ETV Bharat / bharat

সাংসদ পদ খাৰিজক প্ৰত্যাহ্বানেৰে উচ্চতম ন্য়ায়ালয়ৰ দ্বাৰস্থ মহুৱা

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:07 PM IST

সংসদৰ পৰা বৰ্খাস্ত মহুৱা মৈত্ৰ এইবাৰ কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ ৷ ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ গোচৰত মহুৱাক কৰা হৈছিল বৰ্খাস্ত ৷

expulsion of Mahua Moitra
Mahua Moitra moves SC

নিউজ ডেস্ক, 11 ডিচেম্বৰ: ধনৰ বিনিময়ত সদনত প্ৰশ্ন কৰাৰ অভিযোগত (Cash for query) সাংসদ পদ হেৰুওৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰ এইবাৰ কাষ চাপিছে উচ্চতম ন্যায়লয়ৰ ৷ সংসদীয় নৈতিকতা সমিতিয়ে সদনৰ মজিয়াত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে মহুৱাক ৷ তাৰ পিচতেই বৰ্খাস্ত কৰা হয় সাংসদগৰাকীক ৷

টিএমচিৰ সদস্যগৰাকীক তেওঁৰ চৰকাৰী সংসদীয় পৰ্টেলৰ লগইন প্ৰমাণপত্ৰ ব্যৱসায়ী দৰ্শন হিৰাণন্দনীৰ সৈতে শ্বেয়াৰ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা বিপন্ন কৰাৰ গোচৰত দোষী সাব্যস্ত কৰা হয় ৷ প্ৰতিদ্বন্দ্বী ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ নিৰ্দেশত আদানী গোটৰ কোম্পানীক লৈ সংসদত কেইবাটাও প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে মহুৱা মৈত্ৰৰ বিৰুদ্ধে ।

নৈতিকতা সমিতিয়ে মহুৱা মৈত্ৰক সংসদৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাৰ পৰামৰ্শ দিয়াৰ পৰিপ্ৰেক্ষিতত ৮ ডিচেম্বৰত লোকসভাই সংসদৰ পৰা বহিষ্কাৰৰ প্ৰস্তাৱ গৃহীত কৰে ।

হীৰানন্দনীৰ শপতনামাৰ ভিত্তিত কমিটীয়ে তেওঁক বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিছিল ৷ কোৱা হৈছিল যে তেওঁ আদানী গোটক লক্ষ্য কৰি প্ৰশ্ন সুধিবলৈ উৎকোচ গ্ৰহণ কৰিছিল ।

বহিষ্কাৰৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৈত্ৰই এই কাৰ্যক "কেংগাৰু আদালত"ত ফাঁচী দিয়াৰ সৈতে তুলনা কৰে । বিৰোধীক বশ কৰিবলৈ চৰকাৰে সংসদীয় পেনেল এটাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে মৈত্ৰই ।

মাহুৱাই সাংবাদিকৰ আগত কৈছিল যে তেওঁক অস্তিত্বহীন নীতি নিয়ম ভংগ কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে আৰু তেওঁক নগদ ধন বা উপহাৰ দিয়াৰ কোনো প্ৰমাণ পোৱা নাই ।

খঙত অগ্নিশৰ্মা হৈ পৰা মহুৱাই লগতে কয়, ‘‘বস্ত্ৰহৰণ হৈ গ’ল এতিয়া কুৰুক্ষেত্ৰ হ’ব ৷’’ মহুৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ বিৰোধিতা কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়েও ৷ এই বিজেপি চৰকাৰৰ প্ৰতিশোধমূলক কাৰ্য বুলি অভিহিত কৰে মমতাই ৷

লগতে পঢ়ক: এয়া বিজেপিৰ প্ৰতিশোধৰ ৰাজনীতি: মহুৱাৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত অগ্নিবৰ্ষণ মমতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.