ETV Bharat / bharat

Manipur Violence : গৃহ মন্ত্ৰীক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

author img

By

Published : Jun 26, 2023, 11:06 AM IST

মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে গৃহ মন্ত্ৰীক অৱগত কৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । ১৩ জুনৰ পৰা হিংসাত্মক ঘটনাত এজনো লোকৰ মৃত্যু হোৱা নাই । শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা আগবঢ়োৱাৰ আশ্বাস গৃহ মন্ত্ৰীৰ ।

Manipur Violence
গৃহ মন্ত্ৰীক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

নেশ্যনেল ডেস্ক,২৬ জুন : যোৱা ৩ মে'ৰ পৰা মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে । যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ । ইয়াৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । প্ৰায় দুমাহ ধৰি ৰাজ্যখনত চলি থকা জাতিগত হিংসাৰ ফলত হোৱা ক্ষতিৰ বিষয়ে তেওঁ গৃহ মন্ত্ৰীগৰাকীক অৱগত কৰে ।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এক টুইটত কয় যে তেওঁ শ্বাহক সাক্ষাৎ কৰিছে আৰু মণিপুৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে তেওঁক অৱগত কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ তত্বাৱধানত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যোৱা সপ্তাহত যথেষ্ট পৰিমাণে হিংসা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে । ইফালে ১৩ জুনৰ পৰা হিংসাত্মক ঘটনাৰ ফলত এতিয়ালৈ কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আশ্বাস দিছে যে কেন্দ্ৰীয় চৰকাৰে মণিপুৰত শান্তি বজাই ৰখাৰ বাবে সকলো সম্ভৱ পদক্ষেপ গ্ৰহণ কৰিব । ইফালে স্থায়ীভাৱে শান্তি প্ৰতিষ্ঠাৰ বাবেও ৰাজ্য চৰকাৰক শক্তিশালী পদক্ষেপ গ্ৰহণৰো পৰামৰ্শ দিছে অমিত শ্বাহে । শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সকলো পক্ষৰে সহযোগিতাও বিচাৰিছে অমিত শ্বাহে ।

আনহাতে শনিবাৰে অমিত শ্বাহে মণিপুৰৰ সংকট সন্দৰ্ভত এখন সৰ্বদলীয় বৈঠক আহ্বান কৰে য'ত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথম দিনৰে পৰা মণিপুৰৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সমস্যাটোৰ সমাধান বিচাৰি চৰকাৰক সম্পূৰ্ণ সংবেদনশীলতাৰে পদক্ষেপ ল'বলৈ পৰামৰ্শ দিছে । অমিত শ্বাহে এই বৈঠকত কয় যে মণিপুৰৰ পৰিস্থিতি লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু ৰাজ্যখনত হোৱা হিংসাত্মক ঘটনাত ১৩ জুনৰ পৰা এজনো লোকৰ মৃত্যু হোৱা নাই ।

গৃহ মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত সহায়ৰ বাবে আৰু মণিপুৰৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা বিচাৰিছে । বিজেপিকে ধৰি ১৮ টা ৰাজনৈতিক দল আৰু উত্তৰ-পূবৰ ৪ গৰাকী সাংসদ আৰু অঞ্চলটোৰ দুগৰাকী মুখ্যমন্ত্ৰী বৈঠকত উপস্থিত থাকে । উল্লেখ্য যে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে বিৰোধী দলসমূহে তীব্ৰ সমালোচনা কৰা দেখা গৈছে ।

লগতে পঢ়ক :Manipur Violence : ৰাইজৰ দাবীত সেনাই মুকলি কৰিলে ধৃত ১২ উগ্ৰপন্থীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.