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ঝাৰখণ্ডত উপস্থিত হোৱাৰ পাছতে ইটিভি ভাৰতত এক প্ৰতিবেদন প্ৰকাশ পাইছিল । সেই প্ৰতিবেদনৰে প্ৰভাৱ শুকুৰবাৰে গোড্ডাৰ খেলপথাৰত দেখা গ'ল । যেতিয়া বিধায়িকা দীপিকা পাণ্ডে সিঙে খেলুৱৈসকলক সাক্ষাতৰ বাবে আহিছিল তেওঁ মণিপুৰ দলৰ প্ৰশিক্ষক ডায়েনা দেৱীৰ সৈতে কথা পাতিছিল । ডায়েনা দেৱীয়ে বিধায়িকাগৰাকীক দেখি কান্দিবলৈ আৰম্ভ কৰে আৰু মণিপুৰক ৰক্ষা কৰিবলৈ অনুৰোধ জনায় । তাত শান্তি প্ৰতিষ্ঠাৰ বাবে বিধায়িকাগৰাকীক পদক্ষেপ ল'বলৈও খেলুৱৈ আৰু প্ৰশিক্ষকগৰাকীয়ে অনুৰোধ জনায় ।
বিধায়িকা দীপিকা পাণ্ডে সিঙেও মণিপুৰৰ খেলুৱৈসকলৰ কাতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ সৈতে এই বিষয়ে আলোচনা কৰি সহযোগিতা কৰাৰ আশ্বাস দিয়ে । ইয়াৰ উপৰিও মণিপুৰৰ এগৰাকী খেলুৱৈ তথা যুৱতীৰ বেদনা দেশবাসীৰ সন্মুখলৈ লৈ অহাৰ বাবে তেওঁ ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ।
ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত খেলুৱৈসকলে কয় যে মণিপুৰত ৰে'ল চলাচল কৰা নাই, বাছ যাত্ৰাও কঠিন হৈ আছে । এনে পৰিস্থিতিত, কেৱল বিমান ভ্ৰমণ কৰিব লাগে । যাৰ বাবে বহুতো দৰিদ্ৰ শিক্ষাৰ্থী তথা খেলুৱৈ যাত্ৰা কৰিব নোৱাৰে ।
মণিপুৰ দলৰ প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় নেটবল আম্পায়াৰ ডায়েনা দেৱীয়ে কোৱা মতে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে খেলুৱৈসকলে ঝাৰখণ্ডলৈ খেলিবলৈ আহিছে । তেওঁলোকৰ দুখ, কষ্ট বুজি বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে প্ৰশিক্ষকগৰাকীয়ে ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপনো কৰে । ইফালে প্ৰতিযোগিতাখনৰ আয়োজক সমিতিক সম্পাদিকা তথা বিধায়িকা দীপিকা পাণ্ডে সিঙে তেওঁলোকৰ ওচৰত থিয় দিয়াৰ বাবে প্ৰশিক্ষকগৰাকীয়ে বিধায়িকাগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক :লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ইস্তাহাৰ সমিতিত গৌৰৱ গগৈ; নেতৃত্বত চিদাম্বৰম