নেশ্যনেল ডেস্ক, ১৭ জুন: পিতৃ-কন্যাৰ মৰমৰ সম্পৰ্ক প্ৰতিফলিত হৈছে এখন ফটোত, যিখন ফটো দেখিলে অভিভূত হৈ পৰিব আপুনিও । পথৰ কাষত অনলাইনযোগে পাঠ(ONLINE CLASS) গ্ৰহণ কৰি থকা কন্যাক বৰষুণৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছে পিতৃয়ে ।
দক্ষিণ কানাড়াৰ এগৰাকী কিশোৰীগৰাকীয়ে অনলাইনযোগে পাঠ গ্ৰহণ কৰি আছিল । সেই সময়তে নেটৱৰ্কৰ সমস্যা হোৱাত তেওঁ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে । পথৰ কাষতে কিশোৰীগৰাকীয়ে পঢ়িবলৈ লয় । তেনে সময়তে বৃষ্টিপাত(RAINFALL) হোৱাত কিশোৰীগৰাকীৰ পিতৃয়ে ছাতি লৈ জীয়ৰীক পাঠ গ্ৰহণ অব্যাহত ৰখাত সহায় কৰে । এই ফটোখনেই এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।
আনহাতে, দক্ষিণ কানাড়াত সঘনাই হোৱা নেটৱৰ্কৰ সমস্যাই বাৰুকৈয়ে সমস্যাত পেলাইছে ছাত্ৰ-ছাত্ৰীসকলক । কিছুদিন পূৰ্বে অনলাইন শ্ৰেণীত উপস্থিত থাকিবলৈ ২০ জনতকৈও অধিক শিক্ষাৰ্থীয়ে পাহাৰৰ ওপৰ পাইছিলগৈ । এই সন্দৰ্ভত এগৰাকী অভিভাৱকে কয় যে, যদি তেওঁলোকে কোনো নেটৱৰ্ক নোহোৱাৰ বাবে পাঠ গ্ৰহণ কৰিবলৈ এৰি ঘৰত এনেয়ে থাকে তেন্তে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত নষ্ট হ'ব । .
দক্ষিণ কানাড়া জিলাৰ চুলিয়া আৰু কাডাবাকে ধৰি কেইবাখনো গাঁৱলীয়া ঠাইত নেটৱৰ্কৰ সমস্যাটো এক ডাঙৰ সমস্যা হৈ পৰিছে । এই সন্দৰ্ভত মীন, বন্দৰ আৰু আভ্যন্তৰীণ পৰিবহণ মন্ত্ৰী এছ. অংগৰাৰ অধ্যক্ষতাত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে যদিও সমস্যা এতিয়াও সমাধান হোৱা নাই ।
উপায়হীন হৈ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে । দক্ষিণ কানাড়াত যোৱা দুদিন ধৰি ধাৰাসাৰ বৰষুণ হয় । বৰষুণৰ বাবে স্থানীয় লোকসকলেও জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত অসুবিধাত পৰিছে । নেৰানেপেৰা বৰষুণৰ সময়ত শিক্ষাৰ্থীসকলেও অনলাইন শ্ৰেণীত উপস্থিত থকাৰ বাবে নেটৱৰ্ক সমস্যাৰে যুঁজি থাকিবলগীয়া হৈছে ।