ETV Bharat / bharat

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ সংঘাত: দিল্লীত উপস্থিত সুদীপ ৰয়

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ সংঘাত ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীত উপস্থিত সুদীপ ৰয় বৰ্মন ৷ কেবিনেট সম্প্ৰসাৰণৰ সম্ভাৱনা ৷

author img

By

Published : Jun 24, 2021, 1:38 PM IST

tripura politics
ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ সংঘাত

আগৰতলা, 24 জুন: বিগত এবছৰৰ পৰা বিজেপি দলৰ ভিতৰচৰাত জ্বলি থকা ভিন্নমতৰ জুইকুৰা নুমুৱাবলৈ চলোৱা বহুকেইটা প্ৰচেষ্টাক অসাৰ প্ৰতিপন্ন কৰি ত্ৰিপুৰা বিজেপিৰ আভ্যন্তৰীণ সংঘাতে চূড়ান্ত পৰ্যায় পাইছেগৈ ৷ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ লগতে ত্ৰিপুৰা জনজাতীয় পৰিষদৰ নিৰ্বাচনত তূলনামূলকভাৱে দুৰ্বল প্ৰদৰ্শনৰ পাচতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বইও এই সমস্যা অনুধাৱন কৰা যেন পৰিলক্ষিত হৈছে ৷

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু দলৰ বৰ্তমানৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে বিজেপিৰ বিধায়কসহ জ্যেষ্ঠ নেতাসকলৰ এটা অংশৰ বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ যথাসাধ্য চেষ্টা কৰি আহিছে ৷ অতি শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ অতি বিশ্বস্ত লেফটেনেণ্ট বি এল সন্তোষৰ নেতৃত্বত কেন্দ্ৰীয় নেতৃত্বৰ এটা দল সমগ্ৰ ঘটনাৰ বাস্তৱিক মূল্যায়ন কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত উপস্থিত হয় ৷

কেন্দ্ৰৰ দূত হিচাপে গণ্য কৰা দলটোৱে এই সমস্যাৰ সমাধান সূত্ৰ বিচাৰি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল ৷ সভাসমূহ সচৰাচৰ অনুষ্ঠিত সভাৰ দৰেই আছিল যদিও দীৰ্ঘদিনৰ ব্যৱধানৰ অন্তত ভিন্ন মতত অৱস্থান কৰা বিধায়কসকল উপস্থিতিয়ে পূৰ্বৰ সভাতসমূহতকৈ এই বৈঠকক পৃথক তুলিছিল ৷

এই বৈঠকসমূহৰ জৰিয়তে ৰাজ্যিক বিজেপিয়ে এনে এক বাৰ্তা দিব খুজিছিল যে, সকলো সমস্যাৰ সমাধান হৈছে আৰু দলৰ ভিতৰত এতিয়া সকলো ঠিক হৈছে ৷ কিন্তু, বৈঠকৰ পাচতে মৌখিকভাৱে প্ৰকাশ নকৰিলেও দুয়োটা গোটৰ ভাৱ-ভংগীৰ পৰা এই কথা প্ৰায় ষ্পষ্ট হৈ পৰিছে যে, বৈঠকৰ অৰ্থ অসাৰ প্ৰতিপন্ন হৈছে ৷ এতিয়া বৈঠকৰ পাচতে দলৰ শীৰ্ষ নেতৃত্বক লগ কৰিবলৈ বিজেপিৰ বিধায়ক সুদীপ ৰয় বৰ্মনৰ দিল্লী গমনে বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷

কিয়নো, বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ হৈ কেন্দ্ৰীয় নেতৃত্বক সৈমান কৰোৱাত বিফল হোৱাৰ লগতে দলৰ বহু নেতাক অসন্তুষ্ট কৰা বৰ্মনে হঠাত ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ লাভ কৰাক লৈ এতিয়া সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে ৷ বৰ্মনৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৰ্মন নতুন দিল্লীত উপস্থিত হৈছিল ৷

বৈঠকৰ ফলাফল এতিয়ালৈ অহা নাই যদিও বিশেষজ্ঞ সকলৰ মতে, দলৰ ৰাজ্যিক গোটত অনুশাসন ওভোতাই অনাৰ বাবে নিশ্চিতভাৱে কিছুমান পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷ জানিব পৰা মতে, 2019ৰ লোকসভা নিৰ্বাচনৰ পাচতে বৰ্মনক বহিস্কাৰৰ পাচত ৰাজ্যিক কেবিনেটত চাৰিটাকৈ মন্ত্ৰীপদ এতিয়াও খালী হৈ থকাৰ বাবে অতি শীঘ্ৰে ত্ৰিপুৰা ৰাজ্যিক কেবিনেট সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ৰহস্যময়ী পাগলী মাহীৰ শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.