ETV Bharat / bharat

Cheetah chopper crash: হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুই সেনা বিষয়ালৈ অন্তিম শ্ৰদ্ধাঞ্জলি - Cheetah helicopter crash in Arunachal

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেঙত সেনাৰ হেলিকপ্টাৰ দুর্ঘটনাত শ্বহীদ দুই সেনা বিষয়াক শেষ শ্ৰদ্ধা তেজপুৰ বায়ুসেনা ঘাটিত । শ্বহীদ হোৱা সেনা বিষয়া দুগৰাকী হৈছে তেলেংগানাৰ লেফ্টনেণ্ট কৰ্ণেল বিনয় ভানু ৰেড্ডী আৰু মাদুৰাইৰ মেজৰ জয়ন্ত এ (Army cheetah helicopter crash) ৷

Last tributes paid to two Army officers
Army cheetah helicopter crash
author img

By

Published : Mar 17, 2023, 5:46 PM IST

তেজপুৰ, 17 মাৰ্চ: অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মাণ্ডালাত বৃহস্পতিবাৰে সেনাৰ হেলিকপ্টাৰ দুর্ঘটনাত শ্বহীদ হয় ভাৰতীয় সেনাৰ দুইগৰাকী বিষয়া লেফ্টনেণ্ট কৰ্ণেল বিনয় ভানু ৰেড্ডী আৰু মেজৰ জয়ন্ত এ ৷ শুকুৰবাৰে তেজপুৰস্থিত ভাৰতীয় বায়ুসেনাৰ শালনিবাৰী বায়ুসেনা ঘাটিত দুয়োগৰাকী সেনা বিষয়াক শেষ শ্ৰদ্ধা জনায় সেনাৰ গজৰাজ কৰ্পছে । দুয়োগৰাকী সেনাৰ বিষয়াক সেনাৰ তৰফৰ পৰা শেষ সন্মান জ্ঞাপন কৰে বায়ুসেনা ঘাটিত (Cheetah helicopter crash in Arunachal Pradesh) ।

শুকুৰবাৰে পশ্চিম কামেং জিলাৰ ডিৰাংৰ চৰকাৰী চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয় সেনা বিষয়া দুগৰাকীৰ । নিহত দুয়োগৰাকী সেনা বাহিনীৰ বিষয়াক তেজপুৰ বায়ুসেনা ঘাটিৰ পৰা বায়ুসেনাৰ বিমানৰে তেলেংগানাৰ হায়দৰাবাদ আৰু মাদুৰাইৰ নিজাগৃহলৈ প্ৰেৰণ কৰে । সন্ধিয়া প্ৰায় ৬ বজাত লেফ্টটেনেণ্ট কৰ্ণেল বিনয় ভানু ৰেড্ডীৰ নশ্বৰ দেহ হায়দৰাবাদত আৰু মেজৰ জয়ন্ত এৰ নশ্বৰ দেহ মাদুৰাইৰ গৃহত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে (Army cheetah helicopter crash) ।

বৃহস্পতিবাৰে নিশা দুয়োগৰাকী বিষয়াৰ নশ্বৰ দেহ ডিৰাং আৰক্ষী থানাৰ অন্তৰ্গত চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ভাৰতীয় সেনা বাহিনীৰ চিতা হেলিকপ্টাৰখন বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত পশ্চিম কামেং জিলাৰ ছাংগেৰ পৰা তেজপুৰলৈ উভতি আহোতে মাণ্ডালাৰ সমীপত এ টি চিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ হেলিকপ্টাৰখনত থকা দুগৰাকী সেনা বিষয়াৰ এই দুৰ্ঘটনাত মৃত্যু ঘটে । তেজপুৰৰ মিছামাৰী সেনা বাহিনীৰ শিবিৰলৈ হেলিকপ্টাৰখন উৰা মাৰিছিল (Cheetah helicopter crash news) ।

লগতে পঢ়ক: Army chopper crash: অৰুণাচল প্ৰদেশত সেনাৰ চিতা হেলিকপ্টাৰ দুর্ঘটনাত শ্বহীদ দুজন সেনা বিষয়া

হেলিকপ্টাৰখন অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাংৰ সমীপত সংযোগ বিচ্ছিন্ন হোৱাৰ পিচত দিনৰ ১১ বজাত উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ যায় । পশ্চিম কামেং জিলাৰ আৰক্ষী অধীক্ষক বি ভাৰত ৰেড্ডীয়ে জনোৱা মতে, প্ৰতিকূল বতৰৰ বাবে সম্ভৱত এই দুর্ঘটনা সংঘটিত হয় । কাৰণ বৃহস্পতিবাৰে উক্ত অঞ্চলত বতৰ যথেষ্ট পৰিমাণে বেয়া আছিল বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে (Arunachal Helicopter crash)।

দুর্ঘটনাগ্ৰস্ত অঞ্চল মাণ্ডালা বুদ্ধৰ ১০৮ টা স্তূপ থকা প্ৰসিদ্ধ পৰ্যটন থলী । এই স্থানৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত্বত ঘন অৰণ্যৰ মাজত পাহাৰৰ পৰা বহু তলত ধ্বংসপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় চিতা হেলিকপ্টাৰখন । উদ্ধাৰকাৰী দলৰ ভিতৰত সেনা, এছ এছ বি, আই টি বি পি, অৰুণাচল আৰক্ষী আৰু স্থানীয় লোক আছিল (Army officers martyred in helicopter crash) ।

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত বিগত সময়চোৱাত সেনাৰ কেইবাখনো হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈ কেইবাজনো সেনা শ্বহীদ হৈছিল । যোৱা অক্টোবৰ মাহত অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত সেনাৰ এখন হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈ ওখ পাহাৰৰ পৰা বহু তলত ভূ-পতিত হৈছিল । দুদিনৰ পিচত উদ্ধাকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ দুজন পাইলটৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Army chopper crash in Arunachal) ।

মনকৰিবলগীয়া যে, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ তুলনাত একমাত্ৰ অৰুণাচল প্ৰদেশত প্ৰত্যেক বছৰেই সেনাৰ হেলিকপ্টাৰ, বিমান যুঁজাৰো বিমান দুর্ঘটনাগ্ৰস্ত হৈ ভূ-পতিত হয় ৷ ফলস্বৰূপে সেনাবাহিনীৰ বহুতো সেনা বিষয়া আৰু জোৱান শ্বহীদ হ’ব লগীয়া হৈছে (Army officers died in Helicopter crash) ।

লগতে পঢ়ক: Arunachal chopper crash: পশ্চিম কামেং জিলাত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

২০২২ চনত অৰুণাচল প্ৰদেশৰ পূব আৰু পশ্চিমত সেনাৰ দুখন হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈ ছজনকৈ লোকৰ মৃত্যু ঘটিছিল । ২০২২ চনৰ অক্টোবৰ মাহৰ ৫ তাৰিখে টাৱাং জিলাৰ জেমিথাঙৰ সমীপত সেনাৰ হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈ এজন পাইলটৰ মৃত্যু হোৱাৰ লগতে একে মাহতে ২২ অক্টোবৰত পূব অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ মিজিং নামৰ ঠাইত বায়ুসেনাৰ ALH Dhurb হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈ পাঁচ জনৰ মৃত্যু হয় । অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে ১৯৯৫ চনৰ পৰা হেলিকপ্টাৰ, বিমান, যুঁজাৰো বিমানকে ধৰি মুঠ ১৪ খন বিমান দুর্ঘটনাগ্ৰস্ত হৈ ৪৯ জন লোকৰ মৃত্যু ঘটিছে (Cheetah helicopter crash in Arunachal)।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.