নেশ্যনেল ডেস্ক,30 মাৰ্চ: পশ্চিম দিল্লীৰ প্ৰাক্তন বিজেপিৰ উপ সভাপতি গুৰবিন্দ সিং বাবাৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃতদেহৰ অৱস্থালৈ লক্ষ্য কৰি এয়া আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷
উল্লেখ্য যে, নেতাজনৰ মৃতদেহ ঘৰৰ ওচৰৰ এখন উদ্যানৰ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল । ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ অৱশ্য়ে আৰক্ষীয়ে ঘটনাস্থলীত কোনো নোট লাভ নকৰাৰ বাবে ইয়াৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
মন কৰিবলগীয়া যে, প্ৰয়াত বাবা দীৰ্ঘদিন ধৰি পশ্চিম দিল্লীৰ বিজেপিৰ উপ সভাপতি পদত অধিষ্ঠিত আছিল ৷ তদুপৰি বিগত বিধানসভা নিৰ্বাচনতো তেওঁ ব্যাপকভাৱে অংশগ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত পদত্যাগ কৰাৰ পাছতো অতি সক্ৰিয়ভাৱে দলৰ হকে কাম কৰি গৈছিল বিজেপি কৰ্মীগৰাকীয়ে ।
লগতে পঢ়ক: ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল সাংসদ প্ৰদান বৰুৱা