ETV Bharat / bharat

গুজৰাটৰ হোটেলৰ কোঠাত উদ্ধাৰ মহাৰাষ্ট্ৰৰ টেক্সি চালকৰ মৃতদেহ

author img

By

Published : Dec 27, 2020, 6:27 PM IST

বৰোদাৰ ছায়াজিগঞ্জ অঞ্চলৰ পিএম ৰিজেঞ্চী হোটেলৰ এটা কোঠালিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লাভ কৰা বিভিন্ন চেম্প‘ল সংগ্ৰহ কৰি ফৰেনচিক বিজ্ঞান গৱেষণাগাৰলৈ পৰৱৰ্তী তদন্তৰ বাবে প্ৰেৰণ কৰিছে ৷

Maharashtra taxi driver body found in Vadodara hotel
গুজৰাটৰ হোটেলৰ কোঠাত উদ্ধাৰ মহাৰাষ্ট্ৰৰ টেক্সি চালকৰ মৃতদেহ

নিউজ ডেস্ক, 27 ডিচেম্বৰ : গুজৰাটৰ বৰোদাৰ এখন ব্যক্তিগত হোটেলৰ কোঠালিত মুম্বাইৰ এগৰাকী 43 বছৰীয়া টেক্সি চালকৰ মৃতদেহ উদ্ধাৰ হয় ৷ টেক্সি চালকজন পুনেৰ প্ৰভাতী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে আৰু তেওঁ মুম্বাইৰ এটা ব্যক্তিগত ট্ৰেভেল এজেঞ্চিত কৰ্মৰত হৈ আছিল ৷

বৰোদাৰ ছায়াজিগঞ্জ অঞ্চলৰ পিএম ৰিজেঞ্চী হোটেলৰ এটা কোঠালিত মৃতদেহটো ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লাভ কৰা বিভিন্ন চেম্প‘ল সংগ্ৰহ কৰি ফৰেনচিক বিজ্ঞান গৱেষণাগাৰলৈ পৰৱৰ্তী তদন্তৰ বাবে প্ৰেৰণ কৰিছে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পুনেৰ 43 বছৰীয়া সন্তোষভাই ৰঘুনাথ নামৰ ড্ৰাইভাৰজনে এটা ব্যক্তিগত কোম্পানীৰ এজন বিষয়াক ভাড়াত লৈ গৈছিল ৷ চালকজনে নিশা থাকিবলৈ পিএম ৰেচিডেন্সি হোটেলত ভাড়াত এটা কোঠালি লয় ৷

পুৱা চালকজনে লৈ অহা গ্ৰাহকজনে বাৰম্বাৰ ফোন কৰাত চালকজনে কোনো সঁহাৰি নিদিয়াত আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে হোটেলখনৰ 306 নং কোঠালিৰ পৰা ৰহস্যজনক অৱস্থাত চালকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহটোৰ মুখৰ পৰা তেজ বাহিৰ হোৱাও প্ৰত্যক্ষ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তেজ আৰু ফিংগাৰ প্ৰিন্টৰ নমুনা সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা 150 সেনা জোৱানৰ দেহত কোভিড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.