নিউজ ডেস্ক, 2 জানুৱাৰী : ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1 বিয়পিছে উত্তৰ-পূৱৰ ৰাজ্যলৈ ৷ কেৰালা, ৰাজস্থানৰ পাছত এইবাৰ মণিপুৰতো ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1 আক্ৰান্ত ৰোগী ৷ এ এন আইত প্ৰকাশ পোৱা বাতৰি অনুসৰি, মণিপুৰৰ সেনাপতি জিলাৰ পাওমাতাৰ এজন লোকৰ শৰীৰত ধৰা পৰিছে জে এন 1 ৷
জানিব পৰা মতে, সংক্ৰমিত ব্যক্তিজনে দিল্লীৰ পৰা ডিমাপুৰলৈ বিমানেৰে আহিছিল ৷ পৰৱৰ্তী সময়ত ডিমাপুৰৰ পৰা সেনাপতিলৈ পথেৰে যাত্ৰা কৰিছিল ৷ ইফালে প্ৰাথমিক পৰীক্ষাত জে এন 1 উপস্থিত ধৰা পৰিছে যদিও সেয়া নিশ্চিত কৰিবলৈ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷
প্ৰাথমিক পৰীক্ষাত ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ত আক্ৰান্ত হোৱা বুলি তথ্য পোৱাৰ পাছতে সতৰ্কতা অৱলম্বন কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ যাতে ক’ভিডৰ নতুন প্ৰকৰণ অধিক বিয়পি নাযায় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যখনৰ চৰকাৰে ৷ ইফালে প্ৰতিদিনে ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ তথ্য অনুসৰি, ভাৰতত যোৱা 24 ঘণ্টাত ক’ভিড 19ত নতুনকৈ আক্ৰান্ত হৈছে 692 জন ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ক’ভিডত আক্ৰন্ত হৈ 24 ঘণ্টাত 6 জনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ ইয়াৰে মহাৰাষ্ট্ৰত দুজন আৰু দিল্লী, কৰ্ণাটক, কেৰালা আৰু পশ্চিমবংগত এজনকৈ লোকৰ মৃত্যু হৈছে ৷ ভাৰতত মুঠ মৃতকৰ সংখ্যা 5,33,946 জনলৈ বৃদ্ধি পালে ৷
দেশৰ বিভিন্ন প্ৰান্তত জে এন 1ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ পোৱাৰ পাচতে দিল্লীৰ এইমছৰ, চফদৰজং চিকিৎসালত ৰোগীসকলৰ বাবে বিচনা সংৰক্ষণ, অক্সিজেন আৰু পৰীক্ষাকে ধৰি অন্যান্য ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক : নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত হিংসাত্মক ঘটনাত নিহত ৪