ETV Bharat / bharat

কৰ’ণা ভাইৰাছৰ পূৰ্ৱৱৰ্তী আৰু পৰৱৰ্তী পৰ্যায়ৰ শেহতীয়া প্ৰযুক্তিসমূহ - কৰ'ণা ভাইৰাছ

কৰ'ণাৰ সংকটকালত প্ৰযুক্তিবিদ্যাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । প্ৰযুক্তি অবিহনে এনে সংকটৰে মোকাবিলা কৰাতো কল্পনাও কৰিব নোৱাৰি । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ আগৰ আৰু পৰৱৰ্তী পৰ্যায়ৰ শেহতীয়া প্ৰযুক্তিসমূহৰ বিষয়ে জানো আহক ।

কৰ’ণা ভাইৰাছৰ পূৰ্ৱৱৰ্তী আৰু পৰৱৰ্তী পৰ্যায়ৰ শেহতীয়া প্ৰযুক্তিসমূহ

author img

By

Published : May 13, 2021, 4:41 PM IST

এক সামগ্ৰিক অৱলোকন:

১৯৯৮ চনৰ ১১ মে' তাৰিখে সম্পন্ন হোৱা পোখৰাণ পাৰমাণৱিক বোমা পৰীক্ষণৰ দিনটোক সুঁৱৰি প্ৰতি বছৰৰ ১১ মে'ত ভাৰতবৰ্ষত “ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস” পালন কৰা হয় ৷ সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কেনেধৰণৰ ভূমিকা পালন কৰি আহিছে তাৰ ওপৰত আলোকপাত কৰে ৷

সম্প্ৰতি বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছৰ প্ৰকোপ আৰু ভাইৰাছবিধৰ সঘনে ঘটি থকা বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তনৰ প্ৰতি জন্মা ভয় আৰু লগতে আহিবলগীয়া তৃতীয় আৰু চতুৰ্থটো ঢৌৰ শংকাৰে ভৰা বাতৰি আদিৰ মাজতে কৰ'ণাৰ বিৰুদ্ধে অহৰহ যুঁজি থকা যুঁজখনত প্ৰযুক্তিবিদ্যাৰ গুৰুত্ব তথা আমাৰ দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰৰ প্ৰসংগই মানৱ ইতিহাসত পূৰ্বতে কেতিয়াও নোপোৱাৰ দৰে গুৰুত্ব পাইছে ৷

এনে ধৰণৰ সময়ত প্ৰযুক্তিবিদ্যাৰ ভূমিকাক পৰ্যালোচনা কৰি চোৱাৰ বাবে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱসেই হৈছে এক সঠিক উপলক্ষ ৷ প্ৰকৃত সত্যটো হৈছে প্ৰযুক্তিবিদ্যাই আমাক মহামাৰীৰ সময় চোৱাত কেনেকৈ ৰক্ষা কৰিছে তথা আমি কেনেদৰে বৰ্তি আছো তাক অহৰহভাৱে সংজ্ঞায়িত কৰি গৈছে ৷ প্ৰযুক্তিয়ে আমাৰ সন্মুখত উন্মোচন কৰি দিয়া ন ন উদ্ভাৱনিবোৰ দিনক দিনে ক্ষীপ্ৰতৰ হৈ যাবলৈ ধৰিছে ৷ কিন্তু ক'ভিড-১৯ মহামাৰীয়ে প্ৰযুক্তিগত উদ্ভাৱনী শক্তিক এনে এক ৰূপত তৰান্বিত কৰি তুলিছে যে ইয়াক আমি পূৰ্বতে কেতিয়াও দেখিবলৈ পোৱা নাছিলো ৷

সম্প্ৰতি, নতুন প্ৰযুক্তিয়ে লক ডাউন তথা ব্যাপকভাৱে হোৱা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত লগতে আমাৰ সমাজখন সুচলভাৱে চলি থকাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ৷ ক'ভিড-১৯ মহামাৰীয়ে মানৱ সভ্যতাক ন ন উদ্ভাৱন কৰিবলৈ আৰু আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰাইছে ৷ হাতেৰে স্পৰ্শ নকৰাকৈয়ে দুৱাৰ খুলিব পৰা কৌশল "ড'ৰ অপেনাৰ"ৰ পৰা আৰম্ভ কৰি অক্সিজেন ভেন্টিলেটৰলৈকে ক'ভিড-১৯ মহামাৰীয়ে প্ৰযুক্তিগত উদ্ভাৱনৰ বাবে বা ইয়াৰ তাৎক্ষণিক প্ৰয়োগৰ পৰিৱেশৰ অৱতাৰণা কৰিছে ৷

কৰ'ণাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন উদ্ভাৱনী কৌশল যেনে ডিজিটেল পে'মেন্ট, টেলি-মেডিছিন, অনলাইন পাঠদান, ভাৰ্ছুৱেল মিটিং, স্পৰ্শৰহিত সামগ্ৰী যোগানীয়া, ৰবট আৰু ড্ৰোণ আদিৰ ব্যৱহাৰ ত্বৰান্বিত হোৱা দেখিবলৈ পোৱা গৈছে ৷

কৰ'ণাৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত নতুন তথা সদ্য আৱিস্কৃত প্ৰযুক্তিসমূহৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ আৰ্টিফিছিয়েল ইণ্টেলিজেঞ্চ (এ আই), দ্য ইণ্টাৰনেট অৱ থিংছ, বিগ ডাটা, ব্লকছেইন, ফাইভ জি, ৰ'ব'টিক্স, ড্ৰোণ, জিন এডিটিং আদিৰ দৰে প্ৰযুক্তিসমূহে কৰ'ণা ভাইৰাছ ধৰা পেলোৱা, নিৰীক্ষণ কৰা, স্ক্ৰীণিং কৰা, ভাইৰাছবিধৰ নক্সা প্ৰস্তুত কৰাত সহায় কৰিছে লগতে সচেতনতাৰো সৃষ্টি কৰিছে ৷

ভাইৰাছবিধ নিৰীক্ষণ কৰা, অনুসৰণ কৰা, প্ৰতিহত কৰা, নিয়ন্ত্ৰণ কৰা, চিকিৎসা কৰা, সংসাধন যুগুতাই দিয়া, প্ৰতিষেধক প্ৰস্তুত কৰা, মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ আগজাননী দিয়া আৰু বিশ্বত ইয়াৰ পৰা সৃষ্টি হ'ব পৰা সংকটৰ বিষয়ে সজাগ কৰাত নতুন প্ৰযুক্তিসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আছে ৷

প্ৰচলিত প্ৰযুক্তিসমূহঃ

টেলিমেডিচিন– ই ৰোগী, স্বাস্থ্যকৰ্মী আৰু আন আন ৰোগীসকলৰ মাজত শাৰিৰীক ব্যৱধান বৰ্তাই ৰখাত সহায় কৰে ৷ পিন্ধিব পৰা বিভিন্ন চিকিৎসা সজুলিসমূহে ঘৰতে থকা ৰোগীসকলক চলন্ত তথ্য যোগান ধৰাত সহায় কৰে ৷

থাৰ্মেল স্ক্ৰীনিং- থাৰ্মেল স্ক্ৰীনিং হ'ল ৰেডিয়েছন ধৰা পেলোৱাৰ এক প্ৰক্ৰিয়া ৷ কোনো বস্তুৱে নিঃসৰণ কৰা ৰেডিয়েছন তাপমাত্ৰাৰ সৈতে বৃদ্ধি পায় ৷ যাৰ ফলত থাৰ্মগ্ৰাফিৰ সহায়ত তাপমাত্ৰাৰ হীনদেঢ়ি হোৱাটো লক্ষ্য কৰিব পাৰি ৷ যদি কাৰোবাৰ জ্বৰ উঠি আছে, থাৰ্মেল স্ক্ৰীনিঙৰ জৰিয়তে ইয়াক ধৰা পেলাব পাৰি আৰু পৰৱৰ্তী পৰ্যায়ত কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব পাৰি ৷

মাস্কৰ সহায়ত ফেছিয়েল ৰিকগনিশ্বন- 'ফেছিয়েল ৰিকগনিছন' প্ৰযুক্তিত 'ডীপ লাৰ্নিং' ব্যৱস্থাৰ ইমানেই উন্নতি সাধন হৈছে যে ইয়াৰ জৰিয়তে ৯৫ শতাংশ সঠিকতাৰে মাস্কৰ সহায়ত কোনো নিৰ্দিষ্ট ব্যক্তিক চিহ্নিত কৰিব পৰা যায় ৷ দেশ তথা সমাজখনক সন্ত্ৰাসবাদৰ পৰা সুৰক্ষা প্ৰদান কৰা দিশৰ পৰা চাবলৈ গ'লে এই প্ৰযুক্তি বহু গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় ৷

স্বাস্থ্য খণ্ডত আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ- তথ্য সঞ্চাৰণ আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পৰা সক্ষমতাৰ সহায়ত আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চে নিৰ্ভুলতা, ক্ষীপ্ৰতা আৰু ভাইৰাছ চিনাক্ত কৰাৰ দক্ষতাৰ উন্নতি সাধিব পাৰে ৷ এ আই পৰিচালিত পৰ্যালোচনাৰে কোনো ৰোগীক আগতীয়া চিকিৎসা প্ৰদান কৰিব পৰা যায় আৰু ই স্বাস্থ্যকৰ্মীসকলক কোনো ৰোগীক কেনে ধৰণৰ চিকিৎসা প্ৰদান কৰা উচিত সেই বিষয়ত সিদ্ধান্ত লোৱাত সহায় কৰে ৷ 'মেশ্বিন লাৰ্নিং এলগ' ৰিদম’ৰ সহায়ত ৰাসায়নিক আৰু জৈৱিক অনুসন্ধানৰ মাধ্যমেৰে ঔষধৰ বিকাশ সাধন কৰিব পৰা যায় ৷ ই নতুন প্ৰতিষেধক বজাৰলৈ অনাত সহায় কৰিব ৷

মহামাৰীৰ কালচোৱাত মহাকাশ সেৱাসমূহঃ

মহামাৰীৰ সময় চোৱাত আটাইতকৈ বেছি গুৰুত্ব পোৱা ভূ-স্থানিক সেৱা বিধ হ’ল ঠিকনা ভিত্তিক সেৱা প্ৰদান ৷ এই সেৱা বিধ নিৰ্ভৰ কৰে গ্ল’ৱেল নেভিগেশ্বন ছেটেলাইট (জি এন এছ এছ)ৰ ওপৰত ৷ লকডাউনৰ সময়চোৱাত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধ-পাতিৰ হোম ডেলিভাৰী তথা ক'ভিড-ট্ৰেছিঙৰ বাবে ঠিকনা অনুসন্ধান কৰি উলিওৱাটো এক অতি জৰুৰী সেৱা হিচাপে পৰিগণিত হৈছে ৷

কোৱাণ্টাম কম্পিউটিংঃ

এই নতুন ধৰণৰ কম্পিউটাৰবিধৰ এক প্ৰধান প্ৰয়োগ হ’ল জটিল ৰাসায়নিক প্ৰক্ৰিয়াৰ অনুকৰণ কৰিব পৰাটো ৷ এই শক্তিশালী সজুলিবিধে ঔষধৰ বিকাশ সাধনত এক ন-দিগন্তৰ সূচনা কৰিছে ৷ কোৱান্টাম কম্পিউটাৰে অতি সোনকালে অতি সহজেই ইয়াৰ পৰিৱৰ্তন কৰিব পাৰিব ৷ এই কম্পিউটাৰে লক্ষণীয়ভাৱে উৎপাদনৰ বিকাশৰ প্ৰক্ৰিয়াটো হস্ৰম্যাদী কৰি তুলিব আৰু গৱেষণা আৰু বিকাশৰ বাবে প্ৰয়োজন হোৱা ধনৰ পৰিমাণো হ্ৰাস কৰাত সহায় কৰিব ৷

ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ নতুন প্ৰযুক্তিৰ প্ৰয়োগঃ

“প্লট” নামৰ প্ৰতিষ্ঠান এটাই “ড'ৰবেল” নিৰ্মাণ কৰিছে আৰু নামটো হৈছে “এটি” ৷ এই ড'ৰবেলটোৱে কোনো লোক ভিতৰলৈ প্ৰৱেশ কৰাৰ আগতেই শৰীৰৰ তাপমান জুখিব পাৰে ৷ “এলাৰ্ম ডটকম” নামৰ আন এটা প্ৰতিষ্ঠানে স্পৰ্শ ৰহিত ড'ৰবেলৰ নিৰ্মাণ কৰিছে ৷ আমি সাধাৰণতে স্পৰ্শ কৰি ভাইৰাছ বা বেক্টেৰিয়া লগাই থৈ অহা ঠাইবোৰৰ পৰা হ'ব পৰা সংক্ৰমণ ৰোধ কৰাত এই প্ৰচেষ্টাই সহায় কৰিব ৷ এলাৰ্ম ডটকমৰ বেলৰ বাবে আপুনি ছুইটছ টিপি ৰিং কৰিব নালাগে । মাত্ৰ আপুনি “ৱেলকাম মেট” এখনত থিয় হ'লেই হ'ল ৷

বৰ্তমান কৰ্প'ৰেট কাৰ্যালয়বোৰত “হাই-টাছ” “হাই-ট্ৰেফিক” ঠাইসমূহক বীজাণুমুক্ত কৰিবলৈ ৰবট ব্যৱহাৰ কৰা হয় আৰু এই ৰবটবোৰে আল্ট্ৰা ভায়'লেট পোহৰেৰে এই ঠাইসমূহ পৰিস্কাৰ কৰে ৷ শৰীৰত লগাব পৰা চেঞ্চৰো আছে ৷ যাৰ সহায়ত চিকিৎসালয়ত কৰাৰ দৰেই সঠিকভাৱে জ্বৰ সদৃশ লক্ষণসমূহ চিনাক্ত কৰিব পাৰি ৷ আৰু এনেকুৱা মাস্কো ওলাইছে য’ত একোটা মাইক্ৰ'ফোন সংলগ্ন হৈ আছে, যাৰ সহায়ত মাস্ক পৰিধান কৰি থকা অৱস্থাতেই আপুনি কোনো ফোনকল গ্ৰহণ কৰিব পাৰে ৷ এই মাস্কখনৰ নাম হৈছে “মাস্কফোন” ৷ এই মাস্কফোন এক নিত্য প্ৰয়োজনীয় সঁজুলি ৷

ই আপোনাক বা আপুনি লগ পোৱা যিকোনো লোককে হানিকাৰক বেক্টেৰিয়া বা ভাইৰাছসমূহ নাইবা প্ৰদূষকৰ পৰা ৰক্ষা কৰিব ৷ এনে ধৰণৰ আন এবিধ মাস্ক হ'ল, “এয়াৰ পপ এক্টিভ প্লাছ” ৷ এই স্মাৰ্ট মাস্কত এটা চেঞ্চৰ সংলগ্ন হৈ থাকে ৷ আপুনি কেতিয়া ফিল্টাৰ সলনি কৰিব লাগে তাক চিনাক্ত কৰিবলৈ ইয়াৰ চেঞ্চৰে অপোনাৰ উশাহক অনুসৰণ কৰে ৷ আন এক প্ৰতিষ্ঠান “এমেজফিটে” স্বচ্ছ-বীজাণুনাশক মাস্ক তৈয়াৰ কৰি উলিয়াইছে ৷ এওঁলোকে দাবী কৰে যে, ইউ ভি ৰশ্মিয়ে ১০ মিনিটৰ ভিতৰত তেওঁলোকৰ দ্বাৰা নিৰ্মিত মাস্কত সংলগ্ন হৈ থকা ফিল্টাৰ বীজাণুমুক্ত কৰে ৷ ফ্লুঅ’ই নিৰ্মাণ কৰি উলিয়াইছে ‘ফ্ল’’ নামৰ এক সঁজুলি ৷

আপোনাৰ শৰীৰত যেতিয়া ধূলি নাইাবা অন্য অনিষ্টকাৰী পদাৰ্থ প্ৰৱেশ কৰে তেতিয়া এই সঁজুলিয়ে অপোনাৰ শৰীৰক হিস্তামিন উৎপন্ন কৰাত বাধা দিয়ে ৷ আপোনাৰ নাকত ‘ফ্ল’ সুমুৱাব আৰু ইয়াক ১০ মিনিটৰ বাবে অন কৰিব ৷ ‘ফ্ল’ই হিস্তামিনৰ উৎপাদন বন্ধ কৰিবলৈ আৰু ওখহা ৰোধ কৰিবলৈ এক সন্তুলিত হাৰত ৰঙা আৰু এন আই আৰ (নিয়েৰ ইনফ্ৰাৰেড) পোহৰৰ ৱেভলেংথ, শক্তি, ড’ছেজ তথা পাল্‌ছ ষ্ট্ৰাক্সাৰ ব্যৱহাৰ কৰে ৷

ঘৰতে হৃদযন্ত্ৰক সম্পূৰ্ণ নিৰিক্ষণ কৰিবলৈ এইছ ডি মেডিকেলে এক সাত তৰপীয়া ই চি জি, এক তাপমান জোখা চেঞ্চৰ, এটা পাল্‌ছ অক্সিমিটাৰ, হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ শব্দ ৰেকৰ্ড কৰিবলৈ এটা মাইক্ৰ’ফোন, হৃদযন্ত্ৰৰ ঢপঢপনি জুখিবলৈ এটা মিনিটৰ আৰু ৰক্তচাপ জুখিবলৈ এটা চেঞ্চৰ একে ঠাইতে সংলগ্ন কৰি এটা উপকৰণ নিৰ্মাণ কৰি উলিয়াইছে যি এটা গ’প্ৰ’ কেমেৰাতৈও সৰু আৰু যিকোনো লোকেই অতি সহজেই ব্যৱহাৰ কৰিব পাৰিব, লাগিলে তেওঁ প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৰ্ষিত হওকেই বা নহওক ৷

এক সংলগ্ন ৰক্তচাপ কাফৰ জৰিয়তে ‘অমৰণে’ ঘৰতে আপোনাৰ ৰক্তচাপ জুখি ডাক্তৰৰ ওচৰলৈ প্ৰেৰণ কৰাৰ বাবে অতি সহজ উপায় উদ্ভাৱন কৰিবলৈ প্ৰচেষ্টা চলাই আছে ৷ প্ৰতিষ্ঠানটোৰ নতুন অমৰণ “ভাইটেলছাইট কিট” ৰক্তচাপ কাফ আৰু এটা সুৰক্ষিত মডেম-একুইপড ডাটা হাৱৰ সৈতে পোৱা যাব ৷ যি স্বয়ংক্ৰীয়ভাৱে আপোনাৰ ৰক্তচাপৰ তথ্য আপোনাৰ চিকিৎসকলৈ প্ৰেৰণ কৰিব ৷

ভাৰতবৰ্ষৰ শেহতীয়া প্ৰযুক্তিসমূহঃ

ক'ভিড মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভাৰতবৰ্ষত এন্টাৰপ্ৰিনিয়ৰসকলে প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে এই বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ অধিক হাৰত উদ্ভাৱনী কৌশলৰৰ প্ৰয়োগ কৰিবলৈ ধৰিছে ৷ তাৰে কিছু উদাহৰণ হ'ল এনেধৰণৰ-

“ভাৰ্লুপ ডট আই অ’’ হৈছে এক হোৱাটছএপ চ্ছাটব'ট- ইয়াৰ সহায়ত অক্সিজেন চিলিণ্ডাৰ ক্ৰয় তথা বিতৰণ কৰিব পাৰি । লগতে ই এটা ৱেবছাইটৰ জৰিয়তে প্ৰতিষেধকৰ উপলব্ধতাৰ সম্পৰ্কেও তথ্যৰ যোগান ধৰে ৷ মোবাইল নম্বৰৰ সহায়ত নিজ ৰাজ্য আৰু জিলাৰ সম্পৰ্কে তথ্য দি এটা তাৎক্ষণিক অ' টি পি ভেৰিফিকেছনেৰে ৱেবছাইটটোত প্ৰৱেশ কৰাৰ পাছতেই ৱেবছাইটটোৱে পঞ্জীয়নৰ্তাক সঠিক তথ্যৰ যোগান ধৰিব ৷

এনে ধৰণৰ প্ৰস্তুতিৰেই বেংগালুৰুস্থিত অট”মেশ্বন সন্থা ভাৰ্লুপ আই অ’ই মহামাৰীৰ বিৰুদ্ধে চলি থকা ৰণখনত যোগদান কৰিছে ৷ এওঁলোকে মহানগৰসমূহত অক্সিজেন চিলিণ্ডাৰৰ অনুসন্ধান কৰিবলৈ বাৰ্তা বিনিময় কৰিব পৰা হোৱাটছএপ ব’ট প্ৰস্তুত কৰিছে ৷ প্ৰকৃততে ভাৰ্লুপ আই অ’ই কোনো ব্যক্তি তথা চিকিৎসালয়কে ধৰি যি সকলক অক্সিজেনৰ প্ৰয়োজন আছে আৰু যি সকলৰ হাতত অক্সিজেন চিলিণ্ডাৰ মজুত আছে তেওঁলোকৰ মাজত বাৰ্তা বিনিময় কৰাৰ সুবিধা প্ৰদান কৰিছে ৷

কৰ'ণা অ’ভেন- লগ নাইন মেটেৰিয়েলছ, বেংগালুৰুত মুখ্য কাৰ্যালয় থকা এক নেন’টেকনলজী ষ্টাৰ্ট-আপ গোষ্ঠী ৷ এওঁলোকে পোনপ্ৰথমবাৰৰ বাবে এক অনন্য ধৰণৰ ‘কৰ'ণা অ’ভেন’ নামেৰে এবিধ আহিলা নিৰ্মাণ কৰি উলিয়াইছে ৷ ই ইউ ভি-চি ৰশ্মিৰ (২৫৩.৭ এন এম ৱেভলেংথ) প্ৰয়োগ কৰে ৷ এই সঁজুলিবিধে চাৰি মিনিটৰ ভিতৰত যিকোনো ঠাইৰ (বিভিন্ন সামগ্ৰী, ব্যক্তিগত প্ৰতিৰক্ষামূলক সৰঞ্জাম ইত্যাদি) পৰা বেক্টেৰিয়া তথা ভাইৰাছকে ধৰি বিভিন্ন অনিষ্টকাৰী বীজাণুনাশ কৰে ৷

ভিষ্টাৰ এয়াৰ পিউৰিফায়াৰ- এয়াৰ অ’কে, এক দিল্লীস্থিত ষ্টাৰ্ট আপ ৷ এওঁলোকে ই জি এ পি এ (এফিছিয়েন্ট গ্ৰানুলাৰ এবজৰ্বেন্ট পাৰ্টিকুলাৰ এৰেষ্টাৰ) নামৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বায়ুৰ পৰা মুখ্য প্ৰদূষকবোৰ আৰু গেছক আঁতৰাবৰ বাবে এয়াৰ পিউৰিফায়াৰ নিৰ্মাণ কৰে ৷

মিলাগ্ৰ’ চীগাল- ই হৈছে এক চাফাইকাৰী ৰবট ৷ ভাৰতীয় নিৰ্মাণকাৰী সন্থা মিলাগ্ৰ’ৱে উদ্ভাৱন কৰি উলিয়াইছে ৷ ই পৰিস্কাৰ কৰি থকাৰ সময়চোৱাত ব্যৱহাৰকাৰীৰ সঁজুলিত কৰি থকা কৰ্মৰাজীৰ অগ্ৰগতিৰ সম্পৰ্কত চলন্ত বিৱৰণী দেখুৱায় ৷ ৰবটটোৱে বাস্তৱিক সময়ত পৰিস্কাৰ কৰিবলগীয়া পথ চোৱাৰ পৰিকল্পনা কৰি লয় যাতে সময় উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি ৷ এই ৰবট ভেকুৱামটোত এন্টি-বেক্টেৰিয়া, এণ্টি-মাইক্ৰ’বায়েল আৰু এণ্টিভাইৰেল গুণ সন্নিবিষ্ট হৈ আছে ৷ সন্থাটোৱে দাবী কৰে যে, ইয়াৰ জৰিয়তে চিকিৎসালয় আৰু তেনে ধৰণৰ পৰিৱেশত হ’ব পৰা সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব পাৰে ৷

ড’জী- টাৰ্ট্‌ল শ্বেল টেক্ন’লজীয়ে নিৰ্মাণ কৰা সজুলিবিধ হ’ল ড’জী ৷ সন্থাটোৱে দাবী কৰা অনুসৰি, এই সঁজুলিবিধে সঠিকভাৱে ৰোগ নিৰ্ণয় কৰা আৰু ভাল চিকিৎসা প্ৰদান কৰাত সহায় কৰিব ৷ এই সঁজুলিবিধে প্ৰাথমিক অৱস্থাতেই বিভিন্ন ধৰণৰ ৰোগ নিৰ্ণয় কৰাত সহায় কৰিব আৰু চিকিৎসালয়লৈ গৈ বিভিন্ন পৰীক্ষা-নিৰিক্ষাৰ ফলত সময় তথা ধন নষ্ট হোৱাৰ পৰা পৰিত্ৰাণ দিব ৷ ই এক প্ৰকাৰৰ স্মাৰ্ট স্পৰ্শ ৰহিত স্বাস্থ্য মনিটৰ যাক তুলিৰ তলতো ৰাখিব পৰা যাব ৷ ই মেট্ৰিক্সৰ মাধ্যমেৰে কোনো লোকৰ স্বাস্থ্যাৱস্থা যেনে হৃদযন্ত্ৰৰ অৱস্থা, হতাশাগ্ৰস্ততা, টোপনিৰ গুণাগুণ আদিৰ অভিলেখ ৰাখিব ৷

দেশত ব্যাপকভাৱে বিয়পি পৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰযুক্তবিদ্যাই হৈছে এক প্ৰধান অস্ত্ৰ যিয়ে সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা, ঘৰৰ পৰা নিজৰ কাৰ্যালয়ৰ কাম কৰা তথা ঘৰতে সোমাই থকাৰ বাদেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ “গ্ল’বেল হেল্‌থ কেয়াৰ”ৰ লক্ষ্য হ’ল প্ৰযুক্তিবিদ্যাৰ সহায়ত সকলো ঠাইতে সঠিক, বহনক্ষম, সুলভ মূল্যৰ ডিজিটেল প্ৰযুক্তিৰ স্বাস্থ্য প্ৰতিকাৰ সমূহৰ প্ৰয়োগেৰে প্ৰত্যেকৰে স্বাস্থ্যৰ উন্নতি সাধন কৰা ৷

এইখিনিতে লক্ষণীয় কথাটো হ’ল যে, বৰ্তমান সময়ৰ চাহিদা অনুযায়ী আমি কিমান ক্ষীপ্ৰতাৰে নতুন প্ৰযুক্তিৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰো, উদ্ভাৱন তথা সৃষ্টি কৰিব পাৰোঁ ৷ নতুন প্ৰযুক্তিবোৰ যেনে, তাপ সহিঞ্চু প্ৰতিষেধক, মগজুৰ হ’ল’গ্ৰাম, অপ্ট’জেনেটিক্স, মগজুৰ কোষবোৰৰ ক্ৰিয়া-কলাপ নিয়ন্ত্ৰণ কৰাৰ কৌশল, মলিকুলাৰ জীৱশাস্ত্ৰত সম্পন্ন হোৱা শেহতীয়া বিকাশৰ সহায়ত অধিক সক্ষম এণ্টিবডী প্ৰস্তুত কৰা আদি কামবোৰ নিৰলস গৱেষণাৰ মাজেৰে কৰ'ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ সমগ্ৰ বিশ্বজুৰি চলি আছে ৷

বিশ্ব মঞ্চত চিকিৎসা আৰু বৈজ্ঞানিক সমাজে পাৰস্পৰিক সহযোগিতাৰে চমৎকাৰী প্ৰদৰ্শন কৰিছে ৷ শেষত ইয়াকে ক’ব পাৰি যে ক’ভিড-১৯ এক সাধাৰণ দৌৰ নহয় ৷ ই এক মাৰাথনহে আৰু এই মাৰাথন চলি থকালৈকে সাধাৰণ জনতাক সুৰক্ষিত কৰিবলৈ, আমাৰ হাতত মজুত থকা সকলো প্ৰযুক্তি ব্যৱহাৰ কৰি আমি সকলোৱে সহযোগিতাৰে আগবাঢ়িব লাগিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.