ETV Bharat / bharat

Unconscious Woman Delivers Baby: ৭ মাহ অচেতন হৈ থকা মহিলাই জন্ম দিলে সুস্থ সন্তান - unconscious woman delivered healthy baby girl

পথ দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৭ মাহ ধৰি অচেতন অৱস্থাত থকা এগৰাকী মহিলাই জন্ম দিলে এটি স্বাস্থ্যৱান কন্যাশিশু (unconscious woman delivered healthy baby)।

baby girl
baby girl
author img

By

Published : Oct 28, 2022, 6:19 PM IST

নিউজ ডেস্ক, ২৮ অক্টোবৰ : পথ দুৰ্ঘটনাত মূৰত আঘাত পোৱাৰ বাবে কৰিবলগা হৈছিল একাধিক অস্ত্ৰোপচাৰ । অস্ত্ৰোপচাৰৰ পিছত বিগত সাত মাহ ধৰি অচেতন অৱস্থাত হাস্পতালতে আছে নতুন দিল্লীৰ বুলন্দচহৰৰ এগৰাকী ২৩ বছৰীয়া মহিলা । কিন্তু আশ্চৰ্যকৰভাৱে উক্ত মহিলাগৰাকীয়ে যোৱা সপ্তাহত এইমছত (AIIMS) এগৰাকী স্বাস্থ্যৱান কন্যা সন্তান প্ৰসৱ কৰে (7 months unconscious woman delivered healthy baby) ।

চিকিৎসকৰ মতে, চলিত বৰ্ষৰ ৩১ মাৰ্চত মহিলাগৰাকীয়ে নিজৰ স্বামীৰ সৈতে এখন দুচকীয়া বাহনত যাত্ৰা কৰিছিল । তেনে সময়তে তেওঁলোক দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাৰ সময়ত মহিলাগৰাকীয়ে হেলমেট পিন্ধি নাছিল । যাৰ ফলত তেওঁ মূৰত একাধিক গুৰুতৰ আঘাত পায় যদিও দৈব্যক্ৰমে তেওঁ মৃত্যুৰ পৰা হাত সাৰে । অৱশ্যে তেওঁ অচেতন হৈ পৰে ।

ইফালে নিউৰ'ছাৰ্জাৰী (neurosurgery department) বিভাগৰ অধ্যাপক দীপক গুপ্তাই প্ৰতিজন ব্যক্তিয়ে হেলমেট পিন্ধিব লাগে বুলি পৰামৰ্শ দি কয়, "মহিলাগৰাকীয়ে চকু মেলিছে যদিও কোনো আদেশত সঁহাৰি দিয়া নাই ।" ডাঃ গুপ্তাই লগতে কয়, "যদি মহিলাগৰাকীয়ে হেলমেট পিন্ধিলেহেঁতেন তেন্তে হয়তো তেওঁৰ জীৱনটো বেলেগ হ'লহেঁতেন ।"

উল্লেখ্য, মহিলাগৰাকী অচেতন অৱস্থাত থকাৰ বাবে তেওঁৰ তত্ত্বাৱধানৰ বাবে ব্যক্তিগত চালক হিচাপে কাম কৰা মহিলাগৰাকীৰ স্বামীয়ে চাকৰি এৰি দিবলগা হৈছিল (unconscious woman delivered healthy baby girl) ।

"মোৰ এতিয়া ক'বলৈ একো নাই । মই নাজানো কি কৰিব লাগে আৰু জীৱনটো কেনেদৰে চলিব । সকলোবোৰ স্থবিৰ হৈ পৰিছে ।" মহিলাগৰাকীৰ স্বামীয়ে কয় । তেওঁ কয় যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁলোক দুয়ো আছিল । কিন্তু বৰ্তমান তেওঁ দুৰ্ভোগ ভুগিবলগা হৈছে ।

এইমছৰ অধ্যাপক গুপ্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, যিহেতু মহিলাগৰাকী এইমছত উপস্থিত হোৱাৰ সময়ত 40 দিনৰ গৰ্ভৱতী আছিল, সেয়ে তেওঁৰ অৱস্থা স্ত্ৰীৰোগ বিশেষজ্ঞৰ (gynecologists) এটা দলে পৰ্যালোচনা কৰিছিল । তাত দেখা গৈছিল যে কেঁচুৱাটো স্বাস্থ্যৱান আছিল আৰু গৰ্ভপাতৰ কোনো ইঙ্গিত নাছিল । চিকিৎসকসকলে ৰোগীৰ পৰিয়ালৰ ওপৰত সিদ্ধান্তটো এৰি দিছিল । "গৰ্ভধাৰণ সমাপ্ত কৰাৰ বাবে আদালতৰ কাষ চাপিবলৈ যোৱাৰ পৰিৱৰ্তে তেওঁৰ স্বামীয়ে কেঁচুৱাটো জন্ম দিয়াটো বাছি লৈছিল ।" চিকিৎসকে এনেদৰে কয় ।

উল্লেখ্য, যোৱা বৃহস্পতিবাৰে এইমছত স্ত্ৰীৰোগ বিশেষজ্ঞৰ এটা দলে মহিলাগৰাকীৰ স্বাভাৱিক প্ৰসৱ পৰিচালনা কৰে । যিহেতু প্ৰসূতীয়ে তেওঁৰৰ সন্তানক খুৱাব নোৱাৰে, সেয়ে বটলেৰে গাখীৰ দিয়া হৈছে ।

ট্ৰমা চেণ্টাৰত উপস্থিত হোৱাৰ সময়ত ৰোগীগৰাকী অচেতন অৱস্থাত আছিল আৰু লগে লগে তেওঁক ভেণ্টিলেটৰত ৰখা হয় । পিছদিনা তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু তেওঁৰ ক্ষতিগ্ৰস্ত মগজুৰ কিছু অংশ আঁতৰ কৰা হয় । চাৰি সপ্তাহৰ পিছত তেওঁৰ আন এটা অস্ত্ৰোপচাৰ কৰা হয় । পিছত তেওঁক ভেণ্টিলেটৰৰ পৰা আঁতৰোৱা হয় কিন্তু আৰু তিনিটা প্ৰক্ৰিয়া সম্পন্ন কৰিবলগা হয় । আনহাতে, ৩১ মাৰ্চৰ পৰা ১৫ জুনৰ ভিতৰত মহিলাগৰাকীৰ মুঠ পাঁচটা নিউৰ'ছাৰ্জিকেল অস্ত্ৰোপচাৰ কৰা বুলি চিকিৎসকসকলে কয় ।

লগতে পঢ়ক :Neel Pawan Barua health is deteriorating : ক্ৰমাৎ অসুস্থ হৈ পৰিছে চিত্ৰশিল্পী নীলপৱন বৰুৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.