ETV Bharat / bharat

পশ্চিমবংগত বিজেপি প্ৰাৰ্থীলৈ গুলীচালনা

author img

By

Published : Apr 19, 2021, 12:42 PM IST

পশ্চিমবংগৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক কাৰ্য-কলাপে সকলোকে আতংকিত কৰি তোলাৰ সময়তে দেওবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে পুৰণি মালদাৰ সাহাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত জান্টু বজাৰত ৷ এগৰাকী বিজেপি প্ৰাৰ্থীক পুনৰ গুলীয়াই আক্ৰমণ কৰে দুৰ্বৃত্তই ৷

পশ্চিমবংগত বিজেপি প্ৰাৰ্থীলৈ গুলীচালনা
পশ্চিমবংগত বিজেপি প্ৰাৰ্থীলৈ গুলীচালনা

নেশ্যনেল ডেস্ক,19 এপ্ৰিল : ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক কাৰ্য-কলাপে সকলোকে আতংকিত কৰি তোলাৰ সময়তে দেওবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে পুৰনি মালদাৰ সাহাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত জান্টু বজাৰত ৷ এগৰাকী বিজেপি প্ৰাৰ্থীক পুনৰ গুলীয়াই আক্ৰমণ কৰে দুৰ্বৃত্তই ৷ সম্প্ৰতি প্ৰাৰ্থী গৰাকীক মালদা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছে চিকিৎসকে ৷

দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মালদা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গোপাল চন্দ্ৰ সাহাই দেওবাৰে জান্টু বজাৰ অঞ্চলত দলীয় নিৰ্বাচনী কাৰ্যালয় পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই কাণৰ তলত গুলীয়াই হত্যাৰ চেষ্টা চলাই ৷ কিন্তু প্ৰাৰ্থী গৰাকীকলৈ আন দলীয় সদস্যসকল ব্যস্ত হৈ থকাৰ সময়তে ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তই পলাই যাবলৈ সক্ষম হয় ৷

এই ঘটনাৰ পাচতে বিজেপি মহিলা মৰ্চাৰ জিলা সম্পাদিকা নাৰায়ণী বেনাৰ্জীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, আজি আমাৰ প্ৰাৰ্থীক হত্যাৰ চেষ্টা চলাইছে, ক'ত আছে আমাৰ গণতন্ত্ৰ ? কি কাৰণত আমাৰ প্ৰাৰ্থীৰ হত্যাৰ চেষ্টা চলোৱা হৈছে ? আমি আৰক্ষী প্ৰশাসনৰ পৰা কোনো ভাল সঁহাৰি পোৱা নাই ৷ বাৰে বাৰে প্ৰশাসনৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছো যদিও আশা কৰা মতে কোনো সঁহাৰি পোৱা নাই ৷

লগতে পঢ়ক: মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ বাবে পশ্চিমবংগত বাতিল ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.