নেশ্যনেল ডেস্ক,২ জুলাই : যোৱা দুমাহ ধৰি মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ আছে । হিংসা প্ৰতিহত কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ প্ৰচেষ্টাও একপ্ৰকাৰ বিফল হৈছে । এনে সময়তে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য । ৰাজ্যখনত জাতিগত হিংসাৰ আঁৰত বাহ্যিক শক্তি বা উপাদান জড়িত থকাৰ সন্দেহ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ সন্দেহ কৰা মতে এয়া পূৰ্ব পৰিকল্পিত আছিল ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মণিপুৰ ম্যানমাৰ সীমান্তত আছে । চীনো মণিপুৰৰ ওচৰতে আছে । মণিপুৰৰ সীমাৰ প্ৰায় ৩৯৮ কিলোমিটাৰ অসুৰক্ষিত । তেওঁৰ মতে সীমান্তত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যদিও বিস্তৃত এলেকাটো সেই নিৰাপত্তা বাহিনীয়ে সামৰি ল'ব নোৱাৰে । যাৰ বাবে এয়া পূৰ্ব পৰিকল্পিত যেন অনুভৱ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । অৱশ্যে সেয়া স্পষ্ট নহয় বুলিও তেওঁ উল্লেখ কৰে ।
তেওঁ লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনত পুনৰ শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাই আছে । ইফালে পুৱাই তেওঁ টেলিফোনযোগে কুকি ভাই-ভনীসকলৰ সৈতে বাৰ্তালাপ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবেও আহ্বান জনাইছে । সকলো পাহৰি মীমাংসালৈ আহিবলৈও তেওঁ কুকি সম্প্ৰদায়ক আহ্বান জনাইছে । তেওঁ উল্লেখ কৰা মতে চৰকাৰে কেৱল ম্যানমাৰৰ অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত বাহিৰৰ পৰা অহা লোকসকলক পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছে আৰু পৰিস্থিতি উন্নত হোৱাৰ পাছত তেওঁলোকক ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰা হৈছে । মুখ্যমন্ত্ৰীগৰাকীৰ মতে চৰকাৰৰ প্ৰথম লক্ষ্য হৈছে মণিপুৰত শান্তি আৰু স্বাভাৱিক পৰিৱেশ পুনৰ ঘূৰাই অনা ।
জনসাধাৰণৰ প্ৰতি এক আৱেগিক আবেদন জনাই তেওঁ কয় যে সকলো জনজাতিয়ে একেলগে থাকিব লাগিব । আনকি মণিপুৰক জাতিগত ভিত্তিত বিভক্ত হ'বলৈ নিদিয়ে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । তেওঁৰ মতে মণিপুৰ এখন সৰু ৰাজ্য কিন্তু ইয়াত ৩৪ টা জনজাতি আছে । এই ৩৪ টা জনজাতিৰ সকলোৱে একেলগে থাকিব লাগিব । সকলোকে তেওঁ সাৱধান হ'বলৈ আহ্বান জনাই যাতে বাহিৰৰ পৰা কোনো লোক আহি তাত থিতাপি ল'ব নোৱাৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ মণিপুৰক ভাগ ভাগ হ'বলৈ নিদিয়ে আৰু ৰাজ্যখনত পৃথক প্ৰশাসনিক কৰ্তৃপক্ষও নাথাকে । সকলোকে একেলগে ৰাখিবলৈ তেওঁ যিকোনো ত্যাগ কৰিবলৈও প্ৰস্তুত বুলি স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক :Rahul Gandhi Manipur visit : ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ অসন্তুষ্ট মণিপুৰৰ যোগান মন্ত্ৰী