ETV Bharat / bharat

Raigarh Landslide : ৰায়গড়ৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ২২লৈ বৃদ্ধি - CM Eknath Shinde

বুধবাৰে নিশা প্ৰায় ১১ মান বজাত অঞ্চলটোত ভূমিস্খলন হৈছিল । এতিয়ালৈ ২২ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । প্ৰতিকূল পৰিস্থিতিৰ মাজতো প্ৰশাসন আৰু এনডিআৰএফয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

Raigarh Landslide
ৰায়গড়ৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ২২লৈ বৃদ্ধি
author img

By

Published : Jul 22, 2023, 12:56 PM IST

নেশ্যনেল ডেস্ক,২২ জুলাই : মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ ইৰ্শালৱাড়ী গাঁৱত ভূমিস্খলনত নিহতৰ সংখ্যা ২২ লৈ বৃদ্ধি পাইছে । NDRFৰ উদ্ধাৰকাৰী দলে শনিবাৰেও ৰায়গড়ৰ ভূমিস্খলন হোৱা অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বুধবাৰে নিশা সংঘটিত হৈছিল এই ভূমিস্খলন ।

  • #WATCH Maharashtra: NDRF continues search & rescue operation at Raigad Irshalgad landslide-hit area.

    So far, 22 dead bodies have been recovered from the site. pic.twitter.com/eaQlytfvsi

    — ANI (@ANI) July 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা ১৯ জুলাইৰ পৰা এতিয়ালৈকে উদ্ধাৰকাৰী দলে সেই স্থানৰ পৰা ২২ টা মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে । এনডিআৰএফৰ এটা দল পুৱা ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰিছে ।

জানিব পৰা মতে শিৱসেনাৰ (ইউবিটি) মুৰব্বী উদ্ধৱ ঠাকৰেয়ে পুৱা অঞ্চলটোৰ সমীপত থকা মন্দিৰত আশ্ৰয় লোৱা ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰে । মুম্বাইৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈত ৰায়গড় জিলাৰ খালাপুৰ তহচিলৰ পাহাৰীয়া অঞ্চলটোত অৱস্থিত জনজাতীয় গাঁওখনত বুধবাৰে নিশা প্ৰায় ১১ বজাত ভূমিস্খলন হৈছিল । গাঁওখনৰ প্ৰায় ৯০ শতাংশ অংশ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । ভূমিস্খলনৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে অঞ্চলটো পৰিদৰ্শন কৰে আৰু উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ বুজ লয় । আনহাতে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে ।

  • #WATCH | Raigad, Maharashtra: Canine squad carries out search operation in landslide-hit area.

    So far, 22 dead bodies have been recovered from the site. pic.twitter.com/jban6qeya9

ঘটনাটোৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয় । ইফালে প্ৰতিকূল বতৰৰ বাবে এনডিআৰএফৰ দলবোৰে উদ্ধাৰ অভিযান চলোৱাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় । এনডিআৰএফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে তেওঁলোকে উদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । প্ৰতিকূল বতৰৰ বাবে সেই অঞ্চললৈ আধুনিক যন্ত্ৰপাতি স্থানান্তৰ কৰিব পৰা নাই ।

জানিব পৰা মতে জনজাতীয় গাঁওখনত প্ৰায় ৫০-৬০ টা পৰিয়াল আছিল । ভূমিস্খলনৰ ফলত প্ৰায়বোৰ লোকৰ ঘৰে মাটি পোত গৈছে । ফলস্বৰূপে মাটিৰ তলত আৰু মৃতদেহ উদ্ধাৰৰো আশংকা কৰা হৈছে । অৱশ্যে যোৱা ৩ দিন ধৰি এনডিআৰএফ, স্থানীয় লোক, জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংস্থাসমূহে নিৰন্তৰভাৱে উদ্ধাৰ আৰু সাহায্যৰ কামত জড়িত হৈ আছে ।

লগতে পঢ়ক :Maharashtra landslide : মহাৰাষ্ট্ৰত ভূমিস্খলনত ১৬ জনৰ মৃত্যু, ১১৯ জনৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.