ETV Bharat / bharat

Manipur Internet ban: মণিপুৰত আৰম্ভ হ’ল ব্ৰডবেণ্ড সেৱা; এতিয়াও উপলব্ধ হোৱা নাই ম’বাইল ইণ্টাৰনেট

author img

By

Published : Jul 25, 2023, 6:55 PM IST

প্ৰায় তিনি মাহৰ অন্তত মণিপুৰত আৰম্ভ হ’ল ব্ৰডবেণ্ড সেৱা ৷ মঙলবাৰে মণিপুৰৰ গৃহমন্ত্ৰালয়ে এক জাননীযোগে ব্ৰডবেণ্ডৰ ওপৰত থকা নিষেধাজ্ঞা চৰ্ত সাপেক্ষে উঠাই লয় ৷ অৱশ্যে বৰ্তমানেও কৰ্তন কৰি ৰখা হৈছে ম’বাইল ইণ্টাৰনেট সেৱা ৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 25 জুলাই: মণিপুৰৰ পৰিস্থিতি সামান্য পৰিমাণে উন্নত হোৱাৰ পৰিপ্ৰেক্ষিটত চৰকাৰে মঙলবাৰে ‘ব্ৰডবেণ্ড ইণ্টাৰনেট’ সংযোগৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা চৰ্তসাপেক্ষে প্ৰত্যাহাৰ কৰে ৷ প্ৰায় তিনি মাহৰ পাচত মণিপুৰত ব্ৰডবেণ্ডৰ সেৱা পুনৰাম্ভ কৰা হৈছে ৷ অৱশ্যে বৰ্তমানেও ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে ৷ মণিপুৰৰ গৃহ বিভাগে এক জাননীযোগে সদৰী কৰিছে এই কথা ৷

জাননীত কোৱা হয় যে সংশ্লিষ্ট গ্ৰাহকৰ দ্বাৰা যিকোনো মূল্যত সংযোগ ব্যৱহাৰ কৰি কোনো ৰাউটাৰ আৰু চিষ্টেমৰ পৰা কোনো ৱাইফাই হটস্পটৰ অনুমতি দিয়া নহ’ব ৷ ইণ্টাৰনেট নিষেধাজ্ঞাই কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহক প্ৰভাৱিত কৰা বুলি বিবেচনা কৰি ম’বাইল ৰিচাৰ্জ, এলপিজি চিলিণ্ডাৰ বুকিং, বিদ্যুতৰ বিল পৰিশোধ আৰু অন্যান্য অনলাইন সেৱা পুনৰাম্ভ কৰাৰ বাবে ব্ৰডবেণ্ড সেৱাৰ ওপৰত থকা বাধা উঠাই লোৱা হৈছে ৷

ইয়াৰ পূৰ্বে, মণিপুৰ চৰকাৰে ৰাজ্যখনত ইণ্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা 10 জুলাইলৈ বৃদ্ধি কৰিছিল ৷ ইণ্টাৰনেট সেৱা কৰ্তন সন্দৰ্ভত মণিপুৰ গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে প্ৰাণহানি, ৰাজহুৱা/ব্যক্তিগত সম্পত্তিৰ ক্ষতি আৰু ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে ৷

নিৰ্দেশনা অনুসৰি, ‘‘টেলিকম সেৱাৰ অস্থায়ী নিলম্বন (ৰাজহুৱা জৰুৰীকালীন বা ৰাজহুৱা সুৰক্ষা) নিয়ম, 2017-ৰ অধীনত প্ৰদান কৰা ক্ষমতাবোৰ ব্যৱহাৰ কৰি পৰিস্থিতি সৈতে শান্তিপূৰ্ণ সহাৱস্থান আৰু ৰাজহুৱা শৃংখলা ৰক্ষণাবেক্ষণত গুৰুতৰ বিভ্ৰান্তি সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছে ৷’’ অৱশ্যে ম’বাইল ইণ্টাৰনেট সেৱা কেতিয়া আৰম্ভ কৰা হ’ব সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক: Manipur video case : মণিপুৰৰ বিষয়ক লৈ পাঞ্জাৱত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.