ETV Bharat / bharat

২০.৫০ লাখত নিলাম গণেশ নৱৰাত্ৰিৰ লাডু

সমগ্ৰ দক্ষিণ ভাৰততে উলহ-মালহৰে পালন কৰা হৈছে গণেশ নৱৰাত্ৰি । গণেশ মহোৎসৱৰ আটাইতকৈ আকৰ্ষণীয় লাডু নিলাম অনুষ্ঠান(Ganesh laddu auction) । বিগত বৰ্ষবোৰৰ দৰে এইবৰ্ষতো নিলামে ভংগ কৰিলে অভিলেখ ।

madhapur laddu created new record
গণেশ লাডু নিলামত মাদাপুৰত নতুন অভিলেখ
author img

By

Published : Sep 9, 2022, 8:15 AM IST

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ: গণেশ নৱৰাত্ৰিৰ অন্তিমটো দিনৰ পাছত গণপতি বিসৰ্জনৰ বাবে সাজু কৰা হৈছে(Ganesh festival) । দক্ষিণ ভাৰতৰ বৃহৎ উৎসৱ গণেশ চতুৰ্থীৰ এক অন্যতম পৰম্পৰা হৈছে গণেশ লাডুৰ নিলাম(Ganesh laddu auction) । গণপতি বিসৰ্জনৰ প্ৰাকঃমূহুৰ্তত দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে হায়দৰাবাদতো বিভিন্ন প্ৰান্তত চলিছিল লাডু নিলাম প্ৰক্ৰিয়া । বিভিন্ন প্ৰান্তত সেই লাডু লাভ কৰিবলৈ আৰম্ভ হৈছিল এক অঘোষিত প্ৰতিযোগিতাৰ ।

২০.৫০ লাখত নিলাম গণেশ নৱৰাত্ৰিৰ লাডু

বিভিন্ন প্ৰান্তৰ দৰে হায়দৰাবাদৰ মাধপুৰত অনুষ্ঠিত হয় লাডুৰ নিলাম । যত লাডু নিলামে ভংগ কৰিলে অভিলেখ । মাধপুৰ মাই হোম ভুজা এপাৰ্টমেণ্টৰ গণেশ মণ্ডপত অনুষ্ঠিত নিলাম অনুষ্ঠানত লাডুৱে অভিলেখ মূল্য লাভ কৰিলে । মাই হোম ভুজা এপাৰ্টমেণ্টৰ সাতীবাবু নামৰ এজন ব্যক্তিয়ে সৰ্বাধিক ২০.৫০ লাখ টকাত লাডুখিনি লাভ কৰে ।

উল্লেখ্য যে নিলামৰ প্ৰসংগত বালাপুৰৰ লাডুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । যোৱাটো বছৰত বালাপুৰৰ লাডুৰ নিলামে ১৮.৯০ লাখত উপনীত হৈছিল । পিছে শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া বালাপুৰৰ নিলামে এইবাৰ অভিলেখ ভংগ কৰিব পাৰিব নে নোৱাৰে তাক লৈ চলিছে চৰ্চা ।

লগতে পঢ়ক: অসমীয়া সাহিত্যত মহিলা সাহিত্যিকৰ অৱদান আন ৰাজ্যৰ তুলনাত অধিক: য়েছে দৰজে ঠংছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.