নেশ্যনেল ডেস্ক, 2 জানুৱাৰী: আজৱ দেশৰ গজৱ কাণ্ড ৷ অপ্ৰাকৃতিক যৌন সম্বন্ধ কৰি ৰঙাঘৰলৈ যাব লগীয়া হ’ল এজন যুৱক (Man arrested in for raping cow calf)৷ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ৰায়চুৰ জিলাত (Unnatural sex case in Karnataka)৷
ঘটনা অনুসৰি ৰায়চুৰ জিলাত এজন ২৪ বছৰীয়া যুৱকে গৰু পোৱালিক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দেওবাৰে জিলাখনৰ লিংগসুগুৰু তালুকৰ কাচাবা লিংগাসগুৰু গাঁৱৰ উপকণ্ঠত প্ৰতিদিনৰ দৰেই গৰুৰ মালিকজনে গৰুৰ পোৱালিটো পথাৰত চৰিবলৈ এৰি দিছিল ৷ যুৱকজনে এই গৰু পোৱালিটো অকলে চৰি থকা দেখি গৰু পোৱালিটোৰ লগত অপ্ৰাকৃতিক যৌন সম্বন্ধত লিপ্ত হয় ৷
এই সমগ্ৰ ঘটনা গৰু পোৱালিটোৰ গৰাকীজনে হাতে-লোটে ধৰা পেলায় (Accused caught red handed)৷ তেওঁ অভিযুক্ত যুৱকজনক প্ৰশ্ন কৰে যদিও যুৱকজনে কোনো উত্তৰ নিদিয়ে ৷
ইতিমধ্য গৰুৰ গৰাকীজনে লিংগসগুৰু আৰক্ষী থানাত (Lingasaguru police station) যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত যুৱকজনক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে যুৱকজনৰ এই কাণ্ডৰ আঁৰত মানসিক বিকৃতি আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: Smuggled timber seized: চিৰাঙত চোৰাংভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক জব্দ