নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : দিল্লী-পুণে স্পাইচজেট বিমানত বোমা থকা বুলি মিছা তথ্য দিয়াৰ বাবে ২৪ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে (Youth arrested for creating bomb scare)। অভিযুক্ত যুৱকজনক দ্বাৰকাৰ বাসিন্দা অভিনৱ প্ৰকাশ বুলি চিনাক্ত কৰা হৈছে । প্ৰকাশে যোৱা ৭ মাহ ধৰি গুৰুগ্ৰাম ডিএলএফ কুতুব প্লাজাত ব্ৰিটিছ এয়াৰৱেজৰ প্ৰশিক্ষাৰ্থী টিকেটিং এজেণ্ট হিচাপে কাম কৰি আছিল ।
বিমানবন্দৰলৈ প্ৰায়ে কিছুমান ভাবুকি সদৃশ ফোন আহে । বিমানত বোমা থকাৰ বহু তথ্যও লাভ কৰে বিমানবন্দৰ কৰ্তৃপক্ষই । শেহতীয়াকৈ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈও এটা ফোন আহিছিল । পুণেলৈ যোৱা স্পাইচজেটৰ বিমান এখন উৰা মৰাৰ পূৰ্বে বৃহস্পতিবাৰে স্পাইচজেটৰ কল চেণ্টাৰলৈ ফোন আহিছিল আৰু কোৱা হৈছিল যে বিমানখনত বোমা আছে ।
কৰ্তৃপক্ষই ফোন পোৱাৰ পাছত বিমানৰ যাত্ৰা বন্ধ কৰিবলগীয়া হৈছিল । বিমানখন নিশা ৯.৩০ বজাত দিল্লীৰ পৰা ৰাওনা হোৱাৰ কথা আছিল যদিও লগে লগে আইচলেচন বেলৈ লৈ যোৱা হৈছিল আৰু সকলো যাত্ৰী আৰু তেওঁলোকৰ বেগবোৰ চিআইএছএফৰ দ্বাৰা তালাচী কৰা হৈছিল । দীৰ্ঘ সময় পৰীক্ষা কৰাৰ পাছত সন্দেহজনক একোৱে উদ্ধাৰ হোৱা নাছিল ।
বিমানবন্দৰৰ আৰক্ষী আয়ুক্ত ৰবি কুমাৰ সিঙে জনোৱা মতে ফোন নম্বৰটোৰ ক্ষেত্ৰত এক অভিযান চলোৱা হৈছিল । অৱশেষত ফোন কৰা যুৱকজন অভিনৱ প্ৰকাশ বুলি চিনাক্ত হৈছিল । কিন্তু প্ৰকাশে কিয় তেনেদৰে ভুৱা তথ্য দিছিল জানেনে ? আৰক্ষীৰ তদন্তত ইয়াৰ আঁৰৰ ৰহস্য ফাদিল হৈছে । আচলতে তেওঁৰ বন্ধুসকলে প্ৰেমিকাৰ সৈতে অধিক সময় যাতে কটাব পাৰে তাৰ বাবে বিমানখনৰ উৰণ বিলম্ব কৰিব বিচাৰিছিল প্ৰকাশে (Fake bomb scare in Delhi IGI)।
আৰক্ষীৰ অনুসন্ধানত প্ৰকাশে এই অপৰাধৰ কথা স্বীকাৰ কৰিছে । প্ৰকাশে কোৱা মতে তেওঁৰ বন্ধু ৰাকেশ আৰু কুণাল চেহৰাৱত অলপতে মানালীলৈ গৈছিল য'ত তেওঁলোকে দুগৰাকী স্থানীয় যুৱতীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল । যুৱতী দুগৰাকী স্পাইচজেটৰ বিমানত পুণেলৈ ৰাওনা হৈছিল কিন্তু প্ৰকাশৰ বন্ধুসকলে তেওঁলোকৰ সৈতে আৰু কিছু সময় কটাব বিচাৰিছিল আৰু প্ৰকাশক তেওঁলোকৰ উৰণ বিলম্বিত কৰাৰ পৰিকল্পনা কৰিবলৈ কৈছিল । তাৰ পাছত তিনিওজন বন্ধুৱে স্পাইচজেট এয়াৰলাইনছৰ কল চেণ্টাৰত কল কৰি বোমাৰ ভুৱা তথ্য দিয়াৰ পৰিকল্পনা কৰিছিল যাতে বিমানখন বাতিল হয় ।
পৰিকল্পনা অনুযায়ী প্ৰকাশে তেওঁৰ মোবাইল ফোনৰ পৰা স্পাইচজেটক ফোন কৰিছিল আৰু বোমাৰ ভুৱা বাৰ্তাটো দিছিল (Fake call to SpiceJet)। প্ৰকাশে বিমানখনৰ ভিতৰত বহি থকা যুৱতী দুগৰাকীকো মাতি আনিছিল যাতে তেওঁলোকে বিমান বাতিল হোৱাৰ বাবে উদযাপন কৰিব পাৰে । ইফালে প্ৰকাশক গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পাছতে বন্ধুকেইজনে পলায়ন কৰিছে । বৰ্তমান আৰক্ষীয়ে তেওঁলোকক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ।
লগতে পঢ়ক :Bongaigaon Transport Corruption: অত্যধিক বোজাৰ নামত পৰিবহণ বিষয়াক লাগে ঘোচ !