ETV Bharat / bharat

ত্ৰিপুৰাত তিনিটা ইটালিয়ান পিষ্টলসহ আটক 1

ত্ৰিপুৰাত আৰক্ষীৰ অভিযানত আটক পিষ্টলসহ এজন ৷ ত্ৰিপুৰাসুন্দৰী এক্সপ্ৰেছৰ নামৰ ৰ’লখনৰ পৰা আটক কৰা হয় পিষ্টলসহ লোকজনক ৷

author img

By

Published : Sep 10, 2021, 9:53 AM IST

man arrest with three italian pistol at tripura
ত্ৰিপুৰাত তিনিটা ইটালিয়ান পিষ্টলসহ আটক 1

নেশ্যনেল ডেস্ক, 10 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে ধৰ্মনগৰ আৰক্ষীয়ে সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই ত্ৰিপুৰাসুন্দৰী এক্সপ্ৰেছৰ নামৰ ৰে’লখনৰ পৰা তিনিটা ইটালিয়ান পিষ্টলসহ এজন লোকক আটক কৰে ৷ ধৃত লোকজন জানমনি চাকমা বুলি জানিব পৰা গৈছে ৷ আনহাতে জব্দ হোৱা আটাইকেইটা পিষ্টলেই 7.65 এম এম বুলি সদৰি কৰিছে আৰক্ষীয়ে ৷

ঘটনা সন্দৰ্ভত মন্তব্য কৰি আৰক্ষী অধীক্ষক ফ্ৰান্সিছ ডাৰ্লোঙে কয়, "এই ৰে’লখনেৰে অবৈধ অস্ত্ৰ আগৰতলালৈ সৰবৰাহ হৈ থকা বুলি আমি গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিলো ৷ ৰে’লখন ধৰ্মনগৰ ষ্টেচন ৰখোৱাৰ লগে লগেই অনুসন্ধান অভিযান আৰম্ভ কৰা হয় আৰু এই অভিযানতে সৰৱৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰা হয় ৷" প্ৰথমিত তদন্তৰ অন্তত লোকজন গাণ্ডাছেৰাৰ বুলি জানিব পৰা গৈছে ৷

আৰক্ষী সূত্ৰৰ মতে ধৃত চাকমাই অবৈধ অস্ত্ৰ সৰৱৰাহৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল ৷ এই কাৰ্যৰ সৈতে অইন কোনো শক্তিশালী ব্যক্তি জড়িত থকাৰো সন্দেহ প্ৰকাস কৰিছে আৰক্ষী সূত্ৰটোৱে ৷ অধিক তথ্যৰ বাবে অভিযুক্তক জেকা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : অসমৰ লগতে নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বভাৰ গ্ৰহণ জগদীশ মুখীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.