ETV Bharat / bharat

পেট্ৰ’ল-ডিজেলৰ লগতে মূল্যবৃদ্ধি হ’ল ৰন্ধন গেছৰ - LPG and Fuel price hiked from today

মূল্যবৃদ্ধিৰ বোজা সহিব নোৱাৰা সাধাৰণ লোকৰ মূৰত পুনৰ ৰামটাঙোন ৷ মূল্যবৃদ্ধি ঘটোৱা হৈছে পেট্ৰ’পণ্যৰ লগতে ঘৰুৱা কাৰ্যত ব্যৱহৃত চিলিণ্ডাৰৰ (LPG and Fuel price hiked) ৷ মঙলবাৰৰে পৰা কাৰ্যকৰী কৰা হ’ব এই মূল্য ৷

LPG and Fuel price hiked effect from tuesday
মূল্যবৃদ্ধি
author img

By

Published : Mar 22, 2022, 2:19 PM IST

নেশ্যনেল ডেস্ক, 22 মাৰ্চ : পুনৰায় এবাৰ সাধাৰণ ৰাইজৰ মূৰত জাপি দিয়া হ’ল মূল্যবৃদ্ধিৰ বোজা ৷ মূল্যবৃদ্ধিৰ ভৰ সহিব নোৱাৰা গ্ৰাহকসকলৰ প্ৰতিবাদৰ মাজতেই আকৌ এবাৰ কৰা হৈছে মূল্যবৃদ্ধি ৷ এই মূল্যবৃদ্ধি ঘটোৱা হৈছে পেট্ৰ’ল-ডিজেলৰ লগতে ঘৰুৱা কাৰ্যত ব্যৱহৃত ৰঙা চিলিণ্ডাৰৰ (LPG and Fuel price hiked) ৷

আন্তৰ্জাতিক বজাৰত হোৱা মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা ৰন্ধন গেছৰ মূল্য মূল্যবৃদ্ধি ঘটোৱা হৈছে ৷ সেই অনুসৰি এতিয়াৰে পৰা প্ৰতিগৰাকী গ্ৰাহকে প্ৰতিটো ৰঙা চিলিণ্ডাৰত অতিৰিক্ত 50 টকা আদায় (LPG price hiked by Rs 50 per cylinder) দিব লাগিব ৷ বিপৰীতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 80 পইচাকৈ বৃদ্ধি কৰা হয় ৷ এই নতুন নিৰিখ কাৰ্যকৰী কৰা হয় মঙলবাৰৰে পৰা ৷

বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পিছত নতুন বছৰত এয়া প্ৰথমবাৰৰ বাবে এলপিজি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি ঘটোৱা হৈছে ৷ কেঁচামালৰ মূল্য বৃদ্ধি হোৱা স্বত্বেও এনে চিলিণ্ডাৰৰ পূৰ্বৰ মূল্য অপৰিৱৰ্তিত হৈয়ে আছিল ৷ এতিয়াৰে পৰা এটাকৈ 5 কিল’গ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ মূল্য 349 টকা আৰু 10 কিল’গ্ৰামত 669 টকা ভৰিব লাগিব গ্ৰাহকে ৷ তাৰ বিপৰীতে বৰ্তমান সময়ত 19 কিল’গ্ৰামৰ একোটাকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 2003.50 টকা ।

ইফালে, প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত 80 পইচাকৈ মূল্য বৃদ্ধি কৰা হৈছে ৷ এই মূল্য বৃদ্ধিৰ লগে লগে গুৱাহাটীত আজিৰ দিনটোৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পাইছে 84 পইচা আৰু ডিজেলত বাঢ়িছে 83 পইচা ৷

লগতে চাওক: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা ২৪ প্লাছ সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.