নেশ্যনেল ডেস্ক, 4 আগষ্ট : হিমাচল প্ৰদেশৰ চোলান জিলাত মঙলবাৰে ভূমিস্খলনৰ এক ঘটনা সংঘটিত হয় ৷ এই ভূমিস্খলনৰ ফলত অঞ্চলটোৰ এজন যুৱকৰ মৃত্যু হয় ৷ মৃত যুৱকজন উত্তৰ প্ৰদেশৰ কানপুৰৰ জাখিয়ান গাঁৱৰ লালু ৰাম(22) বুলি জানিব পৰা হৈছে ৷ আনহাতে এই ভূমিস্খলনত আন দুজন লোক গুৰুতৰভাবে আহত হয় ৷ আহত লোক দুজন কানপুৰৰ অমৰ সিং(19) আৰু পাৰৱানুৰ ৰাম লাল থাপা (47) ।
হিমাচল প্ৰদেশৰ চোলান জিলাৰ জৰুৰীকালীন অভিযান কেন্দ্ৰ(Emergency Operation Centre) ৰ পৰা পোৱা তথ্য অনুসৰি পুৱতি নিশা পাৰৱানুৰ চেক্টৰ তিনিৰ এখন হোটেলৰ ওচৰত এই ভূমিস্খলন সংঘটিত হয় ৷ চিৰমৌৰ জিলাত সংঘটিত এই ভূমিস্খলনৰ ফলত নাহান-কুমহাৰহাট্টি ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে ৷
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰা অনুসৰি, লাড্ডুৰ ওচৰত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷ ভূমিস্খলনৰ ফলত নাহান-কুমহাৰহাট্টি ৯০৭-A ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ নিশা প্ৰায় ১ বজাত বন্ধ হৈ পৰে ৷ সম্প্ৰতি আৰ্থমুভাৰ আৰু এয়াৰ কম্প্ৰেচাৰৰ জৰিয়তে পথটো মুকলি কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক : #JeeneDo: ধৰ্ষণৰ বিষয়ে উদ্ভট মন্তব্য কৰা দেশৰ একাংশ আগশাৰীৰ লোক