ETV Bharat / bharat

Himanta meets Mamta: দাৰ্জিলিঙত মমতা বেনাৰ্জীৰে মিলিত ড৹ হিমন্ত বিশ্ব শৰ্মা - মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্তক বিশ্ব শৰ্মাৰ

‘‘অসমৰ বহু মানুহ পশ্চিম বংগত থাকে আৰু পশ্চিমবংগৰো বহু মানুহ অসমত থাকে ৷ গতিকে দুয়োখন চৰকাৰৰ মাজত সু-সম্পৰ্ক থকাৰ দৰকাৰ ৷’’ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা সাক্ষাতৰ অন্তত এইদৰে ক’লে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷

Himanta meets Mamta
Himanta meets Mamta
author img

By

Published : Jul 13, 2022, 10:44 PM IST

Updated : Jul 13, 2022, 10:57 PM IST

নিউজ ডেস্ক, 13 জুলাই : পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তক বিশ্ব শৰ্মাৰ (Assam CM meets West Bangal CM) ৷ দাৰ্জিলিঙৰ ৰাজভৱনত আজি দুয়োকে সাক্ষাৎ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জগদীপ ধনকাৰ আৰু মমতা বেনাৰ্জীক ফুলাম গামোচা উপহাৰ যাঁচে ড৹ শৰ্মাই ৷ একেদৰে মমতা বেনাৰ্জীয়েও ড৹ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিলে পশ্চিমবংগৰ গামোচা ৷

ৰাজভৱনৰ পৰা ওলাই আহি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, তিনি ঘন্টাজোৰা বৈঠকখন যথেষ্ট সৌহাৰ্দপূৰ্ণ আছিল (Mamta Banerjee meets Himanta Biswa Sarma) ৷ অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘মই যেতিয়া কামাখ্যা দৰ্শনৰ বাবে গৈছিলোঁ, তেতিয়া অসম চৰকাৰে সহায় কৰিছিল ৷ মই ভাবো যে কাষৰীয়া দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক ভালে থকা উচিত ৷ তাৰোপৰি অসমৰ সৈতে সীমাৰ ভাগ-বাটোৱাৰা আছে পশ্চিমবংগৰ’’ ৷

বেনাৰ্জীয়ে লগতে কয় যে অসমৰ বহু মানুহ পশ্চিমবংগত থাকে আৰু পশ্চিমবংগৰো বহু মানুহ অসমত থাকে ৷ গতিকে দুয়োখন চৰকাৰৰ মাজত সু-সম্পৰ্ক থকাৰ দৰকাৰ ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছিল বুলি ধাৰণা কৰা হৈছিল যদিও মমতা বেনাৰ্জীয়ে জনোৱা অনুসৰি তেনে কোনো আলোচনা হোৱা নাই ৷

লগতে পঢ়ক : Presidential Election: কংগ্ৰেছ-এ আই ইউ ডি এফক পৃথকে সাক্ষাৎ যশোৱন্ত সিনহাৰ

Last Updated : Jul 13, 2022, 10:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.