নেশ্যনেল ডেস্ক,২৭ জুন : যোৱা ৩ মে'ৰ পৰা উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে । ৰাজ্যখনৰ জনজীৱন ব্যাহত হৈ পৰিছে । ইয়াৰ মাজতে মণিপুৰৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত লৈছে চৰকাৰে । সিদ্ধান্ত অনুসৰি কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীক দৰমহা দিয়া নহ'ব । সাধাৰণ প্ৰশাসন বিভাগক ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰা কৰ্মচাৰীসকলৰ বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
সোমবাৰে নিশা সাধাৰণ প্ৰশাসন বিভাগৰ সচিব মাইকেল আচোমে জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে ১২ জুনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক আৰু কাৰ্যক্ৰমৰ পেৰা ৫-(১২)ত লোৱা সিদ্ধান্ত অনুসৰি মণিপুৰ সচিবালয়ৰ সাধাৰণ প্ৰশাসন বিভাগৰ পৰা দৰমহা লোৱা সকলো কৰ্মচাৰীক জনোৱা হয় যে অনুমোদিত ছুটি অবিহনে তেওঁলোকৰ চৰকাৰী কৰ্তব্যত উপস্থিত নথকা সকলো কৰ্মচাৰীক কাম অবিহনে কোনো দৰমহা প্ৰদান কৰা নহ'ব ।
উল্লেখ্য যে মণিপুৰ চৰকাৰৰ ১ লাখ কৰ্মচাৰী আছে । বিজ্ঞপ্তিখনত সকলো প্ৰশাসনিক সচিবক ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে তেওঁলোকৰ চৰকাৰী কৰ্মস্থলীত উপস্থিত থাকিব নোৱাৰা কৰ্মচাৰীসকলৰ তথ্য সাধাৰণ প্ৰশাসন বিভাগ আৰু কৰ্মচাৰী বিভাগক, শেহতীয়াকৈ ২৮ জুনৰ ভিতৰত প্ৰদান কৰিবলৈ কোৱা হৈছে, যাতে উপযুক্ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ।
উত্তৰ পূবৰ ৰাজ্যখনত এতিয়ালৈকে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা জাতিগত হিংসাত ১০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । ৰাজ্যখনৰ কেইবাখনো জিলাত পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ আছে । ইফালে প্ৰায় ২ মাহ ধৰি চলি থকা এই সংঘৰ্ষৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে । বহু অনুষ্ঠান প্ৰতিষ্ঠানো বন্ধ হৈ থকা দেখা গৈছে । হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ এৰি পলায়ন কৰিছে । প্ৰশাসনে কেইবা হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰো কৰিছে ।
লগতে পঢ়ক :Manipur violence: মণিপুৰৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ