ETV Bharat / bharat

Caste violation : দলিতসকলক মন্দিৰত প্ৰৱেশত বাধা, এজনক গ্ৰেপ্তাৰ - Man from MP preventing Dalits from entering temple

মধ্য প্ৰদেশৰ এজন লোকে দলিতসকলক মন্দিৰত প্ৰৱেশত বাধা দিছিল । নিজৰ মাটিত নিৰ্মাণ কৰা মন্দিৰত দলিতসকলৰ প্ৰৱেশ নিষিদ্ধ বুলি ব'ৰ্ড লগাইছিল লোকজনে । ৰাইজৰ প্ৰতিবাদৰ অন্তত লোকজনক গ্ৰেপ্তাৰ ।

Caste violation
দলিতসকলক মন্দিৰত প্ৰৱেশত বাধা এজনক গ্ৰেপ্তাৰ
author img

By

Published : Jul 21, 2023, 10:17 AM IST

নেশ্যনেল ডেস্ক,২১ জুলাই : দলিত সমাজৰ লোকসকল প্ৰায়ে বিভিন্ন ক্ষেত্ৰত বঞ্চিত হোৱাৰ খবৰ পোহৰলৈ আহে । কেতিয়াবা যদি সুবিধাৰ পৰা বঞ্চিত কেতিয়াবা আকৌ সমাজৰ আন আন শ্ৰেণীৰ দ্বাৰা অত্যাচাৰৰ বলি হয় দলিতসকল । এইবাৰ মধ্য প্ৰদেশৰ ধাৰ জিলাত তেনে এক ঘটনা সংঘটিত হৈছে । জিলাখনত থকা এটা মন্দিৰৰ ভিতৰত দলিতসকলক প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উঠিছে । এজন লোকে তেওঁৰ মাটিত নিৰ্মাণ কৰা মন্দিৰত দলিতসকলক প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লোকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

জানিব পৰা মতে ধাৰ জিলা সদৰৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰৈত কুক্সি তহচিলৰ অন্তৰ্গত লোহৰি গাঁৱত বুধবাৰে এই ঘটনাটো সংঘটিত হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱেন্দ্ৰ পাতিদাৰে কোৱা মতে প্ৰহ্লাদ বিশ্বকৰ্মা নামৰ লোকজনে তেওঁৰ ভূমিত এটা মন্দিৰ নিৰ্মাণ কৰিছে আৰু ইয়াৰ ওচৰত এখন ব'ৰ্ড লগাইছে য'ত লিখা হৈছে যে উপাসনাস্থলী ৰাজহুৱা সম্পত্তি নহয়, ব্যক্তিগত সম্পত্তি ।

ব'ৰ্ডত লগতে লিখা হৈছে দলিতসকলৰ মন্দিৰত প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে । ইয়াৰ পাছতে দলিত সম্প্ৰদায়ৰ লোক আৰু ভীম সেনাৰ কৰ্মীসকলে লোকজনৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । মন্দিৰৰ সমীপত প্ৰতিবাদকাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । এই খবৰ পোৱাৰ পাছতে কুক্সি আৰক্ষীৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় ।

প্ৰতিবাদকাৰীসকলক শান্ত কৰাৰ চেষ্টা কৰে তেওঁলোকৰ সৈতে বিষয়টো সম্পৰ্কত আলোচনা কৰে । ইয়াৰ পাছত সেই লোকজনৰ বিৰুদ্ধে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীয়ে জনোৱা মতে পাছত অভিযুক্ত প্ৰহ্লাদ বিশ্বকৰ্মাই ৰাজহুৱাভাৱে ক্ষমা বিচাৰে আৰু ব'ৰ্ডখন আঁতৰাই দিয়ে । সমগ্ৰ ঘটনাটোক লৈ এতিয়া ৰাজ্যখনত ব্যাপক চৰ্চা হৈছে ।

লগতে পঢ়ক :Pinky Rai Murder case: ফাদিল পিংকী হত্যাকাণ্ডৰ ৰহস্য, পিনাকে ডিঙি চেপি হত্যা কৰিছিল পিংকীক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.