ETV Bharat / bharat

দেশৰ আইন সকলোকে পালনৰ আহ্বান নতুন তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

author img

By

Published : Jul 9, 2021, 7:20 AM IST

যোৱা কেইবা মাহ ধৰি টুইটাৰে (Twitter) মাইক্ৰ'ব্লগিং প্লেটফৰ্মৰ মধ্যস্থতাকাৰীৰ মৰ্যাদা হেৰুৱাই দেশৰ নতুন তথ্য প্ৰযুক্তি আইনৰ সংশোধনীকলৈ ভাৰত চৰকাৰৰ সৈতে এক বিতৰ্কৰ মাজত আছে । তাৰ মাজতে নতুন মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ (Ashwini Vaishnaw) ঘোষণা দেশৰ আইন সকলোৱে পালন কৰা উচিত ।

IT minister
দেশৰ আইন সকলোকে পালনৰ আহ্বান নতুন তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

নেশ্যনেল ডেস্ক, 9 জুলাই : ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী (Electronics and Information Technology Minister) হিচাপে অশ্বিনী বৈষ্ণৱে (Ashwini Vaishnaw)দায়িত্ব গ্ৰহণ কৰাৰ পিছতে কঠোৰ হৈছে মন্ত্ৰীগৰাকী । তথ্য প্ৰযুক্তি আইন দেশত কঠোৰভাৱে পালনৰ আহ্বান মন্ত্ৰীগৰাকীৰ । বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি বৈষ্ণৱে পুৱাই ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীৰ লগতে ৰে'ল মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে ।

তাৰ পিছতে তেওঁ টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Narendra Modi) ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে টুইটত দেশৰ সকলোকে আইন পালনৰ বাবে আহ্বান জনায় । তেওঁ কয় যে দেশৰ আইন সকলোৱে পালন কৰা উচিত ।

যোৱা কেইবা মাহ ধৰি টুইটাৰে (Twitter) মাইক্ৰ'ব্লগিং প্লেটফৰ্মৰ মধ্যস্থতাকাৰীৰ মৰ্যাদা হেৰুৱাই দেশৰ নতুন তথ্য প্ৰযুক্তি আইনৰ নতুন সংশোধনীক লৈ ভাৰত চৰকাৰৰ সৈতে এক বিতৰ্কৰ মাজত আছে । ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ত (Delhi High Court) দাখিল কৰা শপতনামাত কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে সকলো গুৰুত্বপূৰ্ণ ছ'চিয়েল মিডিয়া মধ্যস্থতাকাৰীক (SSMI) তিনি মাহৰ সময় দিয়া স্বত্বেও টুইটাৰ ইঙ্কে (Twitter inc) তথ্য প্ৰযুক্তি নিয়ম ২০২১ সম্পূৰ্ণৰূপে পালন কৰাত ব্যৰ্থ হৈছে । কিয়নো নতুন নিয়মবোৰ পালন কৰাৰ সময়সীমা আছিল ২৬ মে'।

ভাৰত চৰকাৰে বিভিন্ন উচ্চ ন্যায়ালয়ৰ পৰা তথ্য প্ৰযুক্তি (IT) নিয়ম, ২০২১ ৰ সাংবিধানিকতাক প্ৰত্যাহ্বান জনোৱা সকলো আৱেদন স্থানান্তৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে । ভাৰতৰ শেহতীয়াকৈ বলবৎ কৰা আইন, তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল নৈতিকতা সংহিতা) নিয়ম ২০২১, অনলাইন মিডিয়া পৰ্টেল আৰু প্ৰকাশক, ফেচবুক (Facebook), টুইটাৰৰ দৰে ছ'চিয়েল মিডিয়া কোম্পানীৰ কাৰ্যপ্ৰণালী নিয়ন্ত্ৰণৰ বাবে কৰা হৈছে । সংশোধিত তথ্য প্ৰযুক্তি নিয়ম অনুসৰি, সামাজিক মাধ্যম আৰু ষ্ট্ৰীমিং কোম্পানীবোৰে বিতৰ্কিত সমল দ্ৰুততাৰে নোহোৱা কৰিব লাগিব আৰু অনুসন্ধানত সহায় কৰিবলৈ দেশত অভিযোগ নিষ্পত্তি বিষয়া নিয়োগ কৰিব লাগিব ।

লগতে পঢ়ক :মোডী কেবিনেটত কোন মন্ত্ৰীৰ কি দপ্তৰ লাভ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.