ETV Bharat / bharat

Manipur CM with BJP president: অমিত শ্বাহক কি বতৰা দিলে এন বীৰেণ সিঙে ? মন্ত্ৰণা কি দিলে শ্বাহে ?

মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী এন. বীৰেণ সিঙে গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰে । মণিপুৰৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি সূত্ৰই জানিবলৈ দিয়ে ।

Manipur CM with BJP president
বীৰেণ সিঙে সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমিত শ্বাহক
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 7:27 AM IST

নেশ্যনেল ডেস্ক, 25 আগষ্ট: বৃহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেণ সিঙে সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমিত শ্বাহক ৷ মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীক গৃহমন্ত্ৰীয়ে নতুন দিল্লীলৈ তলব কৰে ৷ শ্বাহৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে গৃহমন্ত্ৰীৰ পৰামৰ্শ ল’বলৈ নতুন দিল্লীত উপস্থিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সিঙে । মণিপুৰৰ পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে বুলিও কয় মুখ্যমন্ত্রীগৰাকীয়ে ৷

29 আগষ্টত মণিপুৰ বিধানসভাৰ এদিনীয়া বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত হয় এই বৈঠক । 21 আগষ্টত বৈঠকত মিলিত হ’ব নোৱাৰাৰ পাছত ৰাজ্যিক কেবিনেটে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধিৱেশন আহ্বান কৰিছিল ৷ ৰাজ্যখনত গোষ্ঠীগত সংঘৰ্ষ অব্যাহত থকাৰ সময়তে শাসকীয় বিজেপিৰ সদস্যকে ধৰি 10 জন কুকি বিধায়কে বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল । নগা বিধায়কসকলেও ৰাজ্য চৰকাৰে নগা শান্তি আলোচনাত বাধাৰ সৃষ্টি কৰা বুলি অনুভৱ কৰি অধিৱেশনত উপস্থিত নাথাকো বুলি কৈছিল ৷

বুধবাৰে ইম্ফল পূৱ জিলাৰ 300 ৰো অধিক পৰিয়ালক অস্থায়ী আশ্ৰয় গৃহ প্ৰদান কৰা এক কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে পাহাৰ আৰু ভৈয়াম দুয়োটাতে আক্ৰান্ত লোকসকলক পুনৰ সংস্থাপন কৰা । আঠটা স্থানত পূৰ্ব নিৰ্মিত ঘৰৰ পুনৰ নিৰ্মাণ কৰা হৈছে ।"

মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ক’বলৈ গৈ সিঙে কয় যে, গোলা-বাৰুদ-বন্দুকৰ আক্ৰমণৰ আশংকা ৰাজ্যখনত ক্ৰমাৎ কমি আহিছে ৷ এই সন্দৰ্ভত লগতে তেওঁ কয়, " স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহিব বুলি আমি বিশ্বাস কৰো । সামূহিক প্ৰচেষ্টাৰ বাবেই এইটো সম্ভৱ হৈছে ।"

উল্লেখ কৰা প্ৰয়োজন যে, মেইটেই জনগোষ্ঠীয়ে অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰাৰ পিছতে 3 মে’ত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । তাৰ পিছৰে পৰা মণিপুৰত জনগোষ্ঠীয় সংঘৰ্ষত 160 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাশ লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ তদুপৰি ৰাজ্যখনত ব্যক্তিগত, ৰাজহুৱা খণ্ডৰ সা-সম্পত্তিৰ বিস্তৰভাৱে ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ।

মণিপুৰৰ জনসংখ্যাৰ প্ৰায় 53% মেইটেই সম্প্ৰদায়ৰ লোক আৰু বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে, আনহাতে নগা আৰু কুকিকে ধৰি 40% শতাংশ জনজাতীয় লোক পাহাৰীয়া জিলাত বাস কৰে । যোৱা 11 আগষ্টত সমাপ্ত হোৱা প্ৰায় এমাহজোৰা বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ হিংসাক লৈ বিৰোধী দলসমূহে অবিৰত প্ৰতিবাদৰ বাবেও সংসদৰ দুয়োটা সদনৰ কাম-কাজত প্ৰভাৱ পৰে ।

উল্লেখ্য যে, দুগৰাকীকৈ যুৱতীৰ সৈতে কৰা বৰ্বৰোচিত আচৰণৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিচতে সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি ক্ষোভৰ উদ্গীৰণৰ সৃষ্টি হয় । ভিডিঅ’টোত দেখা পোৱা কেইবাজনো অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে ।

লগতে পঢ়ক: Manipur CM summoned by Amit Shah: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক গৃহমন্ত্ৰী শ্বাহৰ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.