ETV Bharat / bharat

Citizenship Amendment Act 2019 : কোনো কাৰণতে CAA বলবৎ হ’বলৈ নিদিয়াৰ মন্তব্য মমতা বেনাৰ্জীৰ - Bengal chief minister Mamata Banerjee

নাগৰিত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Bengal chief minister Mamata Banerjee) ৷ গুজৰাটত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি CAAৰ ক্ষেত্ৰত বিজেপি সক্ৰিয় হৈ পৰা বুলি মন্তব্য কৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰয়োজন হ’ল তেজ দিম; কিন্তু আমাৰ নাগৰিকত্ব কাঢ়ি নিবলৈ নিদিও ৷

Citizenship Amendment Act 2019
কোনো কাৰণতে CAA বলবৎ হ’বলৈ নিদিয়াৰ মন্তব্য মমতা বেনাৰ্জীৰ
author img

By

Published : Nov 9, 2022, 3:58 PM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ : পশ্চিম বংগত নাগৰিকত্ব সংশোধনী আইন (CAA) বলবৎ হ’বলৈ নিদিয়ে মমতা বেনাৰ্জীয়ে ৷ এখন সভাত অংশগ্ৰহণ কৰি এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Bengal chief minister Mamata Banerjee) ৷

বুধবাৰে পশ্চিম বংগৰ নাদিয়াৰ কৃষ্ণনগৰত এক সভাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, "আমি ইয়াত CAA কাৰ্যকৰী হ'বলৈ নিদিওঁ । গুজৰাটত হ’বলগীয়া নিৰ্বাচনক(Gujarat Elections 2022) লক্ষ্য কৰি বিজেপিয়ে CAA বলবৎ কৰাৰ চিন্তা কৰিছে । নাগৰিকত্বৰ নামত বিজেপিয়ে প্ৰত্যাৰণা কৰিছে ।" দেশৰ আন যিকোনো ৰাজ্যৰ দৰে পশ্চিম বংগতো অতি সোনকালে CAA (Citizenship Amendment Act 2019) কাৰ্যকৰী হ’ব বুলি বিজেপিৰ কেইজনমান নেতাই কোৱা বুলি উল্লেখ কৰি এই আইনখনৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইদৰে মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, হিন্দু, মুছলমান সকলো আমাৰ বন্ধু আৰু সকলোৰে মাজত সমন্বয় থাকিব লাগে ৷ ভাৰতীয় হিচাবে আমি সকলে এক হৈ থাকিব বিচাৰোঁ বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে ৷ লগতে তেওঁ কয় যে, ‘‘আমি তেজ দিম; কিন্তু আমাৰ নাগৰিকত্ব কাঢ়ি নিবলৈ নিদিওঁ’’ ।

ইয়াৰোপৰি বিৰোধী দলসমূহৰ সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যেতিয়াই নিৰ্বাচন ওচৰ চাপি আহে, তেতিয়াই আন দলসমূহে আমাক পৰাস্ত কৰিবলৈ একত্ৰিত হয় । নিৰ্বাচনৰ কাষ চাপিলে ৰাম-বাম আৰু ছাম একত্ৰিত হয় ।

উল্লেখ্য যে, চৰকাৰে নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰাৰ পাছৰে পৰা আছুৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনসমূহেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । আছু আৰু নেছ’ই সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা ‘কা’ বাতিল কৰিবলৈ দাবী জনাই আহিছে । ‘কা’ৰ জৰিয়তে চৰকাৰে ধৰ্মীয় নিৰ্যাতনৰ পিছত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে ।

লগতে পঢ়ক : Amit Shah meet with IB officials: দিল্লীত চোৰাংচোৱা ব্যুৰ'ৰ সৈতে বৈঠকত অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.