ETV Bharat / bharat

UP election 2022 : বিয়লি 5 বজালৈ 54.18 শতাংশ ভোটদান - উত্তৰ প্ৰদেশৰ মুঠ বিধানসভা আসন

উত্তৰ প্ৰদেশৰ মুঠ 54 টা সমষ্টিত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ (Last phase of UP election)৷ সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা জিলা কেইখন হৈছে আজমগড়, মাও, যৌনপুৰ, গাজিপুৰ, চান্দৌলী, বাৰাণসী, মিৰ্জাপুৰ, ভাদহী আৰু সোণভদ্ৰ ৷

UP election 2022
UP election 2022
author img

By

Published : Mar 7, 2022, 1:38 PM IST

Updated : Mar 7, 2022, 8:11 PM IST

নিউজ ডেস্ক, 7 মাৰ্চ : সোমবাৰে অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ (Uttarpradesh assembly election) সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ মুঠ 54 টা সমষ্টিত অনুষ্ঠিত হৈছে এই নিৰ্বাচন ৷ জানিব পৰা মতে দিনৰবিয়লি 5 বজালৈ 54.18 শতাংশ ভোটদান হ’ল অন্তিম পৰ্যায়ৰ এই ভোট গ্ৰহণত ৷ চাকিয়া, ৰবাৰ্টচগঞ্জ আৰু দুদ্ধি সমষ্টিত বিয়লি 4 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ বিপৰীতে বাকী কেইটা সমষ্টিত সন্ধিয়া 6 বজাত অন্ত পৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়া (UP election poll) ৷

সপ্তম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা জিলা কেইখন হৈছে আজমগড়, মাও, যৌনপুৰ, গাজিপুৰ, চান্দৌলী, বাৰাণসী, মিৰ্জাপুৰ, ভাদহী আৰু সোণভদ্ৰ ৷ জানিব পৰা মতে, আজমগড়ত 52.31 শতাংশ, ভাদহীত 54.31 শতাংশ, চান্দৌলীত 59.54 শতাংশ, গাজিপুৰত 52.73 শতাংশ, যৌনপুৰত 53.61 শতাংশ, মাওত 55.01 শতাংশ, মিৰ্জাপুৰত 54.95 শতাংশ, সোণভদ্ৰত 56.86 শতাংশ আৰু বাৰাণসীত 52.95 শতাংশ ভোটদান সাব্যস্ত হৈছে ৷ মুঠ 613 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব 54 টা সমষ্টিত ৷

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুঠ বিধানসভা আসনৰ সংখ্যা হৈছে 403 খন ৷ অহা 10 মাৰ্চত ঘোষণা কৰা হ’ব উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ফলাফল (UP election counting date) ৷

লগতে পঢ়ক : Majuli by election: পুৱা 11 বজালৈ মাজুলীত সম্পন্ন 32.40 শতাংশ ভোটদান

Last Updated : Mar 7, 2022, 8:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.