ETV Bharat / bharat

মূল্যবৃদ্ধিৰ প্ৰহাৰ : 50 টকাকৈ বৃদ্ধি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য - LPG Price increase again

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য (LPG Price increase) ৷ বুধবাৰৰ পৰা প্ৰতিটো 14.2 কিলো ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ বৃদ্ধি হয় (50 rs Price increase)৷

50 টকাকৈ বৃদ্ধি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য
lpg-price-increase-again
author img

By

Published : Jul 6, 2022, 12:51 PM IST

নিউজ ডেস্ক, 6 জুলাই: ৰাজ্যত ঘৰুৱা সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য (LPG Price increase) ৷ বুধবাৰৰ পৰা প্ৰতিটো 14.2 কিলো ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ বৃদ্ধি হয় (50 rs Price increase)৷

আজিৰ পৰা প্ৰযোজ্য হ'ব ৰন্ধন গেছৰ নিলিণ্ডাৰৰ নতুন নিৰিখ ৷ ইয়াৰ পূৰ্বেই 1000 টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ মূল্যই ৷ এই নিৰিখ অনুসৰি এতিয়াৰ পৰা গ্ৰাহকে এটা ঘৰুৱা চিলিণ্ডাৰৰ 1079 টকাত ক্ৰয় কৰিব লাগিব ৷

ইয়াৰ সমান্তৰালকে দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 1053 টকা, মুম্বাইত 1,052 টকা, কলকাতাত 1,079 টকাআৰু চেন্নাইত 1,068 টকা ৷ আনহাতে ইয়াৰ লগে লগে 5 কিলো ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 18 টকাকৈ বৃদ্ধি হৈছে ৷

অৱশ্যে শেহতীয়াকৈ 19 কিলো ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 8.50 টকাকৈ হ্ৰাস কৰা হৈছে ৷

লগতে পঢ়ক: 3.50 টকা মূল্যবৃ্দ্ধিৰে 1000 টকীয়া হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.