নিউজ ডেস্ক, 16 এপ্ৰিল : মহাৰাষ্ট্ৰই গুজৰাটৰ মুকেশ আম্বানীৰ জামনগৰ প্ৰকল্পৰ পৰা অক্সিজেন লাভ কৰিব। এই সন্দৰ্ভত ৰিলায়েন্স গোটৰ সৈতে এক আলোচনাত মিলিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ৷ এই আলোচনাৰ পাচতে মহাৰাষ্ট্ৰই ৰিলায়েন্স গ্ৰুপৰ পৰা প্ৰায় 100 মেট্ৰিক টন অক্সিজেনৰ সহায় লাভ কৰিব বুলি সদৰি কৰে ৷
ৰিলায়েন্স গ্ৰুপে সদৰি কৰা মতে ক'ৰণাৰ সৈতে যুঁজিবৰ বাবে 100 মেট্ৰিক টন অক্সিজেন সম্পূৰ্ণ বিনীমূলীয়াকৈ মহাৰাষ্ট্ৰক প্ৰদান কৰা হ'ব ৷ ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা প্ৰতি লক্ষ্য ৰাখি আৰু ক'ৰণা ৰোগীক চিকিৎসাৰ বাবে অক্সিজেন , ভেণ্টিলেটৰ আদিৰ পৰ্যাপ্ত সুবিধাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ৰিলায়েন্স গ্ৰুপে এই সুবিধা প্ৰদান কৰাৰ সিন্ধান্ত লৈছে বুলি লগতে সদৰি কৰে ৷
মহাৰাষ্ট্ৰত প্ৰতিদিনে 1200 মেট্ৰিক টন অক্সিজেন উৎপাদন কৰা হয় । ইয়াৰে ভিতৰত সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰোগীসকলক অক্সিজেন প্ৰদানৰ ক্ষমতা হৈছে 100 মেট্ৰিক টন। গতিকে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰক আন ৰাজ্যৰ পৰা বিমানেৰে মহাৰাষ্ট্ৰলৈ অক্সিজেন যোগান ধৰাৰ দাবী জনাইছিল। এনে পৰিপ্ৰেক্ষিততে গুজৰাটৰ জামনগৰত মুকেশ আম্বানীৰ ৰিলায়েন্স প্ৰকল্পৰ পৰা অক্সিজেনৰ সহায় বিচাৰি ৰিলায়েন্স গ্ৰু'পৰ সৈতে এক আলোচনাত মিলিত হৈছিল মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ৷
লগতে পঢ়ক: হোটেল ফেয়াৰমাউণ্টৰ পৰা আজি অসমলৈ ৰাওনা হ’ব এআইইউডিএফৰ প্ৰাৰ্থীসকল