নেশ্যনেল ডেস্ক,১০ এপ্ৰিল: শনিবাৰে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই ৰাজ্যখনত সংঘটিত হ'ল নৃশংস ঘটনা । নিৰাপত্তা বাহিনীৰ কটকটীয়া সুৰক্ষা ব্যৱস্থা থকাৰ স্বত্বেও ভোটকেন্দ্ৰৰ সন্মুখতে ভোটাৰক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই ।
কোচবিহাৰৰ শীতলকুছিৰ পাঠানতুলিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত ভোটদান কৰিবলৈ ভোটাৰৰ শাৰীত ৰৈ আছিল মৃত লোকজন । হঠাতে অস্ত্ৰধাৰী দুৰ্বৃত্তই ভোটাৰসকলক উদ্দেশ্যি গুলীচালনা কৰে । নিহত লোকজনে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে । তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মকৰ্তাৰ মাজত সংঘাত হোৱাৰ পিছতে এই ঘটনা সংঘটিত হয় ।