নিউজ ডেস্ক, ২০ ডিচেম্বৰ: ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি, ১৯৭৩ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া বিধি (চিআৰপিচি) আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইনৰ সলনি বুধবাৰে লোকসভাত ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা বিধেয়ক ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা বিধেয়ক ২০২৩ আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) বিধেয়ক ২০২৩ গৃহীত কৰা হয় ।
-
After the implementation of these laws, there will be a uniform justice system throughout the country.
— Amit Shah (@AmitShah) December 20, 2023 " class="align-text-top noRightClick twitterSection" data="
इन कानूनों के लागू होने के बाद पूरे देश में एक प्रकार की न्याय प्रणाली होगी।#NayeBharatKeNayeKanoon pic.twitter.com/JYGMY1SYWV
">After the implementation of these laws, there will be a uniform justice system throughout the country.
— Amit Shah (@AmitShah) December 20, 2023
इन कानूनों के लागू होने के बाद पूरे देश में एक प्रकार की न्याय प्रणाली होगी।#NayeBharatKeNayeKanoon pic.twitter.com/JYGMY1SYWVAfter the implementation of these laws, there will be a uniform justice system throughout the country.
— Amit Shah (@AmitShah) December 20, 2023
इन कानूनों के लागू होने के बाद पूरे देश में एक प्रकार की न्याय प्रणाली होगी।#NayeBharatKeNayeKanoon pic.twitter.com/JYGMY1SYWV
সংসদৰ পৰা বিগত কেইদিনত 143গৰাকী সাংসদক নিলম্বন কৰাৰ পিচত সদনত সৰহ সংখ্যক বিৰোধী সাংসদেই উপস্থিত থাকিব নোৱাৰিলে ৷ তাৰ মাজতেই ধ্বনি ভোটৰ জৰিয়তে এই তিনিখন বিধেয়ক গৃহীত কৰা হয় ৷ গৃহমন্ত্ৰী অমিত শ্বাহে বিতৰ্কৰ প্ৰত্যুত্তৰ দি কয় যে এই তিনিখন বিধেয়কে জনতাক দ্ৰুত ন্যায় লাভত সহায় কৰিব আৰু ‘‘তাৰিখ পে তাৰিখ’’ প্ৰক্ৰিয়াৰ অৱসান ঘটাব ৷
শ্বাহে কয় যে বৰ্তমান থকা তিনিখন আইন ভাৰতীয় দণ্ডবিধি আইন(IPC), ভাৰতীয় প্ৰমাণ আইন আৰু ফৌজদাৰী প্ৰক্ৰিয়া বিধি আইন(CrPC) এ ন্যায় প্ৰদান নকৰাকৈ শাস্তি দিয়াৰ উদ্দেশ্যেৰে ঔপনিৱেশিক মানসিকতাক প্ৰতিফলিত কৰিছিল । শ্বাহে লগতে কয় যে টাইমলাইন আৰু আৰ্থিক প্ৰত্যাহ্বানে দেশত ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত ডাঙৰ বাধাৰ সৃষ্টি কৰিছে ।
বুধবাৰে সংসদে গৃহীত কৰা আন মূল বিধেয়কসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৩ । ৰাজ্যসভাত ধ্বনি ভোটৰ জৰিয়তে অনুমোদন জনোৱা হয় আৰু মঙলবাৰে বিধেয়কখন গৃহীত কৰা লোকসভালৈ ঘূৰাই অনা হয় । দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছৰ অধিবেশনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উচ্চ সদনত ইয়াক উত্থাপন কৰে ।
এই বিধেয়কখনে জি এছ টি আপীল ন্যায়াধিকৰণৰ অধ্যক্ষ আৰু সদস্যৰ বয়সৰ সীমা ক্ৰমে ৭০ বছৰ আৰু ৬৭ বছৰলৈ বৃদ্ধি কৰিব বিচাৰিছে । বৰ্তমান সভাপতিৰ বয়সৰ সীমা ৬৭ বছৰ আৰু সদস্যৰ বাবে ৬৫ বছৰ । বিধেয়কখনে কেন্দ্ৰীয় জি এছ টি আইনখনৰ বিধানসমূহ ন্যায়াধিকৰণ সংস্কাৰ আইন, ২০২১ৰ সৈতে সংগতি ৰাখিবলৈও বিচাৰিছে ।
আজি লোকসভাই টেলিকমিউনিকেচন বিল, ২০২৩ গৃহীত কৰে । ১৮ ডিচেম্বৰত সংসদৰ নিম্ন সদনত যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উত্থাপন কৰে এই বিধেয়কখন ৷ ই ১৮৮৫ চনৰ ভাৰতীয় টেলিগ্ৰাফ আইন, বেতাঁৰ টেলিগ্ৰাফী আইন (১৯৩৩), আৰু টেলিগ্ৰাফ তাঁৰ (অবৈধ দখল) আইন (১৯৫০)ৰ ওপৰত ভিত্তি কৰি দূৰসংযোগ খণ্ডৰ বাবে বৰ্তমানৰ নিয়ন্ত্ৰণ কাঠামোক অতিক্ৰম কৰিব বিচাৰে ।
লগতে পঢ়ক: সাংসদক বহিষ্কৰণৰ অভিপ্ৰায়ৰ ওপৰত প্ৰশ্ন ছোনিয়া গান্ধীৰ