ETV Bharat / bharat

চকুত ক'লা কাপোৰ বান্ধি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ বাইকেৰে যাত্ৰা যাদুকৰৰ

author img

By

Published : Apr 7, 2021, 1:43 PM IST

হায়দৰাবাদৰ যাদুকৰ ৰামকৃষ্ণই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ গোটেই পথ চকু কাপোৰ বান্ধি বাইক চলাই অভিলেখ গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে । বাইকেৰ ১০ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৩১ দিনৰ ভিতৰত কাশ্মীৰত উপস্থিত হোৱাৰ লক্ষ্য ৰামকৃষ্ণৰ । মঙলবাৰে ৰাজস্থানৰ আজমেৰত উপস্থিত ৰামকৃষ্ণ ।

চকুত ক'লা কাপোৰ বান্ধি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ বাইকেৰে যাত্ৰা যাদুকৰৰ
চকুত ক'লা কাপোৰ বান্ধি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ বাইকেৰে যাত্ৰা যাদুকৰৰ

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: সমগ্ৰ ভৰত বাইকেৰে ভ্ৰমণ কৰাৰ কথা আপুনি বহুত শুনিছে । কিন্তু চকুত কাপোৰ বান্ধি বাইক চলাই সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ কথা আপুনি ভাবিব পাৰে নে ? হয় এই অসম্ভৱকো সম্ভৱ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে হায়দৰাবাদৰ এগৰাকী যাদুকৰে ।

যাদুকৰ ৰামকৃষ্ণই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ গোটেই পথ চকু কাপোৰ বান্ধি বাইক চলাই অভিলেখ গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে দুসাহসিক কাৰ্য সিদ্ধিৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰা ৰামকৃষ্ণ উপস্থিত হৈছে ৰাজস্থানৰ আজমেৰত ।

বাইকেৰ ১০ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৩১ দিনৰ ভিতৰত কাশ্মীৰত উপস্থিত হোৱাৰ লক্ষ্য ৰামকৃষ্ণৰ । এই ভ্ৰমণৰ উদ্দেশ্য কেৱল তেওঁৰ সপোন পূৰণ কৰাই নহয় কৰ'ণা মহামাৰী আৰু যান-বাহন নিয়মৰ বিষয়ে ৰাইজক সজাগতা কৰা ।

যাত্ৰাৰ সময়ত তেওঁ সমগ্ৰ মুখমণ্ডল ক'লা কাপোৰেৰে ঢাকি ৰাখে আৰু যেতিয়া জিৰণি লোৱাৰ সময় আহে তেতিয়াহে ডাঠ ক'লা কাপোৰখন আঁতৰ কৰে । মঙলবাৰে আজমেৰত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ চকুৰ কলা কাপোৰ খুলি দিয়ে আৰক্ষী অধীক্ষক কিষাণ সিঙে । ইয়াৰ পিছত ৰামকৃষ্ণই তাত যাদু প্ৰদৰ্শনো কৰে ।

তেওঁক স্থানীয় যাদুকৰ ৰাজেন্দ্ৰ শৰ্মা আৰু একাংশ লোকে জিলা সদৰৰ বাহিৰত আদৰণি জনায় । নিশা বিশ্ৰামৰ পিছত বুধবাৰে ৰামকৃষ্ণ পুনৰ জয়পুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাকাৰত ৰামকৃষ্ণই কয় যে, এই যাত্ৰাৰ জৰিয়তে তেওঁ ৰাইজৰ ক'ভিডৰ স্বাস্থ্যবিধি পালনৰ বিষয়ে সজাগ কৰিবলৈ আৰু যান-বাহন নিয়ম অনুসৰণ কৰিবলৈ আহ্বান জনায় । ইয়াৰ উপৰি ৰামকৃষ্ণই পলিথিনৰ ব্যৱহাৰ বন্ধ কৰিবলৈও ৰাইজক আহ্বান জনায় ।

ৰামকৃষ্ণই কোৱা মতে এইটো তেওঁৰ দীৰ্ঘদিনীয়া সপোন আছিল আৰু এতিয়ালৈ এই যাত্ৰাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই ৰামকৃষ্ণ । ইফালে ৰামকৃষ্ণই জনোৱা মতে তেওঁৰ এই 'ভাৰত সন্দেশ যাত্ৰা'ৰ খৰছ তেওঁ অকলে বহন কৰিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.