নিউজ ডেস্ক, 26 মাৰ্চ: মেঘালয়ত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ৷ আৰক্ষীৰ তথ্য অনুসৰি, দেওবাৰে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত ৬০ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে (Drugs seized in Meghalaya) ৷
মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈইয়ে জনোৱা মতে, লুমছনং অঞ্চলত এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰা হৈছে ৬০ লাখ টকাৰ হেৰ’ইন ৷ ইষ্ট জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীৰ দলে এই অভিযান চলাই বুলি তেওঁ জানিবলৈ দিয়ে (Drugs Paddler Arrested in Meghalaya)৷
ইয়াৰ পূৰ্বে মাৰ্চৰ দ্বিতীয় সপ্তাহত মেঘালয়ৰ ইষ্ট জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীয়ে ৩২ লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ বেপাৰীক আটক কৰিছিল (Meghalaya Police seized Drugs) ৷
মেঘালয় আৰক্ষীয়ে জনোৱা অনুসৰি এক গোপন সূত্ৰৰ পম খেদি ইষ্ট জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীয়ে জিলাখনৰ লাদ্ৰীম্বাই নামৰ অঞ্চলত এখন বাহন আটক কৰি গাড়ীখনৰ পৰা ৩২ লাখ টকাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে ৷ আৰক্ষীয়ে তিনিজন লোকক আটক কৰে আৰু নগদ ৫৪,০০০ টকাৰ লগতে তিনিটা মোবাইল ফোন আৰু গাড়ীখন জব্দ কৰে (Meghalaya Police Arrested Drugs Paddler) ৷
মেঘালয়ৰ ডিজিপি এল আৰ বিষ্ণই কয়, "পূব জৈন্তিয়া পাহাৰ জিলা আৰক্ষীৰ এটা দলে এখন বাহনৰ পৰা ৭২ কিলোগ্ৰাম গাঁজা জব্দ কৰে আৰু দুজন লোকক আটক কৰে।" তেওঁ লগতে কয় যে, "জব্দ কৰা ভাংখিনি গাড়ীৰ গোপনে লুকুৱাই ৰখা হৈছিল ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত চলি আছে।"
আনহাতে, মাহটোৰ আৰম্ভণিতে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) বিষয়াসকলে পূব জয়ন্তীয়া পাহাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৯০ লাখ টকাৰ অবৈধ চুপাৰি কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে, এক বিবৃতিত বিএছএফে কয় (BSF seized processed betel nuts in Meghalaya) ৷
বিএছএফৰ ১৭২ নং বেটেলিয়নৰ দ্বাৰা অভিযানটো চলোৱা হৈছিল ৷ ঘটনাটোৰ সন্দৰ্ভত দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছিল, বিএছএফে বিবৃতিটোত এনেদৰে কয় ৷
লগতে পঢ়ক:Crime in Guwahati: মহানগৰীত জব্দ প্ৰায় 50 লাখ টকাৰ নিষিদ্ধ চিগাৰেট