গুৱাহাটী, 9 অক্টোবৰ : গুৱাহাটীত লুটপাতৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ এইবাৰ মহানগৰীত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ (Maharashtra CM Eknath Shindey) এজন নিৰাপত্তাৰক্ষী ডকাইতিৰ বলি হোৱা বুলি জানিব পৰা গৈছে (Maharashtra CM security guard was robbed ) ৷ নিৰাপত্তাৰক্ষীজনক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই দুষ্কৃতিকাৰীয়ে তেওঁৰ লগত থকা মোবাইল, নগদ ধন, এ টি এম কাৰ্ডসহ অন্য সকলো সামগ্ৰী লুটি লৈ যায় ৷
জানিব পৰা মতে শুকুৰবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈছিল একনাথ সিন্দেৰ নিৰাপত্তাত নিয়োজিত এ এছ আই দৰ্শন ভাৰতী (ASI Darshan Bharati)৷ তেওঁ গুৱাহাটীত উপস্থিত হোৱাৰ পিছত পল্টনবজাৰৰ এ টি ৰোডৰ শ্যাম গেষ্ট হাউছত এটা কোঠা বুকিং কৰিছিল ৷ গেষ্ট হাউছত কিছু সময় কটোৱাৰ পিছত তেওঁ দুপৰীয়া ১১.৩০ বজাত ওলাই যায় যদিও উভতি নাহে কোঠালৈ ৷
ইয়াৰ পিছতে শুকুৰবাৰে নিশা তেওঁক পদপথত অচেতন অৱস্থাত উদ্ধাৰ কৰি দুজন এম্বুলেঞ্চ চালকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (Guwahati medical college and hospital) লৈ আহে ৷
কিন্তু জি এম চি এইছ কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীজনক ভঙাগড়স্থিত এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়৷ হাস্পতালত ভৰ্তি কৰাৰ পিছতে তেওঁৰ চেতনা ঘূৰি অহাত ভাৰতীৰ পৰিয়ালক খবৰ দিয়া হয় ৷ খবৰ পোৱাৰ মাত্ৰকে পুৱা ভাৰতীৰ পুত্ৰ গুৱাহাটীত উপস্থিত হৈ উন্নত চিকিৎসাৰ বাবে তেওঁক মুম্বাইলৈ লৈ যায় ৷
উল্লেখ্য যে ঘটনা সন্দৰ্ভত ভাৰতীৰ পুত্ৰই প্ৰথম অৱস্থাত ভঙাগড় আৰক্ষীক অৱগত কৰাইছিল বুলি সংবাদ মাধ্যমক জনাইছিল ৷ যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো গোচৰ ৰুজু নকৰি বিষয়টো পল্টন বজাৰ আৰক্ষীলৈ ঠেলি দিয়াৰ দৰে এক দায়িত্বজ্ঞানহীন কাণ্ড সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ ঘটনা সন্দৰ্ভত ডি চি পি সুধাকৰ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সমগ্ৰ ঘটনাটো তদন্ত কৰা হ’ব।
ভঙাগড় আৰক্ষী বিষয়াক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হ’ব । তদুপৰি দৰ্শন ভাৰতী কি কাৰণত গুৱাহাটীলৈ আহিছিল আৰু কেনেদৰে তেওঁৰ লগত এই ঘটনা সংঘটিত হ’ল সেই বিষয়ে তদন্ত কৰা হ’ব ৷ এতিয়া অসমলৈ ফুৰিবলৈ অহা এজন পৰ্যটকত তথা নিৰাপত্তাত জড়িত এজন লোক এইধৰণৰ ঘটনাৰ সন্মুখীন হোৱাৰ পিছতো ৰাজ্য চৰকাৰৰ আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাটো এক লজ্জাজনক ঘটনা বুলি সচেতন লোকে অভিহিত কৰিছে ৷
লগতে পঢ়ক: ড্ৰোণৰ সহায়ত প্ৰেৰণ কৰা চোৰাং অস্ত্ৰসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ