ETV Bharat / bharat

উৰাজাহাজত উঠিবৰ মন কৰি বিমানবন্দৰত সোমালে বনৰজা

author img

By

Published : Jan 18, 2021, 2:36 PM IST

চিচিটিভি ফুটেজত ধৰা পৰা এই দৃশ্য হৈছে ছামচাবাদস্থিত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৷ বিমানবন্দৰৰ পৰিসৰৰ ভিতৰত সোমাই অহা এটা নাহৰফুটুকীয়ে কিছুসময় ধৰি ত্ৰাসৰ সৃষ্টি কৰে হায়দৰাবাদৰ আৰজিআই বিমানবন্দৰত ৷

উৰাজাহাজত উঠিবৰ মন কৰি বিমানবন্দৰত সোমালে বনৰজা
উৰাজাহাজত উঠিবৰ মন কৰি বিমানবন্দৰত সোমালে বনৰজা

নিউজ ডেস্ক, 18 জানুৱাৰী : দেওবাৰে নিশাৰ ভাগত হায়দৰাবাদৰ ছামচাবাদস্থিত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰৱেশ কৰে এটা নাহৰফুটুকীয়ে ৷ বন বিভাগৰ বিষয়াসকলে চিচিটিভি ফুটেজৰ সহায়ত সেয়া নাহৰফুটুকী বুলি নিশ্চিত হয় ৷ কিছুসময় ঘুৰি ফুৰি অৱশেষত সুৰক্ষাকৰ্মীৰে গিজগিজাই থকা বিমানবন্দৰৰ পৰিসৰৰ ওখ দেৱাল বগাই নিৰ্বিঘ্নে আঁতৰি যায় প্ৰকাণ্ড নাহৰফুটুকীটো ৷

ঘটনাটো দেওবাৰে নিশা প্ৰায় 11 বজাৰ ভিতৰত সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ বিমানবন্দৰত কৰ্মৰত এগৰাকী বিষয়াই ৰানৱেলৈ বুলি আহি থকা অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰে নাহৰফুটুকীটো ৷ তাৰ পিচতেই সুৰক্ষাকৰ্মীক এই বিষয়ে অৱগত কৰোৱাত চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয় ৷ চিচিটিভি ফুটেজত চিআইএছএফৰ বিষয়াই নাহৰফুটুকীটোৰ উপস্থিতি নিৰ্ধাৰণ কৰাৰ পিচতেই স্থানীয় বন বিভাগক খবৰ দিয়ে ৷

হায়দৰাবাদ বিমানবন্দৰত প্ৰৱেশ নাহৰফুটুকীৰ

ঘটনাস্থলীত ৰংগাৰেড্ডী জিলাৰ পেড্ডাগালকোন্দা ক্ষেত্ৰীয় বনাঞ্চলৰ বিষয়া-কৰ্মীৰ দল উপস্থিত হোৱা পিচতেই বাঘটো সেই স্থানৰ পৰা ওচৰত থকা ঘন জংঘললৈ গুচি যায় ৷ বিমানবন্দৰ পৰিসৰৰ ওখ দেৱাল একেজাঁপেই পাৰ হৈ জংঘললৈ গুচি যায় বনৰজা ৷ ইতিমধ্যে বন বিষয়া-কৰ্মীৰ দলে নাহৰফুটুকীটোৰ সন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : 39নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত এটা নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.