ETV Bharat / bharat

বিশাখাপট্টনমৰ এইচপিচিএল প্ৰকল্পত অগ্নিকাণ্ড

বিশাখাপট্টনমৰ এইচপিচিএল শোধনাগাৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড ৷ পূৰ্বে বিশাখাপট্টনমত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডসমূহৰ ভিতৰত এয়া অন্যতম বুলি বিবেচিত হৈছে ৷

বিশাখাপট্টনমৰ এইচপিচিএল প্ৰকল্পত অগ্নিকাণ্ড
বিশাখাপট্টনমৰ এইচপিচিএল প্ৰকল্পত অগ্নিকাণ্ড
author img

By

Published : May 26, 2021, 7:48 AM IST

হায়দৰাবাদ,26 মে’: মঙলবাৰে বিশাখাপট্টনমৰ হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প’ৰেচন লিমিটেডৰ শোধনাগাৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় ৷ বিশাখাপট্টনম এইচপিচিএল-ত সাধাৰণতে তিনিটা শাখা আছে ৷ ইয়াৰে তৃতীয়টোত অগ্নিকাণ্ড সংঘটিত হৈছে ৷ য'ত অত্যাধিক পৰিমাণৰ দাহ্য সামগ্ৰী থাকে ৷

পূৰ্বে এইচপিচিএল শোধনাগাৰত সংঘটিত কেইটামান বৃহৎ অগ্নিকাণ্ডৰ এক আভাস-

22.09.1997: হিন্দুস্তান পেট্ৰ'লিয়ামৰ বিশাখাপট্টনমস্থিত শোধনাগাৰত 6 টা এলপিজি টেংকত সংঘটিত হোৱা বিস্ফোৰণ ইমানেই বিধ্বংসী আছিল যে ৭০ জন লোক নিহত হৈছিল ৷ এই অগ্নিকাণ্ডৰ ক’লা ধোঁৱাই সমগ্ৰ চহৰখন আগুৰি ধৰিছিল ৷ চহৰখনৰ অন্যান্য শোধনাগাৰৰ পৰা অনা বহুতো অগ্নি নিৰ্বাপক যন্ত্ৰ আৰু সঁজুলিৰ দ্বাৰা দুদিনৰ প্ৰচেষ্টাৰ পিছত জুই নুমুৱাবলৈ সক্ষম হৈছিল ৷ উক্ত ঘটনাৰ কেইমাহমান আগতে পাইপলাইনত গেছ লিক হোৱাত ইয়াৰ মেৰামতি ভালদৰে নকৰাৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হৈছিল ৷

23.08.2013: এইচপিচিএলৰ কুলিং টাৱাৰৰ বিস্ফোৰণ ৷ এই অগ্নিকাণ্ডত 28 জন লোকে প্ৰাণ হেৰুৱাইছিল ৷ 28 জনৰ ভিতৰত এজন এইচপিচিএল কৰ্মচাৰী আৰু বাকীসকল ঠিকাভিত্তিক কৰ্মচাৰী আছিল ৷

30.07.2017: 2017 চনত এইচপিচিএলৰ চৌহদত খাৰুৱা তেলৰ টেংকত বজ্ৰ পৰি জুইৰ সূত্ৰপাত ঘটে ৷ অৱশ্যে সেই বৰ্ষত কোনো লোক হতাহত হোৱা নাছিল ৷

12.03.2018: হিন্দুস্তান পেট্ৰ'কেমিকেলচ কৰ্প’ৰেচন লিমিটেড (এইচপিচিএল)ৰ এটা নিৰ্মাণৰত কুলিং টাৱাৰত সংঘটিত বিস্ফোৰণত এজন শ্ৰমিক নিহত হয় আৰু কমেও 40 জন আহত হয় ৷

6.04.2019: প’ৰ্ট চিটি হিচাপে খ্যাত বিশাখাপট্টনমৰ মালকাপুৰম অঞ্চলৰ এইচপিচিএল শাখাত এমএছ ব্লকৰ চিচিআৰ গোটত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় ৷ উক্ত অগ্নিকাণ্ডত তিনিজন শ্ৰমিকে সামান্য আঘাত পাইছিল ৷

25.05.2021: বিশাখাপট্টনমৰ মালকাপুৰম অঞ্চলৰ হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প’ৰেচন লিমিটেডৰ অধীনষ্ঠ বিশাখা শোধনাগাৰৰ এটা অশোধিত প্ৰক্ৰিয়াকৰণ গোট অৰ্থাৎ চিডিইউ-১১১ ত জুই লাগে ৷

লগতে চাওকঃ উত্তৰ-পূৱতো পৰিব ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.