নেশ্যনেল ডেস্ক, 5 জুলাই: মণিপুৰ চৰকাৰে যথেষ্ট সংখ্যক মন্ত্ৰী, বিধায়ক, ৰাজনীতিবিদ আৰু আমোলাৰ ভিআইপি নিৰাপত্তাৰক্ষী হ্ৰাস কৰিছে ৷ ইয়াৰ মূলতে হ’ল প্ৰায় 2,000 নিৰাপত্তাৰক্ষীক ৰাজ্যখনৰ সমস্যাগ্ৰস্ত অঞ্চলসমূহত খেতিত নিয়োজিত কৃষকসকলক সুৰক্ষা দিবলৈ নিয়োজিত কৰা হ’ব ৷ বুধবাৰে এক সূত্ৰই সদৰী কৰিছে এই কথা ৷
দুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৃষি কাৰ্য আৰম্ভ কৰা কৃষকসকলক সুৰক্ষা প্ৰদান কৰাৰ কথা সদৰী কৰিছিল ৷ তেওঁ কয়, ‘‘কৃষি কৰিবলৈ আৰম্ভ কৰা কৃষকসকলক সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ কৃষিৰ উদ্দেশ্যে চৰকাৰে পাঁচখন জিলাত অধিক সুৰক্ষা কৰ্মী নিয়োগৰ সিদ্ধান্ত লৈছে । কাংপোকপি, চুৰাচান্দপুৰ, পূব ইম্ফল আৰু পশ্চিম ইম্ফল আৰু কাকচিং জিলাত প্ৰায় 2,000 অতিৰিক্ত নিৰাপত্তা কৰ্মী মোতায়েন কৰা হ’ব ৷’’
মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাচতেই বহু মন্ত্ৰী, বিধায়ক, অন্যান্য ৰাজনীতিবিদ, অসামৰিক কৰ্মচাৰী, প্ৰাক্তন আমোলাসকলৰ নিৰাপত্তাত নিয়োজিত প্ৰায় 2,000 নিৰাপত্তাৰক্ষীক প্ৰত্যাহাৰ কৰা হৈছে ৷
মণিপুৰৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাচত আংশকা কৰা হৈছিল যে ইম্ফল উপত্যকা পাহাৰৰ সৈতে একত্ৰিত হোৱা অঞ্চলবোৰত কৃষকসকলে তেওঁলোকৰ কৃষি কাৰ্যকলাপ সম্পাদন কৰিব নোৱাৰিব ৷ ইয়াৰ পাচতেই কৃষকসকলক নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
উল্লেখ্য যে বিগত 3 মে’ৰ পৰা মণিপুৰত কুকি আৰু মেইটেইসকলৰ মাজত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ ফলত বৰ্তমানলৈকে 120 গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে আনহাতে 3 হাজাৰতকৈ অধিক লোক আহত হৈছে ৷ ইয়াৰ বিপৰীতে 70,000 হাজাৰতকৈ অধিক লোক গৃহহীন হৈছে ৷ হিংসাজৰ্জৰ ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে ৷
লগতে পঢ়ক: Manipur Violence : থৌবাল জিলাত অস্ত্ৰ লুণ্ঠনৰ চেষ্টা বিফল; নিহত ১