নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল: ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মধ্য প্ৰদেশৰ ইন্দোৰত নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । ইন্দোৰত গণ সমাৱেশ হ্ৰাস কৰিবলৈ বিবাহ অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । ইন্দোৰৰ জিলা উপায়ুক্ত মনীষ সিঙে কয় যে, কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
লগতে তেওঁ জিলাখনৰ লোকসকলক বিবাহৰ অনুষ্ঠান স্থগিত কৰিবলৈও আহ্বান জনায় । কিয়নো, প্ৰশাসনে বিবাহৰ অনুষ্ঠান আয়োজনৰ বাবে অনুমতি নিদিয়ে । মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত প্ৰশাসনক সহযোগিতা আগবঢ়াৱলৈও তেওঁ ৰাইজক আহ্বান জনায় ।
আনহাতে, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে পূৰ্বে কৈছিল যে, চৰকাৰে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ বাবে বিচনাসহ চিকিৎসা আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে । ৰাজ্যখনত দেওবাৰে নতুনকৈ ১২,২৪৮ জন লোক মহামাৰীত আক্ৰান্ত হয় ৷ এয়া এতিয়ালৈকে ৰাজ্যখনত এটা দিনত হোৱা আক্ৰান্তৰ সংখ্যাৰ ভিতৰত আটাইতকৈ বেছি ।
এগৰাকী বিষয়াই জনোৱা মতে, ৰাজ্যখনত বৰ্তমান ৪,০৮,০৮০ জন মহামাৰীৰ কবলত পৰিছে আৰু ৪,৫৫৭ জন লোকৰ মৃত্যু হৈছে । যোৱা ২৪ ঘণ্টাত মধ্য প্ৰদেশত ৬৬ জনৰ মৃত্যু হৈছে বুলি জনাইছে বিষয়াগৰাকীয়ে ।