তেজপুৰ, 5 মে' : অশান্ত জৰ্জৰিত মণিপুৰত কিছু পৰিমানে শান্ত হৈছে পৰিস্থিতি ৷ বৰ্তমানলৈকে ৰাজ্যখনত প্ৰায় 15000-20000 হাজাৰ লোক গৃহহীন হৈছে । 36 ঘণ্টাৰ অন্তত মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধান পি ডাউংগেলে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰিছে (Manipur DGP Press Meet )।
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে, ৰাজ্যখনত পেৰা সামৰিক বাহিনীৰ ৰেপিড এক্সন বাহিনীৰ, চি আৰ পি এফ আৰু বি এছ এফৰ 14 টা কোম্পানী (আৰ এ এফ, চি আৰ পি এফ, বি এছ এফ) এতিয়ালৈকে মোতায়েন কৰা হৈছে (DGP Press Meet on violence in Manipur) । পৰিস্থিতিৰ সৈতে মুকবিলা কৰিবৰ বাবে বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত পেৰা মিলিটাৰী বাহিনী মোতায়েন কৰা হ’ব । মণিপুৰ আৰক্ষীতকৈ এওঁলোকৰ কাৰ্য বহু বেলেগ হ’ব (Manipur violence update)। এতিয়ালৈকে আমি 15000-20000 ভুক্তভোগীক সফলতাৰে নিৰাপদ স্থানত ৰাখিবলৈ সমৰ্থ হৈছো ৷"
লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনসাধাৰণক আহ্বান জনাই যে আৰক্ষীৰ পৰা উত্তেজিত লোকে কাঢ়ি লোৱা অস্ত্ৰ-শস্ত্ৰসমূহ অতি সোনকালে ঘূৰাই দি আত্মসমৰ্পণ কৰক (Tense situation in MANIPUR)। যিসকলে অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ নকৰে তেওঁলোকে আইনৰ ৰোষত পৰাৰ লগতে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়নি দিয়ে ৷ আনকি অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিব নোৱাৰিলে এই গোচৰ নিয়া আদালাতত দাখিল কৰা হ’ব বুলি সংবাদমেলখনত সদৰী কৰে ৷
আৰক্ষীয়ে ইতিমধ্যে 23 টা স্পৰ্শকাতৰ থানাৰ অঞ্চল চিনাক্ত কৰিছে ৷ অশান্ত অঞ্চলসমূহত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰাৰ উপৰিও জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে ঘটনা সন্দৰ্ভত বুজ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সম্প্ৰতি ৰাজ্যখনত পৰিস্থিতি কিছু উন্নত হৈছে ৷ ফলত জনসাধাৰণক আৰক্ষীৰ লগত সহযোগ কৰিবলৈ আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।
ইফালে চুৰাচান্দপুৰত এক গণধৰ্ষণৰ উৰাবাতৰি ওলোৱা বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে ৷ বৃস্পতিবাৰে প্ৰতিবাদকাৰীৰ প্ৰহাৰত আহত বিধায়ক ৱুংজাগিন ভাল্টে বৰ্তমানেও চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ সম্প্ৰতি তেওঁ সংকটমুক্ত বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ এই সংবাদমেলখনত আৰক্ষী সঞ্চালক প্ৰধান পি ডাউংগেলৰ উপৰিও এডিজিপি কৈলুন আৰু অপাৰেশ্যনেল কামাণ্ডাৰ আশুতোষ সিনহাও অংশগ্ৰহণ কৰে ৷
স্মৰ্তব্য় যে, শুকুৰবাৰে পুৱা মণিপুৰৰ পৰা শ শ লোকে পলায়ন কৰি কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ ইউনিয়ন হাইস্কুল আৰু মাৰ্কলিঙৰ মাৰ্কলিং গীৰ্জাত আশ্ৰয় লৈছেহি (Manipuri Refugee in Cachar) ৷ এতিয়ালৈকে প্ৰায় 700 ৰ অধিক লোকে মণিপুৰৰ নিজ ঘৰ এৰি পলায়ন কৰি কাছাৰ জিলাত আশ্ৰয় লৈছেহি (Over 700 Manipur refugees take shelter in Cachar) ৷
লগতে পঢ়ক: Manipur crisis : নিয়ন্ত্ৰণহীন পৰিস্থিতি; কাছাৰত মণিপুৰৰ শৰণাৰ্থীৰ ভিৰ