ETV Bharat / bharat

23 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত ত্ৰিপুৰাৰ এজন ব্যক্তি - tripura man sentenced 23 years of imprisonment

হত্যাৰ অভিযুক্ত এগৰাকী ব্যক্তিক ত্ৰিপুৰাত 23 বছৰৰ সশ্ৰম কাৰাদণ্ড ৷ মঙলবাৰে ত্ৰিপুৰাৰ এখন স্থানীয় আদালতে চন্দন অধিকাৰী নামৰ এজন ব্যক্তিক 23 বছৰ তিনিমাহৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ মুঠ তিনিটা ধাৰাৰ অধীনত অধিকাৰীক দোষী সাব্যস্ত কৰা হৈছে ৷

man sentenced to 23 years of imprisonment in tripura
23 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত ত্ৰিপুৰাত এজন ব্যক্তি
author img

By

Published : Apr 21, 2021, 11:07 AM IST

ত্ৰিপুৰা, 21 এপ্ৰিল: নিজৰ সম্পৰ্কীয় ভাতৃক হত্যাৰ অভিযোগত ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ এখন স্থানীয় আদালতে চন্দন অধিকাৰী নামৰ এজন ব্যক্তিক 23 বছৰ তিনিমাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ এই বিচাৰৰ জৰিয়তে আদালতে বিশ্ৰামগঞ্জ থানাত চলি থকা সাত বছৰ পুৰণি এটা গোচৰ নিষ্পত্তি কৰে ৷

বিশালগড় মহকুমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 447, ধাৰা 326 আৰু ধাৰা 307 ৰ অধীনত অধিকাৰীক দোষী সাব্যস্ত কৰে ৷ চৰকাৰী অধিবক্তা জ্যোতি প্ৰসাদ দাসে কয় যে, "ভাৰতীয় দণ্ডবিধি আইনৰ তিনিটা ধাৰাৰ অধীনত অধিকাৰীক দোষী সাব্যস্ত কৰা হৈছে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 326 আৰু ধাৰা 307 ৰ অধীনত তেওঁক 10 বছৰকৈ মুঠ 20 বছৰকৈ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ধাৰা 447 অধীনত বাকী থকা শাস্তি বিহা হৈছে ৷"

প্ৰাপ্ত তথ্য অনুসৰি, 23 বছৰ তিনিমাহৰ সশ্ৰম কাৰাদণ্ডৰ উপৰিও অধিকাৰীক আদালতে 10,000 টকাৰ জৰিমনাৰে দণ্ডিত কৰিছে ৷ দাসে জানিবলৈ দিয়া মতে, অভিযুক্ত গৰাকীয়ে যদি এই জৰিমনা প্ৰদান কৰাত বিফল হয় তেন্তে তেওঁক পুনৰ তিনিমাহৰ বাবে কাৰাদণ্ড বিহা হ'ব ৷

দাসে কয় যে, 2014 চনত চন্দন অধিকাৰীয়ে তেওঁৰ সম্বন্ধীয় ভায়েকক পৰিয়ালকেন্দ্ৰীক বিবাদৰ বাবে আক্ৰমণ কৰিছিল ৷ ভোক্তভোগী গৰাকী যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যদিও সময়মতে চিকিৎসালয়ত ভৰ্তি কৰোৱাত তেওঁৰ প্ৰাণ ৰক্ষা পৰে ৷ ইয়াৰ পাছতে উক্ত ঘটনা সন্দৰ্ভত বিশ্ৰামগঞ্জ থানাত এক গোচৰ ৰুজু কৰা হৈছিল ৷ এক দীঘলীয়া শুনানিৰ অন্তত মঙলবাৰে এই গোচৰৰ বিচাৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক: কৰ'ণাসৃষ্ট পৰিৱেশৰ ফলত হতাশাত ত্ৰিপুৰাৰ চাকৰি প্ৰত্যাশী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.